অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সোণাৰী চাপৰিত আলু খেতিৰে কৃষকৰ সেউজ বিপ্লৱ সূচনা :

সোণাৰী চাপৰিত আলু খেতিৰে কৃষকৰ সেউজ বিপ্লৱ সূচনা :

 

বান আৰু প্ৰাকৃতিক দুৰ্যোগে কোঙা কৰা সোণাৰী চাপৰীৰ বৃহত্তৰ কেঁকুৰি অঞ্চলৰ ৰাইজে সলনি কৰিলে কৃষি পদ্ধতি । সাঁচতীয়া গাঁঠিৰ ধন আৰু হাড় ভগা শ্ৰ্মকে উপজীব্য কৰি ঢকুৱাখানা মহকুমাৰ বৃহত্তৰ কেঁকুৰি অঞ্চলত ৩ শতাধিক দুখীয়া গ্ৰাম্য শ্ৰ্মজীৱীয়ে আলু খেতিৰে সূচনা কৰিছে সেউজ বিপ্লৱৰ ।মহকুমা কৃষি বিভাগৰ আমোলা-বিষয়াৰ পদধুলা নপৰা সোণাৰী চাপৰীৰ বৃহত্তৰ কেঁকুৰি অঞ্চলৰ শ্ৰ্মজীৱী কৃষকৰ লিৰলস প্ৰ্চেষ্টাত আৰম্ভ হৈছে আলু বিপ্লৱৰ । প্ৰায় ৯৫ শতাংশ কৃষিজীৱী ৰাইজৰ বসতিস্থল কেঁকুৰি অঞ্চলৰ কৃষকে শালী বাঁও ধানৰ খেতিৰ  পৰিৱৰ্তে বড়ো ধানৰ উপৰি মাহ, সৰিয়হ, আলু-পিঁয়াজ, নহৰু, ৰঙালাউ খেতিৰে লাভান্বিত হৈ পৰিয়াল পোহপাল দি অহাৰ লগতে শেহতীয়াকৈ সূচনা কৰিছে আলু বিপ্লৱৰ। নিজৰ সঞ্চিত পুঁজি আৰু শাৰীৰিক শ্ৰমকে মুলধন হিচাপে লৈ ভাটি কেঁকুৰি গাঁৱৰ লংকেশ্বৰ খনিকৰে সূচনা কৰা আলু বিপ্লৱত বৰ্তমান দেহে-কেহে খাটিছে কেঁকুৰি অঞ্চলৰ প্ৰতিটো পৰিয়াল। সোৱনশিৰি ৰাজহ চক্ৰৰ গোঁহাই মৌজাৰ সোণাৰি চাপৰি আৰু কেঁকুৰি দুই গ্ৰামাঞ্চলীয় কৃষিজীৱী ৰাইজে চলিত বৰ্ষত প্ৰায় ৭০০ বিঘা কৃষিভূমিত নিজস্ব সঁচ আৰু শ্ৰ্মেৰে আলু খেতি কৰি সূচনা কৰিছে সেউজ বিপ্লৱৰ । মহকুমা কৃষি বিভাগক প্ৰত্যাহ্বান জনাই দুই গ্ৰামাঞ্চলীয় ৰাইজৰ আশাসুধীয়া প্ৰচেষ্টাই নিজকে স্বাৱলম্বন কৰাৰ উপৰি কৃষি অৰ্থনীতিলৈকো মেটমৰা সম্ভাৰ কঢ়িয়াই আনিছে । বিগত বৰ্ষসমূহত কৃষি অৰ্থনীতি টনকিয়াল কৰাত লক্ষনীয়ভাৱে সফল হৈছে যদিও শ্ৰ্মজীৱী ৰাইজে ভোগ কৰি অহা সীমাহীন সমস্যাই সকলোকে ব্যথিত কৰি আহিছে । কৃষি বিশেষজ্ঞৰ পৰামৰ্শ আৰু সহায়ৰ অবিহনেই নিজস্ব পদ্ধতিৰে কৰি অহা আলু খেতিৰ প্ৰতি বিঘা ভূমিত আঢ়ৈৰ পৰা তিনি কুইন্টল আলু বীজ ৰোপন কৰিব লাগে । এইক্ষেত্ৰত বীজ সংৰক্ষণত প্ৰ্ধানত: সমস্যাৰ সম্মুখীন হৈ আহিছে দুখীয়া কৃষকসকল । থলৱা পদ্ধতিৰে সঁচ স্ংৰক্ষণ কৰি মুখ থেকেচা খাই অহা কৃষকে গাইপতি ৩/৭ বিঘা মাটিৰ বাবে বীজ সংৰক্ষণ কৰা সম্ভৱ নহয় । সেয়ে গঞা ৰাইজে সমূহীয়াভাৱে লগ হৈ জিনজিয়া নাইবা অৰুণাচলৰ প্ৰদেশৰ হিমগৃহলৈ আলুৰ বীজ মজুত ৰাখিবলৈ বাধ্য হয় । কিন্ত্ত সঁচ সৰবৰাহ আৰু সংৰক্ষণ প্ৰক্ৰিয়াটোতে সঁচৰ মূল্য বাদ দিও প্ৰতিকেজি আলুত ব্যয় কৰিব লগা হয় ৫ টকাকৈ । ইয়াৰ সমান্তৰালকৈ আহি পৰে মাটি চহোৱা । সাৰ, কীটনাশক, প্ৰয়োগ আৰু শ্ৰমিক নিয়োগৰ ব্যয় । তৎসত্ত্বেও বৃহত্তৰ সোণাৰি চাপৰি কেঁকুৰি অঞ্চলৰ আলুৱে ঢকুৱাখানা, লখিমপুৰ, মাজুলী, যোৰহাট, ধেমাজী, শিৱসাগৰ জিলাৰ বৃহৎ বজাৰ দখল কৰি আহিছে যদিও বজাৰত আলুৰ যথা সময়ত নিম্নগামী দৰে কৃষকক আশাহত কৰিও আহিছে । ইমানৰ পিছতো অঞ্চলটোৰ প্ৰায় ৩ শতাধিক কৃষকে ১ৰ পৰা ৭/৮ বিঘালৈকে আলু খেতি কৰি কৃষি অৰ্থনীতিৰ লগত গ্ৰাম্য অৰ্থনীতিৰো ভেটি সুদৃঢ় কৰি অহা কৃষকে এখন নিয়ন্ত্ৰিত বজাৰ আৰু শীতলীকৰণ ভঁৰাল ঘৰৰ অভাৱত ভুগি অহাৰ পিছতো এইবাৰ কৃষকসকলে প্ৰায় ৭০০ বিঘাৰো অধিক ভূমিত আলু খেতিৰে প্ৰচুৰ উৎপাদনৰ আশাৰে নামি পৰিছে আলু খেতিৰ সেউজ বিপ্লৱ ।

লেখক - ৰাজেশ কুমাৰ বুঢ়াগোহাঁই (নিয়মীয়া বাৰ্তা)

 

 

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate