অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্ণসংকৰ বৰো ধানেৰে উজলিছে তাৰিবাগান খেতিপথাৰ

বৰ্ণসংকৰ বৰো ধানেৰে উজলিছে তাৰিবাগান খেতিপথাৰ

বছৰ বছৰ ধৰি খহনীয়া আৰু বানৰ কবলত পৰি বিধ্বস্ত হোৱা এচাম লোকে কৃষিকৰ্মৰ প্ৰতি বিৰাগভাজন হৈ অন্য কামৰ সন্ধানত চহৰমুখী হ’ব লগীয়া হোৱাত ৰাজ্যৰ কৃষিখণ্ডলৈ দুৰ্যোগ নামি অহিছে। ৰাজ্যৰ কৃষিক্ষেত্ৰখনত সৃষ্টি হোৱা এনে হতাশজনক ছবিখনৰ মাজতে বৰোধান খেতিৰে স্বচ্ছল জীৱনযাপন কৰিছে মহানগৰীৰ পানীখাইতি অঞ্চলৰ প্ৰায় দুশটা পৰিয়ালে।  ৫২ নং দিশপুৰ সমষ্টিৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পানীখাইতী, ৰাজবাৰী আৰু তাৰিবাগান অঞ্চলৰ এই লোকসকলৰ উপাৰ্জনৰ কঠীয়াতলী হিচাপে চিহ্নিত হৈছে পানীখাইতী ৰেলগেটৰ সমীপৰ তাৰিবাগান পথাৰখন। প্ৰায় ১০০০ বিঘা মাটিকালীৰ এই বৃহৎ পথাৰখনত এইবেলি বৰ্ণসংকৰ বৰো ধানৰ খেতি কৰিছে স্থানীয় লোকসকলে। সম্প্ৰতি নদন-বদন হৈ পৰা এই বৰো ধানৰ খেতিত পুহ মাহৰ কঠীয়া পৰাৰ প্ৰস্তুত্তিৰ পৰা জেঠ মাহত ধান চপোৱাৰ সময়লৈ একোবিঘা মাটিত ৫০০০ পৰ্যন্ত খৰচ হয় বুলি জনায় জুলন বিশ্বাস নামৰ কৃষকজনে। ইয়াৰ বিপৰীতে বানত ক্ষতিগ্ৰস্থ নহলে অথবা খেতিত ৰোগ নহলে প্ৰতিবিঘা মাটিত ২৫ মোন পৰ্যন্ত ধান উৎপাদন হয় বুলি কয় কাছেম আলি নামৰ আন এজন কৃষকে। কিন্তু এই বৃহৎ পথাৰখনত এতিয়ালৈ কোনো চৰকাৰী পানী যোগান আঁচনি নথকাত আৰু শেহতীয়া ভাৱে খৰাং বতৰে জুৰুলা কৰাত এইবেলি উৎপাদনৰ কিছু হীন-দেঢ়ি হ’ব বুলি ধাৰণা কৰা হৈছে। খৰাঙৰ বাবেই কোমৰ আলি নামৰ খেতিয়কজনৰ এবিঘা ধানৰ খেতি ‘বিলাত’ নামৰ এবিধ ৰোগে ক্ষতিগ্ৰস্থ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পথাৰখনত জান-জুৰিৰ বাহিৰে পানী যোগানৰ বিশেষ ব্যৱস্থা নথকাত ব্ৰ্ক্ষ্ম্পুত্ৰৰ পৰা পানী স্ংগ্ৰহ কৰি কৃষিভূমিত যোগান ধৰিব পৰা নাই অধিকাংশ খেতিয়কে। এইবেলি একাংশ খেতিয়কে বৰপেটাৰ পৰা ধানৰ বীজ ক্ৰয় কৰিছে বুলি তেওঁলোকে জনায়। ২০১৩ বৰ্ষত চন্দ্ৰ্পুৰ খণ্ডৰ উন্নয়ন বিষয়াৰ কাৰ্য্যলয়ে কিছু পৰিমাণৰ বীজ যোগান ধৰিছিল যদিও সকলো কৃষকে পৰ্যাপ্ত পৰিমাণৰ বীজ লাভ নকৰাত বিভিন্ন ঠাইৰ পৰা বীজ ক্ৰয় কৰি এইখেতি আৰম্ভ কৰিছে।

লিখকঃ গোকুল তালুকদাৰ, নাৰেংগী

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate