অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাৱলম্বী কৃষকৰ ৰূপত শুৱালকুছিৰ এজন সাংবাদিক

স্বাৱলম্বী কৃষকৰ ৰূপত শুৱালকুছিৰ এজন সাংবাদিক

সংবাদ সংগ্ৰহ কৰা সাংবাদিকসকল কেতিয়াবা কেতিয়াবা সংবাদৰ নিজৰ উপজীব্য হৈ পৰে। সংবাদত নিজৰ অস্তিত্ব দুই ধৰণে প্ৰক্ষেপ হ’ব পাৰে আৰু সেই মতে পাঠকৰ ঘৃণা-বিদ্বেষ অথবা সাধুবাদ প্ৰাপ্য হ’ব পাৰে। সাংবাদিক হৈ উপদেশতকৈ আৰ্হি শ্ৰেয়’ আপ্ত বাক্যশাৰীৰ মৰ্ম উপলব্ধি কৰা এনে এজন সাংবাদিক হ’ল কনক বৈশ্য। এইজন সাংবাদিক বৃত্তিত এজন কৃষকো। কনক বৈশ্যৰ ঘৰ শিঙিমাৰীৰ দলিবাৰী পামত। বৈশ্য শুৱালকুছিৰ পৰা সংবাদ প্ৰেৰণ কৰা এখন অগ্ৰণী কাকতৰ সংবাদদাতা। অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তদানীন্তন উপ-সভাপতি কনক বৈশ্য বিজ্ঞান স্নাতক। অসম আন্দোলনৰ নিৰ্যাতিত ছাত্ৰ নেতাৰ প্ৰমাণ-পত্ৰ নিবিচৰা, কৰ্মত বিশ্বাসী বৈশ্যই আমিনগাঁৱৰ পৰা শুৱালকুছিলৈ বিস্তৃত অঞ্চলৰ ৰাইজৰ অভাৱ-অভিযোগৰ বা-বাতৰি কাকতলৈ প্ৰেৰণ কৰে। পুৱাৰ পৰা দুপৰীয়ালৈ খেতিপথাৰত ব্যস্ত হোৱাৰ পিছত বিয়লি সংবাদ সংগ্ৰহৰ বাবে ৰাইজৰ মাজলৈ যোৱা, অফিচ-কাছাৰীলৈ যোৱা তেওঁৰ নৈমিত্তিক কাম। কনক বৈশ্য হাড়ে-হিমজুৱে কৃষক। প্ৰতি বছৰ ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহ পৰ্য্যন্ত ৰবি শস্যৰ খেতি কৰে তেওঁ ৭০-৮০ হাজাৰ টকা উপাৰ্জন কৰে। এইবেলি কনক বৈশ্যই ৪ কঠা মাটিত বেঙেনা ৰোপণ কৰিছে। বৰ্তমানলৈ তেওঁ পাঁচ কুইন্টল বেঙেনা বিক্ৰী কৰি ৬,৫০০ টকা পাইছে। বৈশ্যই জনোৱা মতে, মাৰ্চ মাহলৈ বেঙেনা বিক্ৰী কৰি তেওঁ ২৫/৩০ হাজাৰ টকা পাব। বৰ্তমানলৈ বেঙেনাৰ খেতিৰ বাবদ খৰচ হৈছে প্ৰায় ৪ হাজাৰ টকা। সেইদৰে একঠা মাটিত ৰোৱা আলুৰ পৰা বৈশ্যই ৫ হাজাৰ টকা আৰু ২ বিঘা মাটিত ৰোপণ কৰা ৰঙালাউৰ পৰা ৫০ হাজাৰ টকা উপাৰ্জনৰ লক্ষ্য ৰাখিছে। এই মৰ্মে খৰচ বাদ দি এই ছমাহত তেওঁ ৭০-৮০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে। কনক বৈশ্যই মাটিৰ উৰ্বৰতা ৰক্ষা কৰাৰ বাবে সামান্য পৰিমাণে ডি এ পি ৰাসায়নিক সাৰৰ সৈতে পৰ্য্যাপ্ত জৈৱিক সাৰ প্ৰয়োগ কৰে। জৈৱিক সাৰ আৰু পানী দ্ৰৱীভূত ডি এ পি ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ শস্যৰ উৎপাদন বৃদ্ধি পাইছে।

বৃদ্ধ পিতৃ-মাতৃ আৰু নিজৰ পৰিয়ালৰ বাবে একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি কনক বৈশ্য হাড়ে-হিমজুৱে কৃষক। কৃষিকৰ্মৰ ব্যস্ততাই সাংবাদিক বৈশ্যক সাংবাদিকৰ দায়িত্ব পালনৰ পৰা কিন্তু আঁতৰাই ৰাখিব পৰা নাই।

লিখক: যোগেন্দ্ৰ ভৰালী।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate