অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাণ খেতিৰে স্বাৱলম্বী হোৱা পৰিয়ালটিঃ

পাণ খেতিৰে স্বাৱলম্বী হোৱা পৰিয়ালটিঃ

 

কামৰূপ জিলাৰ মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত মালাৰা টুক গাঁৱৰ এটি পৰিয়ালে বিগত প্ৰায় ৩৬ বছৰে পাণ খেতিৰে জীৱিকা নিৰ্বাহ কৰি আহিছে। পৰিয়ালটোৰ মুৰব্বী লংকেশ্বৰ নাথ পেছাত কাঠমিস্ত্ৰী আছিল। প্ৰায় ৩৬ বছৰ পূৰ্বে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সেই সময়ৰ জনপ্ৰিয় অনুষ্ঠান কৃষি জগতত কম ভূমিতে পাণ খেতি কৰি কেনেদৰে লোক স্বাৱলম্বী হ’ব পাৰে সেই বিষয়ে পৰিৱেশন কৰা এক অনুষ্ঠান শুনি পাণ খেতিৰ বাবে আগ্ৰহী হৈ পৰিছিল লংকেশ্বৰ নাথ। সেইদিনাই কাঠমিস্ত্ৰীৰ সৰঞ্জাম ত্যাগ কৰি পাণ খেতিৰে স্বাৱলম্বী হোৱাৰ সংকল্প লৈছিল লংকেশ্বৰ নাথে। পত্নী হীৰণ নাথক সহযোগী কৰি লৈ নিজৰ বস্তিৰ প্ৰায় আঢ়ৈ কঠা মাটিত নব্বৈৰ দশকৰ কোনোবা এটা শুভ দিনত লংকেশ্বৰ নাথে আৰম্ভ কৰে পাণ খেতি। এই পাণ খেতিৰ জৰিয়তে দুই সন্তানৰ পিতৃ নিজৰ কন্যাৰ বিয়াৰ লগতে পুত্ৰ ভূপেন নাথক শিক্ষক হিচাপে প্ৰতিষ্ঠিত দিবলৈ সক্ষম হৈছে। ২০০৫ত পূৱ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰা পুত্ৰ ভূপেন নাথেও সৰুৰে পৰা পাণ খেতিত পিতৃ-মাতৃক সহযোগ কৰি আহিছে। বৰ্তমানো তেওঁ বিদ্যালয়ৰ পৰা আহি আৰু চৰকাৰী বন্ধৰ দিনত পাণ খেতিত মনোনিৱেশ কৰে। পাণ খেতিৰ জৰিয়তে লংকেশ্বৰ নাথৰ পৰিয়ালে বছৰি প্ৰায় তিনি লাখ টকা (মাহিলী ২৫ হেজাৰ প্ৰায়) উপাৰ্জন কৰে বুলি প্ৰতিবেদকক জানিব দিয়ে। এই পাণ খেতিৰ উপাৰ্জনেৰে আজিৰ পৰা ২২ বছৰ পূৰ্বে লংকেশ্বৰ নাথে ঘৰতে বহুৱাই লৈছে এটি ধানবনা কল। খেতি কৰিও যে যথেষ্ট উপাৰ্জন কৰি এটা পৰিয়াল স্বাৱলম্বী হ’ব পাৰে নতুন প্ৰজন্মৰ বাবে তাৰ উৎকৃষ্ট তথা অনন্য নিদৰ্শন দাঙি ধৰিছে লংকেশ্বৰ নাথৰ পৰিয়ালটোৱে।

(উৎসঃ অসমীয়া খবৰ, জামান ওৱাহেদুৰ খণ্ডকৰ)।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate