অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি, মীন পালনেৰে স্বাৱলম্বনৰ নিদৰ্শনঃ

কৃষি, মীন পালনেৰে স্বাৱলম্বনৰ নিদৰ্শনঃ

 

মনৰ উদ্যম, সাধনা আৰু একাগ্ৰতা থাকিলে যিকোনো অসাধ্যকো যে অনায়াসে সাধন কৰিব পাৰি তাৰেই চাক্ষুচ নিদৰ্শন দাঙি ধৰিছে বাক্‌সা জিলাৰ এগৰাকী উচ্চশিক্ষিত ব্যক্তিয়ে। সৰুৰে পৰা বিভিন্ন ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈ অহা এইগৰাকী ব্যক্তিয়ে কৰ্মকে নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হিচাপে গণ্য কৰি সম্প্ৰতি হৈ পৰিছে আনৰ বাবে স্বাৱলম্বনৰ এক আদৰ্শ। কৰ্মৰ উপৰি এগৰাকী ভাল শিক্ষক হিচাপেও অঞ্চলটোত পৰিচিত এই ব্যক্তিগৰাকী হ’ল বৰমা নগৰৰ পৰা প্ৰায় বিশ কিল’মিটাৰ নিলগৰ বাক্‌সা জিলাৰ মুৰকুছিয়াপাৰাৰ সনাতন তালুকদাৰ। মুৰকুছিয়াপাৰা নিবাসী প্ৰয়াত ধৰণীধৰ তালুকদাৰ আৰু গহন তালুকদাৰৰ একমাত্ৰ পুত্ৰ সনাতন তালুকদাৰে পিতৃৰ বিয়োগৰ পাছতে সন্মুখীন হৈছিল বিভিন্ন ঘাত-প্ৰতিঘাতৰ। শিক্ষাৰ লগতে কৃষিকৰ্মৰ প্ৰতি সৰুৰে পৰা ধাউতি থকা তালুকদাৰে ১৯৯৩ চনত স্নাতক উত্তীৰ্ণ হোৱাৰ পাছতে ওচৰৰে মুৰকুছিয়াপাৰা হাইস্কুল নামৰ এখন অপ্ৰাদেশীকৃত বিদ্যালয়ত যোগদান কৰাৰ সমান্তৰালকৈ আৰম্ভ কৰিছিল কৃষিকৰ্ম। ঘৰৰ চৌহদৰ লগতে থকা প্ৰায় ১৩ বিঘা মাটিত এপদ-দুপদকৈ আৰম্ভ কৰিছিল কলগছ, তামোল-পাণ, নেমুটেঙাৰ খেতি। লগতে আৰম্ভ কৰিছিল এটি মাছ পোহা পুখুৰীও। প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ কথা চিন্তা কৰি তালুকদাৰে ইয়াৰ উপৰি ৰোপণ কৰিছিল গমাৰি, শালৰ লগতে কেইবাটাও প্ৰজাতিৰ গছ। শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিক সুচাৰুৰূপে পালন কৰাৰ সমান্তৰালকৈ আগবঢ়াই নিছিল কৃষিকৰ্মৰ লগতে মাছ পোহা কাম। প্ৰায় দহ বছৰ ধৰি অপ্ৰাদেশীকৃত বিদ্যালয়ত কাম কৰাৰ পাছতে সেই বিদ্যালয়খনৰ পৰা চাকৰি বাদ দি পূৰ্ণোদ্যমে লাগি পৰে কৃষিৰ লগতে মীন পালনৰ কামত। এই কামত প্ৰতি পলে সহযোগিতা আগবঢ়াইছিল সহধৰ্মিণী কুসুম তালুকদাৰে। এটা পুখুৰীৰ পৰা সম্প্ৰতি তালুকদাৰৰ ১৩ বিঘাৰ ভূমিত পাঁচটাকৈ বৃহৎ মাছ পোহা পুখুৰীৰ লগতে চাৰিওফালে কলগছ, নেমুটেঙাৰ লগতে প্ৰায় ৩০০ ডাল তামোল গছ আৰু প্ৰতিডাল তামোলতে পাণ। তালুকদাৰে জনোৱা অনুসৰি প্ৰতি সপ্তাহত তেওঁৰ বাগানত থকা কল, নেমু টেঙা, পাণ বিক্ৰী কৰিয়ে প্ৰায় ৪-৫ হাজাৰ টকা উপাৰ্জন কৰাৰ লগতে সময়ে সময়ে পাঁচটা পুখুৰীত থকা মাছ বিক্ৰী কৰিও উপাৰ্জন হয় বৃহৎ পৰিমাণৰ ধন। যিয়ে তেওঁৰ কৰ্মস্পৃহা আৰু দুগুণে বৃদ্ধি কৰিছে।

(উৎসঃ দৈনিক জনমভূমি, অখিল কাকতী)।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate