অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাচলি খেতিৰে লাভৱান বাক্সা জিলাৰ আদৰ্শ কৃষক ৰমেশ দাস

পাচলি খেতিৰে লাভৱান বাক্সা জিলাৰ আদৰ্শ কৃষক ৰমেশ দাস

বাক্সা জিলাৰ বাক্সা ৰাজহ চক্ৰৰ অহোপা গাঁৱৰ ৰমেশ দাসে(৬০) ইতিমধ্যে অঞ্চলটোত এগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। প্ৰয়াত নৰেশ্বৰ দাসৰ পুত্ৰ ৰমেশ দাসে তেওঁৰ কৃষি কৰ্মত পৰিয়ালৰ আটাইকেইগৰাকী সদস্য ক্ৰমে পত্নী সাৱিত্ৰী দাস, পুত্ৰ মোহন দাস আৰু বোৱাৰীগৰাকীৰ সক্ৰিয় সহায় লাভ কৰে। ভূমিহীন ৰমেশ দাসে গাঁৱৰে সংঘৰ দখলত থকা ডেকা নদীৰ পাৰৰ ৮ব বিঘা পতিত মাটি লীজত লৈ খেতি কৰি আহিছে। দাসে বছৰি সাত হাজাৰ টকাত লীজত লৈ এই মাটিডোখৰত খেতি কৰি অহা ১৬ বছৰ হৈ গ’ল। তেওঁ কৃষিকাৰ্যত উচ্চ উৎপাদনক্ষম বীজ আৰু আৱশ্যক অনুসৰি পৰিমিত পৰিমাণত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বছৰে বছৰে লাভৱান হৈ আহিছে। এতিয়ালৈ তেওঁ কোনো বিভাগীয় প্ৰশিক্ষণ গ্ৰহণ কৰা নাই যদিও বিজনীৰ মহেন্দ্ৰ ৰায় নামৰ লোক এজনৰপৰা কৃষিকাৰ্যৰ যাৱতীয় দিহা-পৰামৰ্শ লাভ কৰি আহিছে। মহেন্দ্ৰ ৰায় কৃষি বিভাগত প্ৰশিক্ষণপ্ৰাপ্ত লোক হোৱা বাবে তেওঁৰ পৰামৰ্শ গ্ৰহণেৰে কৃষি কাৰ্য সম্পাদন কৰি ৰমেশ দাস বহু পৰিমাণে উপকৃত হৈছে।

ৰমেশ দাসে খৰালি কালত আগতীয়াকৈ বন্ধা কবি, ওল কবি আৰু ফুল কবি উৎপাদন কৰে। মাজৰ সময়খিনি বাদ দি পুনৰ তেওঁ পলমকৈ উৎপাদন কৰে বন্ধা কবি আৰু ওল কবি। তদুপৰি তেওঁ বেঙেনা, বিলাহী পানীলাউ, জলকীয়া, ৰঙালাউ, আলু আদিৰো খেতি কৰে। বাৰিষাকালত ধান খেতিৰ উপৰি লেচেৰা, ভেণ্ডি, জিকা, তিয়ঁহ, কেৰেলা, জলকীয়া আদিও লাভজনকভাৱে উৎপাদন কৰে। কৃষিকাৰ্যত অন্যান্য ব্যয়ৰ উপৰি ঘৰুৱা ব্যয় বাদ দি তেওঁ বছৰি প্ৰায় এক লাখ টকাকৈ লাভ অৰ্জন কৰে।

কৃষি কৰ্মত দাসৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্য জড়িত হোৱাৰ উপৰি তেওঁ পাঁচ-ছজনকৈ লোকক হাজিৰাত খটুৱায়। এগৰাকী লোকক তেওঁ মাহেকীয়া দৰমহাৰ হিচাপত বাৰ মাহেই নিয়োগ কৰে। তেওঁৰ উৎপাদিত ফচলবোৰ ঘৰতে ব্যৱসায়ী আহি পাইকাৰী মূল্যত ক্ৰয় কৰি লৈ যায়। তেওঁ নিজেও মুছলপুৰ, থমনা, আঠিয়াবাৰী আদি বজাৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰে। তেওঁ উৎপাদন কৰা পাচলিয়ে বজাৰত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে। কাৰণ তেওঁৰ উৎপাদিত লেচেৰা, কবি, বেঙেনা, আদি পাচলি অতি সোৱাদযুক্ত বুলি বজাৰত এটা সুনাম আছে। কৃষিৰ লভ্যাংশৰে তেওঁ যোৱা বছৰ এখন অটোভান ক্ৰয় কৰিছে। এতিয়া তেওঁ নিজাকৈ খেতিৰ মাটি অলপ ক্ৰয় কৰাৰ বাবেও চিন্তা কৰিছে।

লিখকঃ হৰিহৰ দাস, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate