অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্ট্ৰবেৰী খেতিৰে আত্মনিৰ্ভৰশীলঃ

ষ্ট্ৰবেৰী খেতিৰে আত্মনিৰ্ভৰশীলঃ

 

কৃষি হৈছে দেশৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ অন্যতম চালিকা শক্তি। কৃষিখণ্ডত বিভিন্ন সময়ত চৰকাৰে উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি আহিছে যদিও সকলো স্তৰৰ কৃষকক আঁচনিসমূহে উপকৃত কৰিব পৰা নাই। এইক্ষেত্ৰত সম্প্ৰতি চৰকাৰে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰাটো অতি প্ৰয়োজন। ইপিনে যি সময়ত ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পোৱা নিবনুৱা সমস্যাত জৰ্জৰিত বহু লোকে সংস্থাপন বিচাৰি হাহাকাৰ কৰাৰ সময়তে একাংশই বিভিন্ন কৰ্মক্ষেত্ৰত আগবাঢ়ি আহি দেখুৱাইছে আদৰ্শ। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা গড়মৰা গাঁও পঞ্চায়ত এলেকাৰ যোৰপুখুৰী গাঁৱত ৬ জন কৃষকৰে গঠিত বিথোবাই আত্মসহায়ক গোটে আঢ়ৈ বিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰি এতিয়া দূৰ-দূৰণিৰ গ্ৰাহকৰ পৰা পাইছে সঁহাৰি। যোৰপুখুৰী গাঁওৰ বিথোবাই আত্মসহায়ক গোটৰ সদস্য ক্ৰমে অতুল মুছাহাৰী, পাউল নাৰ্জাৰী, গাবৰেল স্বৰ্গীয়াৰী, নেলচন মুছাহাৰী, দৈমু মুছাহাৰী আৰু জন লাহশ্ৰী নামৰ এই ছয়জন লোকে বিভিন্ন ধৰণে কৃষিকাৰ্যৰ লগতে এইবাৰ আঢ়ৈ বিঘা মাটিত কৰিছে ষ্ট্ৰবেৰী খেতি। জিলা কৃষি বিভাগে ষ্ট্ৰবেৰী পুলি যোগান দিছিল এই কৃষকসকলক। ইয়াৰ বিপৰীতে তেওঁলোকে প্ৰতি বিঘাত ৩৫ হেজাৰ টকা খৰচ কৰিছে এই খেতিত। প্ৰথমবাৰ এইসকল কৃষকে ষ্ট্ৰবেৰী খেতি কৰি লাভৰ মুখ দেখিবলৈ বুলি আমাক জানিবলৈ দিয়ে। তেওঁলোকে কৰা ষ্ট্ৰবেৰী খেতি লহপহকৈ হৈছে। এইসকল কৃষকে কৰা ষ্ট্ৰবেৰী প্ৰতি কেজিত ৬০০ টকাকৈ বিক্ৰী হৈছে। আনহাতে যোৰপুখুৰীত ষ্ট্ৰবেৰী বিচাৰি বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকৰ ভিৰ। ইফালে তেওঁলোকে জানিবলৈ দিয়া মতে ষ্ট্ৰবেৰীৰ পুলি অক্টোবৰ মাহত লগাব লাগে আৰু এপ্ৰিল মাহলৈকে ইয়াৰ ফল ছিঙিব পাৰি। এবাৰ লগোৱা ষ্ট্ৰবেৰী ফলৰ গছৰ পৰা তিনি বছৰ ফল ছিঙিব পাৰি। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ষ্ট্ৰবেৰী ক্ৰয় কৰাৰ বাবে বিথোবাই আত্মসহায়ক গোটৰ লগত যোগাযোগ কৰাত তেওঁলোক উৎসাহিত হৈ পৰিছে।

 

(উৎসঃ অসমীয়া খবৰ, বিপুল ফয়েল)।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate