অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুৱেল চৰাই পালনেৰে তিতাবৰৰ দুই যুৱকৰ সফলতা

কুৱেল চৰাই পালনেৰে তিতাবৰৰ দুই যুৱকৰ সফলতা

 

ৰাজ্যজুৰি নিবনুৱা সমস্যাই ভয়াৱহ ৰুপ ধাৰণ কৰাৰ সময়তে তিতাবৰৰ দুজন যুৱকে নিজা প্ৰচেষ্টাৰে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন । কৰ্মসংস্থাপনৰ অভাৱত একাংশ নিবনুৱাই বহি:ৰাজ্যলৈ ঢাপলি মেলাৰ লগতে একাংশই সংস্থাপন বিচাৰি হাবাথুৰি খাই অহাৰ মূহূৰ্ততে এই দুজন যুৱকে ‘কুৱেল’ চৰাই পালনেৰে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে । তিতাবৰৰ কিশোৰ হাজৰিকা আৰু ৰক্তিম শৰ্মা নামৰ যুৱক দুজনে কৰ্মসংস্থাপনৰ অভাৱত পৰি চাকৰিৰ পাছত দৌৰি নাথাকি নিজাববীয়াকৈ গঢ়ি তুলিছে এখন ‘কুৱেল’ চৰাইৰ ফাৰ্ম । অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কিছুমান পৰামৰ্শ লৈ তিতাবৰত গঢ়ি তোলা ‘কুৱেল’চৰাইৰ ফাৰ্মখনৰ পৰা সম্প্ৰতি এই দুজন যুৱকে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজন নিবনুৱাৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে । সাধাৰণতে হাঁহ-কুকুৰা পালনেৰে বহু নিবনুৱা স্বাৱলম্বী হৈ আহিছে যদিও শেহতীয়াকৈ এই কুৱেল চৰাইৰ পালনৰ জৰিয়তে যে অধিক লাভালাভৰ ব্যৱসায় গঢ়ি তুলিব পাৰে সেই দিশটো নিবনুৱাসকলৰ সন্মুখত উন্মোচিত হৈছে । যাৰ ফলত ইতিমধ্যে এই ব্যৱসায়ৰ প্ৰতি উজনি অসমৰ একাংশ নিবনুৱা যুৱক-যুৱতী আকৰ্ষিত হৈছে । লক্ষণীয় যে গৱেষকৰ মতে, কুৱেল চৰাইৰ মাংস আৰু কণীৰ বহু ঔষধি গুণাগুণ আছে । বাইশটাতকৈও অধিক ৰোগৰ প্ৰতিষেধক ক্ষমতা থকা বুলিও গৱেষকে প্ৰকাশ কৰাৰ পাছতে ইয়াৰ মাংস আৰু কণী চাহিদা বজাৰত যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে কিশোৰ হাজৰিকা আৰু ৰক্তিম শৰ্মাৰ অধীনত ২০ খনৰো অধিক কুৱেল চৰাইৰ ফাৰ্ম গঢ় লৈ উঠিছে । ইয়াৰ যোগেদি বহুসংখ্যক নিবনুৱা আত্মনিৰ্ভৰশীল হ’বলৈ আৰম্ভ কৰিছে । এইক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ইলাক্ষী ডেকাই গোটেই প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়াইছে বুলি যুৱকদ্বয়ে জানিবলৈ দিছে । চাকৰিৰ পাছত দৌৰি নাথাকি নিজাববীয়াকৈ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হোৱা এই দুজন যুৱকৰ ৯৮৫৪৭-৯৭০৭৫ নতুবা ৯৮৫৪৮-২৮৫২১ নম্বৰত যোগাযোগ কৰি ইচ্ছুক নিবনুৱা যুৱক-যুৱতীয়ে কুৱেল চৰাই পালন সম্পৰ্কত তথ্য লাভ কৰিব বুলি জনাইছে।

লেখক: প্ৰণৱজ্যোতি কলিতা

উৎস: নিয়মীয়া বাৰ্তা

 

 

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate