অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেঙেনা খেতিৰে আৰ্থিক ভেটি গঢ়িছে লাহৰীঘাটৰ যুৱক

বেঙেনা খেতিৰে আৰ্থিক ভেটি গঢ়িছে লাহৰীঘাটৰ যুৱক

ব্যৱসায়-বাণিজ্য আদিকে ধৰি সকলো কাৰ্যতে আগবাঢ়িবলৈ হ’লে মূলতঃ প্ৰয়োজন হয় মূলধন। মূলধন অবিহনে কোনো ধৰণৰ্ কামেই নহ্য। মূলধন থাকিলেও কিন্তু লোকজনৰ লাগিব কৰ্মৰ প্ৰতি উদ্যম আৰু সাহস। এনে এগৰাকী উদ্যমী আৰু সৎ সাহসী যুৱক হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হুগুলতলি গাঁৱৰ ফকৰুল ইছলাম। বান-খহনীয়াত বিধ্বস্ত এই যুৱকজনৰ মূলধন নতুবা ভূমি একোৱেই নাছিল। কিন্তু যুৱকজনৰ আছিল সৎ সাহস আৰু মনৰ উদ্যম। এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান এই যুৱকজনে কিছু বছৰৰ পূৰ্বে আনৰপৰা ৫০০ টকা ধাৰলৈ লৈ প্ৰথমবাৰৰ বাবে আনৰ মাটি চুক্তিত লৈ বেঙেনা খেতি আৰম্ভ কৰিছিল। যুৱকজনে জনোৱা মতে তেওঁ বিগত ছবছৰ ধৰি একেৰাহে কৰি আহিছে বেঙেনাৰ খেতি। কোনো প্ৰশিক্ষণ নোহোৱাকৈ নিজৰ মতেই এইজন যুৱকে বছৰ বছৰ ধৰি কৰি আহিছে উন্নত জাতৰ ক’লা বেঙেনাৰ খেতি। এইবছৰো তেওঁ পাঁচ বিঘা মাটিত কৰিছে ক’লা বেঙেনাৰ খেতি। যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা বৰ্তমানলৈ তেওঁ বেঙেনা বিক্ৰী কৰি আছে। প্ৰতি বিঘা মাটিড় বেঙেনা বিক্ৰী কৰি উদ্যামী যুৱকজনে পাইছে লক্ষাধিক টকা। এতিয়ালৈ এইজন কৃষি অনুৰাগী যুৱকে এইবছৰ ক’লা বেঙেনা বিক্ৰী কৰি পাঁচ বিঘা মাটিত প্ৰায় ৬ লক্ষ টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

লিখকঃ বিষ্ণু ডেকা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate