পশ্চিম নলবাৰীত যোৱা বছৰ দুটাকৈ বানপনীয়ে বিস্তৃত খেতিপথাৰৰ ক্ষতি সাধন কৰাত বহুতো মাটি ছন পৰি ৰয়। ফলত কৃষিৰ ওপৰতে নিৰ্ভৰশীল বহু পৰিয়ালৰ অৱস্থা অতি শোচনীয় হয়। সমগ্ৰ অঞ্চলটোৰ প্ৰায় পাঁচ হেজাৰ বিঘা ছন পৰি ৰোৱা কৃষিভূমিত তেওঁলোকে বিভিন্ন ৰবি শস্যৰ খেতি কৰে। কোনোৱে নিজাববীয়াকৈ, কিছুৱে গোট, আকৌ কিছুৱে ফাৰ্ম খুলি সৰিয়হ, আলু, মটৰ, মচুৰ, বিন, কবি, বিলাহী আদিৰ খেতি কৰে। বিস্তৃত অঞ্চলটোত সৰিয়হৰ খেতিয়েই অধিক হয়। অঞ্চলটোৰ নদলা, বৰপিত, গামাৰীমূৰ, সনোৰো, পখুৰা, আমনি আদি খেতিপথাৰসমূহ দেখিলে এনে লাগে যেন এখন হালধীয়া চাদৰহে পাৰী থৈছে। চকুৰে মণিব নোৱাৰালৈ কেৱল সৰিয়হৰ হালধীয়া ফুল। এই প্ৰতিবেদকে অঞ্চলটোৰ কেইগৰাকীমান কৃষকক লগ ধৰি জানিব বিচৰাত তেওঁলোকে কয় যে সমগ্ৰ অঞ্চলটোৰ প্ৰায় তিনিহাজাৰ বিঘা কৃষিভূমিত সৰিয়হৰ খেতি কৰা হৈছে। আলু, কবি, বিলাহী, বিন আদি প্ৰায় দুহেজাৰ বিঘা কৃষিভূমিত খেতি কৰা হৈছে। এই আটাইবোৰ নিজৰ গাঁঠিৰ ধন ভাঙি, কিছু স্ংখ্যকে সুতলৈ লৈ হ’লেও খেতি কৰিছে। নদলা পথাৰত প্ৰায় ৬০ বিঘা মাটিত সৰিয়হৰ খেতি কৰা ‘থানে কৃষি পাম’ৰ সদস্যসকলে প্ৰতিগৰাকী সদস্যই টকা তুলি এই ৬০ বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে বুলি কয়, সাৰ-বীজ-ঔষধ আদি তেওঁলোকে নিজা খৰচত স্ংগ্ৰহ কৰিছে বুলি জনায়।
চন্দন তালুকদাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/10/2020
অৰ্কিডৰ বিষয়ে কিছু কথা
উপকাৰী বাহক
দোৰোণ ফুলৰ উপকাৰিতা
অপৰাজিতা ফুলৰ ঔষধি গুণ