অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাকৈ খেতিৰে নিদৰ্শন দেখুৱাইছে খহনীয়াবিধ্বস্ত লাহৰীঘাটৰ যুৱকেঃ

মাকৈ খেতিৰে নিদৰ্শন দেখুৱাইছে খহনীয়াবিধ্বস্ত লাহৰীঘাটৰ যুৱকেঃ

 

লুইতৰ বান-খহনীয়াত বিধ্বস্ত মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়া শালমৰা গাঁৱৰ এজন কৃষক শেহতীয়াভাৱে গাঁওখনৰ একাংশ কৃষকৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হৈ উঠিছে। মাকৈ খেতিত জড়িত হৈ আন কৃষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই কৃষকজনৰ নাম হ’ল ভোগেশ্বৰ বৰদলৈ। অঞ্চলটোত পৰীক্ষামূলকভাৱে মাকৈৰ খেতি আৰম্ভ কৰি আশা কৰাতকৈ অধিক উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ লগতে লাভৰো মুখ দেখিছিল কৃষক ভোগেশ্বৰে। ২০১২ চনৰ পৰা তেওঁ মাকৈৰ খেতিত জড়িত হৈ আছে। প্ৰথম বছৰ ১২ বিঘা, দ্বিতীয় বছৰ ৩০ বিঘা, তৃতীয় বছৰ ৪০ বিঘা মাটিত মাকৈ খেতি কৰা কৃষকজনে চতুৰ্থ বছৰ মাকৈৰ খেতিৰ মাটিৰ পৰিমাণ ৬০ বিঘালৈ বৃদ্ধি কৰে। এনেদৰে প্ৰতি বছৰে মাকৈৰ খেতিৰ পৰিমাণ বৃদ্ধি কৰি অঞ্চলটোৰ আন কৃষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল উদ্যমী কৃষকজনে। কৃষক ভোগেশ্বৰ বৰদলৈৰ উদ্যম প্ৰত্যক্ষ কৰা অঞ্চলটোৰ একাংশ কৃষকেও অঞ্চলটোত মাকৈৰ খেতি কৰিবলৈ লৈছে। জানিব পৰা মতে, তিনিচুকীয়া শালমৰা গাঁৱৰ পথাৰত অঞ্চলটোৰ ৪০ জন কৃষকে এইবাৰ প্ৰায় ৮০০ বিঘা মাটিত মাকৈৰ খেতি কৰিছে। অলপতে এই প্ৰতিবেদক উপস্থিত হৈছিলগৈ তিনিচুকীয়া শালমৰা গাঁৱৰ উদ্যমী কৃষক ভোগেশ্বৰ বৰদলৈৰ ঘৰত। এই সুযোগতে তেওঁলোকৰ মাকৈৰ খেতি পথাৰখনো পৰিদৰ্শন কৰা হয়। লহপহকৈ বাঢ়ি অহা সেউজীয়া মাকৈৰ খেতিৰে ভৰি আছে পথাৰখন। মাকৈৰ খেতিৰে ভৰি থকা এই পথাৰখনত পূৰ্বতে কৰা হৈছিল বড়োধানৰ খেতি। খৰচ আৰু পৰিশ্ৰমৰ বিপৰীতে বড়োধানৰ খেতিত উপাৰ্জন সন্তোষজনক নহয় বুলি জানিবলৈ দিয়ে কৃষক ভোগেশ্বৰ বৰদলৈয়ে। সেইবাবে তেওঁলোকে বড়োধানৰ খেতি বাদ দি মাকৈ খেতিত ধৰে। বড়োধানৰ তুলনাত মাকৈ খেতি লাভজনক খেতি বুলি উল্লেখ কৰি কৃষক বৰদলৈয়ে ক’লে এবিঘা খেতিত ১০-১১ কুইণ্টল মাকৈ উৎপাদন হোৱাৰ বিপৰীতে উৎপাদন ব্যয় হয় ২,২০০-২,৫০০ টকা। উল্লেখ্য যে এই লাভজনক খেতিবিধ আৰম্ভ কৰি প্ৰথম অৱস্থাত ভয় খাইছিল কৃষক ভোগেশ্বৰে। ভয়ৰ কাৰণ আছিল বহুতে কৈছিল তেওঁলোকৰ পথাৰখনৰ মাটি মাকৈ খেতিৰ বাবে উপযোগী নহয় বুলি, কিন্তু তাৰ এক সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবিহে পৰিলক্ষিত হ’ল। উৎপাদন যথেষ্ট আশাপ্ৰদ আছিল তথা তেওঁ লাভৰো মুখ দেখে। ইয়াৰ পিছৰে পৰা ভোগেশ্বৰ বৰদলৈয়ে খেতিৰ পৰিমাণ বৃদ্ধি কৰি পূৰ্ণোদ্যমে মাকৈৰ খেতিত জড়িত হয়। এনেদৰে মাকৈৰ খেতিৰ বাবে অঞ্চলটোত উজলি উঠে কৃষক ভোগেশ্বৰ। এইজন কৃষককে দেখি শেহতীয়াভাৱে অঞ্চলটোৰ আন কৃষকেও মাকৈৰ খেতি আৰম্ভ কৰে। চলিত বৰ্ষত ৪০ গৰাকী কৃষকে ৮০০ বিঘা মাটিত মাকৈৰ খেতি কৰিছে। ভোগেশ্বৰ বৰদলৈয়েও নিজাববীয়াকৈ ৩০ বিঘা মাটিত কৰিছে মাকৈৰ খেতি। অৱশ্যে পূৰ্বৰ তুলনাত বৰদলৈয়ে এইবাৰ খেতিৰ পৰিমাণ কমাইছে। লাভজনক হোৱাৰ পাছতো এইবাৰ তেওঁ এই খেতিৰ পৰিমাণ কমোৱাৰ কাৰণ উপযুক্ত বজাৰৰ অভাৱ বুলি উল্লেখ কৰে। যোৱা বছৰ কৃষকজনে উৎপাদন কৰা মাকৈ বিক্ৰী কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। সেইবাবেই লাভজনক হোৱা স্বত্ত্বেও তেওঁ খেতিৰ পৰিমাণ অনিশ্চাকৃতভাৱে হ্ৰাস কৰিবলৈ বাধ্য হয়। মাকৈৰ এখন প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ থকাৰ পাছতো চৰকাৰ তথা কৃষি বিভাগে অঞ্চলটোৰ কৃষকৰ স্বাৰ্থত এখন উপযুক্ত বজাৰ তৈয়াৰ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য আগবঢ়োৱা পৰিশ্ৰমী কৃষক ভোগেশ্বৰ বৰদলৈয়ে মৰিগাঁও জিলা কৃষি বিভাগৰ ভূমিকাতো অসন্তুষ্টি প্ৰকাশ কৰে। অসন্তুষ্ট কৃষকজনে কৃষি বিভাগৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। কৃষি বিভাগৰ পৰা খেতিবিধৰ ক্ষেত্ৰত দিয়া পৰামৰ্শ লাভ কৰাটো দূৰৈৰ কথা, আজিলৈকে তেওঁলোকে কৃষি বিভাগৰ কোনো লোকৰ মুখেই দেখা নাই অঞ্চলটোত। উল্লেখ্য যে তিনিচুকীয়া শালমাৰা গাঁওখন মৰিগাঁও জিলা কৃষি বিভাগৰ গেৰুৱা কৃষিচক্ৰৰ অন্তৰ্গত অঞ্চল।

(উৎসঃ অসমীয়া খবৰ, প্ৰদীপ চন্দ্ৰ ডেকা)।

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate