অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সফল কৃষক ফনী বৰা

সফল কৃষক ফনী বৰা

১৯৭৪ চন। যোৰহাট জিলাৰ টিয়ক বুঢ়াকুৰি গাঁৱৰ সোনাৰাম বৰাৰ পুত্ৰ ফনী বৰাই হাইস্কুলৰ ডেওনা পাৰ হৈ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰাক-স্নাতক মহলাত নামভৰ্ত্তি কৰিলেহি মনত অলেখ আশা লৈ। সময়ত পৰীক্ষাৰ ফলাফলো ওলাল-সুখ্যাতিৰে উত্তীৰ্ণ হ’ল ফনী বৰা। কিন্তু পৰীক্ষা দি ঘূৰি যোৱা এই ল’ৰাটোৰহে পুনৰ উভতি অহা নহ’ল স্নাতক মহলাত নাম লগাবলৈ। পিতৃৰ আকস্মিক মৃত্যুৱে ঘৰখনলৈ নমাই আনিলে দুৰ্যোগৰ অমানিশা। পৰিয়ালটোৰ দায়িত্ব কান্ধত লৈ ফনী বৰা বাধ্য হ’ল শিক্ষা জীৱনৰ যৱনিকা পেলাবলৈ। এক যৌথ পৰিয়াল-খেতিৰ মাটি মাথোঁ ৬ বিঘা, নাই কোনো হালোৱা গৰু। ফলত ফনী বৰা নামৰ সদ্য যৌৱনপ্ৰাপ্ত সেই যুৱকে বাচি ল’লে লোকৰ ঘৰত খেতি কৰাৰ কাম। লোকৰ ঘৰত খেতিৰ সমান্তৰালভাৱে সেই সামান্য সুবিধাখিনিকেই মূলধন কৰি নিজৰ মাটিখিনিও চহ কৰি লগে লগে আৰম্ভ কৰিলে ঘৰৰ খেতিৰ কাম।

অইনৰ খেতিৰ কামৰ লগতে নিজৰ মাটিখিনিত খেতি কৰা এই কামটো ফনী বৰাৰ বাবে মসৃণ নাছিল। কিন্তু নিষ্ঠা, একাগ্ৰতা আৰু সময়ৰ সদব্যৱহাৰৰ জৰিয়তে সেই কষ্টকৰ পথো ফনী বৰাই হেলাৰঙে অতিক্ৰম কৰিবলৈ সক্ষম হ’ল। অইনৰ মাটি আধি লৈ বিজ্ঞানসন্মত পদ্ধতিৰে দিনে নিশাই পথাৰত ব্যস্ত হৈ থাকি সেই মাটিৰ পৰাই ফনী বৰাই সোণগুটি বুটলিবলৈ সক্ষম হ’ল। বৰাৰ এনে প্ৰচেষ্টা আৰু অধ্যৱসায় সক্ষম হ’ল। বৰাৰ এনে প্ৰচেষ্টা আৰু অধ্যৱসায় দেখি বহুসংখ্যক লোকে বৰাকহে আধিয়াৰ হিচাপে লৈ খেতিৰ মাটি দিবলৈ আগ্ৰহী হৈ উঠিল।

এনেদৰেই বৰাই লাহে লাহে গঢ়ি তুলিলে নিজৰ ২৩ বিঘা কৃষিভূমিৰে সৈতে এক বিশাল চৌহদ। সমন্বিত কৃষি পদ্ধতিৰে পৰিকল্পিতভাৱে ১৮ বিঘা মাটিত বিভিন্ন উদ্যান শস্য, ৰবি শস্য আৰু খাৰিফ বতৰৰ শাক-পাচলিৰ লগতে অইন ২৮ বিঘা মাটিত কৰিবলৈ ল’লে শালি ধানৰ খেতি। আঢ়ৈ বিঘা মাটিকালিৰ পুখুৰীত মীন পালন, গাখীৰৰ বাবে চাৰিজনী বৰ্ণসংকৰ আৰু থলুৱা জাতৰ গাইৰ উপৰি দুশৰো অধিক হাঁহ-কুকুৰা পালন কৰি ফনী বৰাই মোহাৰি পেলালে অতীতৰ দাৰিদ্ৰ্যজৰ্জৰ স্মৃতি। ঘৰতেই কেঁচুসাৰ উৎপাদন গোট স্থাপন আৰু আবতৰীয়া পাচলি উৎপাদনৰ বাবে দুটাকৈ প্লাষ্টিক সেউজ গৃহ স্থাপন কৰি ফনী বৰা অকল অঞ্চলটোৰেই নহয়, জিলাখনৰো এজন আদৰ্শ কৃষকলৈ পৰিৱৰ্তিত হ’ল। পাৱাৰ টিলাৰ, পাম্পচেট, স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থা, বিভিন্ন ক্ষুদ্ৰ কৃষি সঁজুলিৰে বৰাৰ কৃষিভূমি সমৃদ্ধ হ’ল।

মৃদুভাষী বৰাই নিজৰ কৃষিকাৰ্য্যত আগবঢ়োৱা বিভিন্ন সহায় আৰু পৰামৰ্শ আদিৰ বাবে কৃষি বিভাগ, কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড আদিৰ কথা কৃতজ্ঞতাৰে সোঁৱৰে। এনেবোৰ বিভাগ বা অনুষ্ঠানৰ সহায় আৰু অনুপ্ৰেৰণাতে তেওঁ যোৰহাট জিলাৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰাৰ লগতে ২০০১ বৰ্ষত পূৱ মণ্ডলৰ দ্বিতীয় শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। কৃষি বিভাগৰ সৌজন্যত বৰাই ৰাজ্যৰ লগতে বাহিৰৰো বিভিন্ন অগ্ৰণী প্ৰতিষ্ঠানত প্ৰশিক্ষণৰ সুযোগ লাভ কৰি নিজৰ অভিজ্ঞতাৰ ভঁৰাল সমৃদ্ধ কৰিছে। ২০০৮ চনত নতুন দিল্লীত অনুষ্ঠিত চাৰ্ক সন্মিলনত তেওঁ অসমৰ একমাত্ৰ কৃষক প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰাৰো সুবিধা লাভ কৰিছিল। বৰাৰ পৰা জানিব পৰা মতে নিজৰ কৃষিক্ষেত্ৰত হোৱা সকলো ব্যয় বাদ দি তেওঁ বাৰ্ষিক প্ৰায় দুই লাখ টকা লাভ আহৰণ কৰি আহিছে। এই পৰিমাণ আৰু বাঢ়িব বুলি তেওঁ আশাবাদী।

লিখক: দিলীপ কুমাৰ গগৈ।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate