অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক চাহ খেতিৰে স্বাৱলমম্বী হৈছে তিনিচুকীয়াৰ ধীৰেন মৰাণ :

জৈৱিক চাহ খেতিৰে স্বাৱলমম্বী হৈছে তিনিচুকীয়াৰ ধীৰেন মৰাণ :

 

ক্ষুদ্ৰ চাহ খেতিৰে শিক্ষিত-অশিক্ষিত নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও কেঁচাপাতৰ উঠা-নমা দৰ, ঔষধৰ মূল্য বৃদ্ধি, শ্ৰ্মিকৰ হাজিৰা বৃদ্ধিয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাধমাৰ শোধোৱাৰ সময়তে জৈৱিক পদ্ধতিৰে চাহ খেতি কৰাৰ উপৰি পকা পাতো তৈয়াৰ কৰি এগৰাকী খেতিয়ক লাভৱান হ’বলৈ সক্ষম হৈছে । তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ গাখীৰভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ধূলিজদান গাঁওৰ ধীৰেন মৰাণ নামৰ ক্ষুদ্ৰ চাহ খেতিয়কগৰাকীয়ে ২০১০ চনৰ পৰা জৈৱিক পদ্ধতিৰে চাহ খেতি কৰিবলৈ ধৰে।

জৈৱিকভাৱে চাহ খেতি কৰিবলৈ ধৰাত বাগিচাৰ বাবে ঔষধ-পাতি, ৰাসয়নিক সাৰ ক্ৰয় কৰি থলুৱাভাৱে পোৱা গছ-লতিকা, পাত, গো-মূত্ৰ আদিৰে ঔষধ,ৰাসয়নিক সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ নিজে তৈয়াৰ কৰি প্ৰয়োগ কৰাত প্ৰথমেই বাহিৰলৈ ওলাই যোৱা টকা ৰাহি হয় । কেঁচা পাত উৎপাদন কিছু হ্ৰাস পালে যদিও ঔষধ, সাৰৰ নামত ওলাই যোৱা ধনৰ ৰাহিয়ে আয়ত কোনো প্ৰভাৱ নেপেলালে। তথাপি জৈৱিক কেঁচা পাতেৰে ২০১৬ চনৰ পৰা পকা পাতো তৈয়াৰ কৰিব ধৰে। পকা পাত তৈয়াৰৰ বাবে প্ৰয়োজনীয় চাহৰ গ্ৰীণ টী বনাই প্ৰতিকিলোত এহাজাৰ টকাকৈ বিক্ৰী কৰে । ২০১৬ চনৰ পৰা দুবিঘা বাগিচাৰ উৎপাদিত পাতেৰে গ্ৰীণ টী বনাই প্ৰতিকিলোত ঘৰতে এহাজাৰ টকাকৈ বিক্ৰীৰে লাভ্ৰ মুখ দেখিবলৈ সক্ষম হৈছে ।

 

লেখক : নৱজ্যোতি মৰাণ (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate