অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলকীয়া খেতিত আশাপ্ৰদ সফলতা ধুবুৰী জিলাৰ কৃষকৰ

জলকীয়া খেতিত আশাপ্ৰদ সফলতা ধুবুৰী জিলাৰ কৃষকৰ

ধুবুৰী জিলাৰ ধুবুৰী, বিলাসীপাৰা আৰু শালমাৰা-মানকাচাৰ মহকুমাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত বৈজ্ঞানিক পদ্ধতিত নিজা কৌশলেৰে জলকীয়া খেতি কৰি বহু লোক লাভান্বিত হৈছে। কৃষিক্ষেত্ৰত পোকৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত কৃষি বিভাগৰ পৰা কোনো সহায় অবিহনে কৃষকসকলে নিজৰ চেষ্টাৰে প্ৰস্তুত কৰা ঔষধ ব্যৱহাৰ কৰি সুফল লাভ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে জিলাখনৰ মানকাচাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত ভালেসংখ্যক কৃষকে জলকীয়াৰ খেতি কৰি আহিছে। দিয়াৰা, ওখৰাবাৰী, জোৰদাংগা, কুচনিমাৰী, কানাইমাৰা, ঝালেৰচৰ, সুখচৰ, কেকামাৰী, পুৰাণ সুখচৰ আদি অঞ্চলকে ধৰি মানকাচাৰৰ প্ৰায় ২০ খন গাঁৱৰ বিভিন্ন ঠাইত প্ৰতি বছৰেই কৃষকে জলকীয়াৰ খেতি কৰি স্থানীয় লোকৰ চাহিদা পূৰণৰ উপৰি পাৰ্শ্বৱৰ্তী মেঘালয়লৈ জলকীয়া ৰপ্তানি কৰি আহিছে। বৈজ্ঞানিক পদ্ধতিৰ আলমত কৃষকে জলকীয়া উৎপাদন কৰি আহিছে যদিও কৃষি বিভাগৰ পৰা উচিত পৰামৰ্শ নোপোৱাত পোকৰ আক্ৰমণৰ কবলত পৰা খেতি ডৰা ৰক্ষা কৰাৰ বাবে কষ্ট কৰিবলগীয়া হৈছে জিলাখনৰ বিলাসীপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচাৰ মহকুমাৰ কৃষকসকলে। উল্লেখ্যযোগ্য যে বিলাসীপাৰা আৰু ধুবুৰী মহকুমাৰ কিছুমান অঞ্চলত আৰু দক্ষিণ শালমাৰা-মানকাচাৰ মহকুমাৰ বহুতো অঞ্চলত এবিধ বিশেষ পোকে এইবাৰ জলকীয়া খেতিলৈ সৰ্বনাশ মাতি অনা পৰিলক্ষিত হৈছিল। কৃষকসকলে উপযুক্ত সময়তে কৃষি বিভাগ তথা মহকুমা প্ৰশাসনক অৱগত কৰিও কোনো পৰামৰ্শ নোপোৱাত কৃষকসকলে আলু খেতিৰ পোক নিয়ন্ত্ৰণ কৰাৰ দৰে জলকীয়া খেতিতো নিজস্ব চেষ্টাৰে ঔষধ ব্যৱহাৰ কৰি পোক নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে।

লিখক: আশীকুৰ ৰহমান, ধুবুৰী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate