অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাৱলম্বিতাৰ অন্য এক নাম কল্যাণী গগৈ

স্বাৱলম্বিতাৰ অন্য এক নাম কল্যাণী গগৈ

 

শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ পানী দিহিংগীয়া গাওঁ। দিহিং নৈৰ কাষৰীয়া এখন গাওঁ। ইয়াৰ প্ৰতিগৰাকী মহিলাৰ তাঁতশালৰ লগত আছে এক আত্মিক সম্পৰ্ক। তেওঁলোক একোগৰাকী পাকৈত শিপিনী । কিন্তু কেৱল নিজৰ প্ৰয়োজন অনুসৰিহে কাপোৰ বয় তেওঁলোকে। এইখন গাঁৱৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰী কল্যাণী গগৈ, তেওঁৰ মনলৈ আহিল গাঁৱৰ মহিলাসকলৰ বাবে আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ পৰিকল্পনা। তেওঁ শৈশৱৰে পৰা প্ৰত্যক্ষ কৰি আহিছিল দেউতাকে ২৬ বিঘা মাটিত মুগা চোমনি পালন কৰা। মাটিখিনি নানা তৰহৰ গছেৰে ভৰা যদিও মুগা পুহিব পৰাকৈ প্ৰয়োজনীয় গছো আছিল। ২০০২ চনৰ পৰা তেওঁ মুগাশিল্পত মনোনিৱেশ কৰে আৰু লগতে চাহখেতিও আৰম্ভ কৰে। সম্পুৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে দুয়োবিধ শিল্প তেওঁ বৰ্তমানলৈকে চলাই আহিছে। শিৱসাগৰ অঞ্চলক মুগা পুহিবৰ বাবে উপযুক্ত ঠাই হিচাপে ভাবি লৈ কল্যাণী গগৈয়ে গাঁৱৰ মহিলাসকলক মুগা, পাটমুগা, এৰীমুগা পালন কৰাৰ প্ৰতি উৎসাহিত কৰিলে। প্ৰত্যেকৰে ঘৰত যিহেতু তাঁতশাল আছেই, গতিকে মুগাশিল্প আৰু তাঁতশিল্পৰ জৰিয়তে মহিলাসকলে নিশ্চয় উপাৰ্জনৰ পথ মুকলি কৰিব পাৰিব। পৰিকল্পনামতেই সদৌ অসম ৰেচম শিল্প সংস্থাৰ সম্পাদক কল্যাণী গগৈয়ে ২০১৫ বৰ্ষত সেইসময়ৰ শিৱসাগৰৰ উপায়ুক্ত মহোদয়ৰ সহযোগত কেইলাখমান টকাৰ অনুদান লাভ কৰে। সেই অৰ্থ সাহায্যৰে মহিলাসকলক একত্ৰিত কৰি আৰম্ভ কৰে মুগাশিল্প আৰু বয়ন শিল্পৰ ব্যৱসায়। দিহিং নৈৰ পাৰৰ প্ৰায় ২৫ বিঘা মাটিত আৰম্ভ কৰিলে তেওঁলোকে মুগা পালন। লগতে এৰীপলু, পাটপলু, আদিও সমান্তৰালভাৱে পালন কৰিবলৈ ধৰিলে।

চেনেহী মাতৃৰ নামেৰে ‘পিতলা এৰী, মুগা, পাট সূঁতা উৎপাদন কেন্দ্ৰ’ মুকলি কৰি কেন্দ্ৰীয় ৰেচম ব’ৰ্ডত পঞ্জীয়নভুক্ত কৰে। এই কেন্দ্ৰটিতে পুৰণি আৰু অত্যাধুনিক সা-সৰঞ্জামৰ সহায়ত মুগা-পাট, এৰীৰ চাদৰ, মেখেলা- চাদৰ, চোলা, গামোচা, পাগুৰি, চেলেং , ৰিহা আদি বিভিন্ন ধৰণৰ আমাৰ পৰম্পৰাগত সাজ-পাৰ বৈ উলিওৱা হয়। সেইবোৰ বজাৰত বিক্ৰী কৰাৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিগত প্ৰয়োজন অনুসৰি অৰ্ডাৰ মতেও প্ৰস্তত কৰি বিক্ৰী কৰা হয়। অসমৰ বিভিন্ন ঠাইৰ বস্ত্ৰমেলা, প্ৰদৰ্শনী আদিত অংশগ্ৰহণ কৰিও সাজ-পাৰসমূহ বিক্ৰী কৰি উপাৰ্জন কৰে তেওঁলোকে।নিজৰ কৰ্মনিষ্ঠা, ইচ্ছাশক্তি, উৎসাহিত মনটোৰ বাবেই কল্যাণী গগৈৰ উদ্যোগত এই গাঁৱৰ মহিলাসকলে নিজৰ গৌৰৱৰ মুগাশিল্প আৰু বয়নশিল্পই জীয়াই ৰখাৰ লগতে তেওঁলোকৰ কৰ্মনিপুণতা, স্বাৱলম্বিতাই আন মহিলাসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব।

উৎস: নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 1/23/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate