অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাগলী আৰু মৎস্য পালনেৰে স্বাৱলম্বন

ছাগলী আৰু মৎস্য পালনেৰে স্বাৱলম্বন

নগাঁৱৰ ৰূপজ্যোতিয়ে দেখুৱাইছে নিদৰ্শন

উঠি অহা প্ৰজন্মৰ মাজত ক্ৰমশ: বৃদ্ধি পোৱা চাকৰিমুখী প্ৰৱণতাক নস্যাৎ কৰি মৎস্য পালন আৰু ছাগলী পালনেৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য বান্ধি লৈছে নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুজীডাঁহৰ এজন যুৱকে। নাম তেওঁৰ ৰূপজ্যোতি বৰা (মন) । এই শিক্ষিত নিৱনুৱা যুৱকজনৰ পিতৃ পূৰ্ণকান্ত বৰায়ো কোনো চাকৰি নকৰি কৃষিকৰ্ম আৰু ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হৈছে। পিতৃৰ পদাংক অনুসৰণ কৰি তেওঁৰ তিনিপুত্ৰ নৱজিত বৰা (ৰাজু), ৰূপজ্যোতি বৰা (মন) আৰু দেৱজিত বৰায়ো (দীপ) কৃষি আৰু ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লক্ষ্য হৈছে। ৰূপজ্যোতি বৰাই নিজৰ টেম্প’ আৰু যান বাহন চলাই উপাৰ্জন কৰা প্ৰায় সাত হাজাৰ টকাৰে দুজনী ছাগলী ক্ৰয় কৰিছিল। এটা বছৰতে তেওঁৰ ছাগলী ক্ৰয় কৰাৰ মূলধন ওলাই যায়। বৰ্তমান এই দুজনী ছাগলীৰ পৰা জন্ম হোৱা ছাগলী আৰু ক্ৰয় কৰা ছাগলীৰে সৈতে বহুকেইজনী ছাগলী আছে। ৰূপজ্যোতিয়ে জনোৱা মতে, ছাগলী পালন কৰাটো যদিও কষ্টসাধ্য, তথাপি ই এক লাভজনক ব্যৱসায়। কিয়নো প্ৰতিজনী ছাগলীয়ে বছৰেকত দুবাৰত চাৰিটা পোৱালি জন্ম দিয়ে। পোৱালি কিছু ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰিলে ১৫০০ ৰ পৰা ২০০০ টকা পোৱা যায়। প্ৰাপ্তবয়স্ক ছাগলী বিক্ৰী কৰিলে ৩০০০ টকাৰ পৰা ৫০০০ টকা পোৱা যায়। তেওঁ জনোৱা মতে, ছাগলী পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু বৰষুণৰ দিনত গছৰ পাত কাটি খাদ্য হিচাপে যোগান ধৰিব লাগে। ইপিনে, ৰূপজ্যোতি বৰাই মৎস্য পালনো কৰিছে। নিবনুৱা যুৱকজনৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি হাতীচোং মৌজাৰ মৌজাদাৰ বিমল বৰাই তেওঁৰ ২ বিঘাৰো অধিক মাটিৰ এটা পুখুৰী মৎস্য পালনৰ বাবে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। সম্প্ৰতি বিমল বৰাৰ পুখুৰীটোত বিভিন্ন প্ৰকাৰৰ মাছ এৰিছে ৰূপজ্যোতিয়ে। ৰূপজ্যোতিয়ে জনোৱা মতে, কোনো মাছৰ পোনা কিলোগ্ৰাম হিচাপে আৰু কিছু মাছৰ পোনা ‘গোট’ হিচাপে ক্ৰয় কৰে। বৰ্তমানলৈ মৎস্য পালনত তেওঁৰ ৪০ হাজাৰৰো অধিক ধন খৰচ হৈছে। বৰাই জনোৱা মতে, মাছৰ খাদ্য হিচাপে তেওঁ সৰিয়হৰ পৰা প্ৰস্তুত কৰা খলিহৈ, উঁই হাফলু আদি ব্যৱহাৰ কৰে। খৰালি কালত পুখুৰীত পানী কমিলে পাম্পৰ জৰিয়তে পানী দিয়াৰো ব্যৱস্থা কৰি ৰাখিছে তেওঁ। ৰূপজ্যোতি বৰাই ভৱিষ্যতে কোনো প্ৰতিষ্ঠান অথবা চৰকাৰীভাৱে ঋণ পালে এখন বৃহৎ আকাৰৰ ফাৰ্ম খোলাৰ লক্ষ্য ৰাখিছে। এই ফাৰ্মত আকাৰৰ ফাৰ্ম খোলাৰ লক্ষ্য ৰাখিছে। এই ফাৰ্মত তেওঁ হাঁহ, ছাগলী, মুৰ্গী আদি ৰখাৰ ব্যৱস্থা কৰিব। বৰাই পুখুৰীত ৰৌ, খৰিয়া, গ্ৰাছকাৰ্প, কমনকাৰ্প, ঢেকেৰা আদি বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰিছে। এয়া প্ৰথম প্ৰয়াস বুলি মন্তব্য কৰি তেওঁ কয় যে অনাগত সময়ত বৰ্দ্ধিতভাৱে এই প্ৰচেষ্টাক ফলৱতী কৰাৰ চেষ্টা কৰিব। উল্লেখ্য, ৰূপজ্যোতি বৰায়ো কাঠফুলা খেতি আৰু ব্ৰয়লাৰ ফাৰ্মৰ লগত জড়িত। গ্ৰামাঞ্চলত মৎস্য পালন আৰু ছাগলী পালনৰ দ্বাৰা লাভান্বিত হ’ব পাৰি বুলি মন্তব্য কৰি তেওঁ উঠি অহা প্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত হ’বলৈ আহ্বান জনায়। উল্লেখ্য,  প্ৰথম প্ৰচেষ্টা হ’লেও অথবা সৰুকৈ হ’লেও ৰূপজ্যোতি বৰাৰ দৰে শিক্ষিত নিবনুৱাই কৰ্ম সংস্কৃতিৰ যি চানেকি দাঙি ধৰিছে ই আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

লিখক: চন্দনজ্যোতি বৰা, নগাঁও, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate