অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীনভিত্তিক কাম-কাজেৰে প্ৰতিষ্ঠিত প্ৰসন্ন শইকীয়া

মীনভিত্তিক কাম-কাজেৰে প্ৰতিষ্ঠিত প্ৰসন্ন শইকীয়া

দৰ্ং জিলাৰ সদৰ মঙ্গলদৈ চহৰৰ সমীপৱৰ্তী জোনাৰাম চৌকাৰ পাৰ্শ্বৱৰ্তী কবিকাৰা গাঁৱৰ চফল ডেকা প্ৰসন্ন শইকীয়া। দেশ, জাতি আৰু মানুহৰ বাবে কিবা কৰাৰ তাড়নাতে ১৯৮৮ চনত তেওঁ যোগ দিছিল নিষিদ্ধ সংগঠনত। সুদীৰ্ঘ দুটা দশক স্ংগঠনৰ বিভিন্ন দায়িত্ব পালন কৰি ২৭ নং বেটেলিয়নৰ বিত্ত সম্পাদকৰ দায়িত্বত থাকোতে কাৰাবাস খাটিবলগীয়া হৈছিল শইকীয়াই। জেলত থাকোতেই অসমৰ গ্ৰাম্য অৰ্থনীতিক ৰুঢ় বাস্তৱৰ পটভূমিৰে যুকিয়াই চোৱাৰ এক সুযোগ মিলে প্ৰসন্ন শইকীয়াৰ। বিভিন্ন অধ্যয়ণ আৰু সংগঠনকালীন অভিজ্ঞতাক সৰোগত কৰি তেওঁ সিদ্ধান্ত ল’লে মাটি আৰু পানীৰ লগত জড়িত হৈ নিজে স্বনিয়োজিত হোৱাৰ লগতে অনুজসকললৈ এক আদৰ্শনীয় চানেকী দাঙী ধৰাৰ। যেনে সিদ্ধান্ত, তেনে কাম।

শইকীয়াই ২০০৯ চনত কাৰাগাৰৰপৰা মুক্তি পায়েই নিজ গাঁৱতেই আৰম্ভ কৰিলে কৃষিভিত্তিক কাম-কাজ। পিতৃৰ দিনৰে চাৰিটা পুখুৰী আছিল যদিও নাছিল কোনো বিজ্ঞানসন্মত মীন পালন। এইখিনিৰ লগতে প্ৰকাণ্ড বাৰীখনো আছিল অব্যৱহৃত, অৱহেলিত আৰু পৰিত্যক্ত। এইখিনি সমলক লৈ যি হয় দেখা যাওকচোন বুলি ভাবি প্ৰসন্নই পোনতেই আৰম্ভ কৰে মীন পালন আৰু সমন্বিত মীন আৰু উদ্যান শস্যৰ খেতি। মূলধনী বিনিয়োগৰ বাবে কাষ চাপে ভাৰতীয় ষ্টেট বেংকৰ। বেংকেও কে চি চি ঋণ আঁচনিৰ অধীনত ত্ৰিশ হাজাৰ টকা আগবঢ়ায়। তাৰ পিছত মীন পালন সম্পৰ্কীয় কাৰিকৰী সহযোগিতাৰ বাবে কাষ চাপে জিলা মীন বিভাগৰ। এনেকৈয়ে পুৰ্ণগতিত চলে প্ৰসন্ন শইকীয়াৰ সপোন দিঠকত পৰিণত কৰাৰ আখৰা। প্ৰথম বছৰতে তেওঁ দেখে অপ্ৰত্যাশিত লাভৰ মুখ। তাৰ পিছত আৰু শইকীয়াই পাছলৈ উভতি চোৱা নাই। বিভিন্ন ন ন উদ্ভাৱনী চিন্তা আৰু পৰীক্ষা-নিৰীক্ষাৰে অব্যাহত ৰাখিছে মীন পালনৰ জয়যাত্ৰা। উদাহৰণস্বৰুপে, পোনাৰ গুণগত মানত কোনো আপোচ নকৰিবলৈ তেওঁ পোনা স্ংগ্ৰহ কৰে নৈৰ পৰা। স্মৰ্ত্ব্য যে নৈ বা প্ৰাকৃতিক জলাশয়ত স্বত:স্ফুৰ্তভাৱে উতপাদিত পোনাৰ গুণগত মান তুলনামূলকভাৱে বহু ওপৰত। সমান্তৰাল ভাৱে চলাই যায় উদ্যান শস্যৰ খেতিও। প্ৰতিবছৰে লাভাংশৰ ধন কিছু বিনিয়োগ কৰি সম্প্ৰসাৰণ কৰি যায় পামৰ পৰিসৰ। স্ংযোজিত হয় ন ন কৌশল আৰু প্ৰযুক্তি। বৰ্তমান শইকীয়াৰ ছটা পুখুৰীৰ জৰিয়তে ৰুপায়িত হৈ আছে মীন পালন আৰু সমন্বিত ধান আৰু মীন পালন গোট দুটা সুকীয়া। পোনা প্ৰতিপালনেৰে নিজৰ বাবে গুণগত মানৰ আঙুলি জোখৰ (ফিংগাৰলিং)খিনিৰ যোগান সুনিশ্চিত কৰাৰ উপৰি ৰাহিখিনি স্থানীয় মীনপালকসকলক সুলভ মূল্যত যোগান ধৰে। নিজস্ব উদ্ভাৱনী চিন্তাৰ সুপ্ৰয়োগেৰে স্থানীয় থলুৱা প্ৰজাতিৰ মাছবোৰক প্ৰাকৃতিক পৰিৱেশত পৰীক্ষামূলকভাৱে পালন কৰে প্ৰসন্নই।

শেহতীয়াকৈ অঞ্চলটোত দুগ্ধ উন্নয়নৰ লক্ষ্যৰে’ নৰ্থ-ইষ্ট অভিজ্ঞানম’ নামৰ এটা বেচৰকাৰী স্ংগঠন খুলি স্থানীয় যুৱক-যুবতীক সামৰি লৈ গো-ধন উন্নয়ন, দুগ্ধ উতপাদন আৰু শৃংখলাবদ্ধ তথা মানস্ংযোজিত দুগ্ধজাত সামগ্ৰী বিপণনৰ ব্যৱস্থা কৰা হৈছে। স্ংগঠনটোৰ সমন্বয়কৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছে প্ৰসন্নই। সংস্থাৰ তত্বাৱধানত ‘গো-ধন গোপাল’ আঁচনিৰ জৰিয়তে শতাধিক গো-পালকক স্ংগঠিত কৰি সু-শৃংখলিত পৰিক্ৰমাৰে দৈনিক উতপাদিত হয় প্ৰায় ১০০০ লিটাৰ গাখীৰ।গাখীৰৰ পৰ উতপাদিত দুগ্ধজাত সামগ্ৰী যেনে-দৈ, ক্ৰীম, ঘিউ, পনীৰ আদি চহৰৰ কেইবাটাও অঞ্চলত স্বাস্থ্যসন্মত্ভাৱে বিক্ৰিৰ ব্যৱস্থা কৰে স্ংগঠনটোৱে। এইদৰে পাইছে আন দহজন যুৱকে নিয়োগ-স্ংস্থাপন। কেৱল মীন পালনৰ পৰা প্ৰসন্নৰ সকলো খৰছ বাদ দি বছৰেকত থাকে তিনিলাখমান টকা। সকলোখিনি ধৰিলে অংকটো হ’বগৈ ৬-৭ লাখমান। সতভাৱে, মানসিক প্ৰসান্তিৰে আন পেছাত এনে লাভালাভ সতকাই বিৰল। তদুপৰি প্ৰসন্নৰ মীন পামত আন দহজন শিক্ষিত নিবনুৱা যুৱকে পাইছে জীৱিকাৰ সমল। অলপতে ভুৱনেশ্বৰৰ কেন্দ্ৰীয় অলৱনিয় জলৰ জলস্ংবৰ্দ্ধন প্ৰতিষ্ঠানৰ বিজ্ঞানী দল এটাই প্ৰসন্নৰ পাম পৰিদৰ্শন কৰি ভূয়সী প্ৰস্ংশা কৰাৰ লগতে যাৱতীয় নিদান আৰু পৰামৰ্শ প্ৰদান কৰিছে। কৃষিভিত্তিক কাম-কাজখিনিৰ জৰিয়তে অৰ্থনৈতিক উত্তৰণৰ সমান্তৰালভাৱে প্ৰসন্নই অঞ্চলটোত সামাজিক উন্নয়নৰ বাবেও যতপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। তেওঁ দাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি আৰু বিবেকানন্দ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত। প্ৰসন্নই প্ৰমাণ কৰি দিছে যে সামাজিক চেতনাবোধ, সুচিন্তিত সমাজ উত্তৰণমূলক কাম-কাজ আৰু কৃষিভিত্তিক জীৱিকা উপাৰ্জনেৰে ধৰাতেই সৰগ ৰচিব পাৰি। প্ৰসন্নৰ মতে, আমাৰ গাৱৰ মাটি-পানী-জলবায়ুতে লুকাই থাকে জীৱন আৰু জীৱিকাৰ সমল। এইখিনিক সফলভাৱে ব্যৱহাৰ কৰি কৃষি বিপ্লৱৰ জোৱাৰেৰে সকলোৰে বাবে আত্মমৰ্যাদাৰে মূলসুঁতিত আত্মস্ংস্থাপন সম্ভৱ। পিতৃ, পত্নী,পুত্ৰৰে এটি আদৰ্শনীয় চানেকী। আপুনিও তেওঁৰ লগত বাৰ্তালাপ কৰি (৯৯৫৭৭-৫৫৪৬৭)আৰু অধিক তথ্য আহৰণ কৰাৰ লগতে লাভান্বিত হ’ব পাৰে।

লিখক: ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate