অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰভোগৰ গৌৰৱ জামাদাৰবড়ীৰ মনোৱাৰ হুছেইন

সৰভোগৰ গৌৰৱ জামাদাৰবড়ীৰ মনোৱাৰ হুছেইন

বৰপেটা জিলাৰ কৃষিপ্ৰধান অঞ্চল, দুগ্ধনগৰী খ্যাত সৰভোগৰ জামাদাৰবড়ী গাঁৱৰ মনোৱাৰ হুছেইন এজন সফল কৃষক। তেওঁ মাত্ৰ নৱম শ্ৰেণীত বিদ্যালয়ৰ শিক্ষা সাং কৰি পিতৃ তাইজুদ্দিন আহমেদৰ লগত কৃষিকাৰ্য্যত জড়িত হৈ পৰিছিল। পৰিয়ালৰ ভৰণ-পোষণৰ বাবে পিতৃৰ সৈতে কৈশোৰতে কৃষিৰ লগত একাত্ম হৈ পৰা মনোৱাৰ হুছেইন কৃষিৰ বাস্তৱ অভিজ্ঞতাৰে পুষ্ট। সম্প্ৰতি তেওঁ ৩২ বছৰীয়া চফল যুৱক। পৈতৃক সূত্ৰে লাভ কৰা ২৫ বিঘা মাটিত তেওঁ ধান খেতি কৰাৰ লগত বিভিন্ন ধৰণৰ ৰবি আৰু খাৰিফ শস্যৰ খেতি কৰে। বিশ বিঘা মাটিত নীৰঞ্জনা ধান সিঁচি এইবেলি তেওঁ প্ৰতিবিঘাত ২০ মোনকৈ ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে। ধানখেতি চপোৱাৰ পিছত তেওঁ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে মাহজাতীয় শস্যৰ খেতি কৰে। ধাননি পথাৰক বাদ দি বাকী ৰোৱা পাঁচ বিঘা মাটিত বিলাহী, দুবিঘা মাটিত বেঙেনা আৰু এবিঘা মাটিত তিঁয়হৰ খেতি কৰিছে। সময়সাপেক্ষে তেওঁ তিতা কেৰেলা, ভাত কেৰেলা, পটল, ফুলকবি, বন্ধাকবি, মূলা, মটৰমাহ আদিও ৰোপণ কৰে। এইবেলি তেওঁ প্ৰতিজোপা বিলাহী গছৰ পৰা ৮-১০ কিলোগ্ৰাম পৰ্য্যন্ত উৎপাদন পাবলৈ সক্ষম হৈছে। এবিঘা মাটিত ১৮০০ জোপা পৰ্য্যন্ত বিলাহী গছ ৰোপণ কৰিব পাৰি আৰু ইয়াৰ জীৱন কাল ছমাহ। উৎপাদিত বিলাহী তেওঁ সৰভোগৰ বুধবাৰ-শনিবাৰৰ সাপ্তাহিক বজাৰ আৰু সৰহ হ’লে বৰপেটাৰোডৰ পাইকাৰী বজাৰত বিক্ৰীৰ বাবে নিয়ে। বছৰৰ বাৰমাহে তেওঁ বেঙেনা খেতি কৰে। শালি খেতিত তেওঁ জৈৱিক সাৰ প্ৰয়োগ কৰে যদিও পাচলিৰ ৰোগ প্ৰতিৰোধৰ বাবে পটাছ, ইউৰিয়া, ছুপাৰ, আদি সাৰ প্ৰয়োগ কৰে। মনোৱাৰ হুছেইনে নিজৰ খেতিত নিজাববীয়াকৈ পানী যোগানৰ ব্যৱস্থা কৰি লৈছে। তেওঁৰ নিজৰ এখন ট্ৰেক্টৰ আৰু চাৰিটা ম’হ আছে। পাচলি খেতিৰ জৰিয়তে তেওঁ বছৰি ৮০ হাজাৰ টকা পৰ্য্যন্ত উপাৰ্জন কৰে। খেতিৰ আৰম্ভণিতে তেওঁ অংশকালীন বনুৱাৰ দ্বাৰা কাম কৰালেও অধিকাংশ কাম নিজে সম্পন্ন কৰে। অকল কৃষিকৰ্মত নিমজ্জিত এই যুৱকজনে কৃষিৰ উপাৰ্জনেৰে নজনীয়া পৰিয়ালটোক ভৰণ-পোষণ দিছে। ব্যৱহাৰিক অভিজ্ঞতাৰে পুষ্ট মনোৱাৰ হুছেইনে শীতকালীন পাচলিৰ খেতি কিছু আগতীয়াকৈ জেঠ-আহাৰ মাহতে আৰম্ভ কৰে। কিয়নো যোৱা কিছু বছৰ ধৰি সৰভোগ, বৰপেটাৰোডৰ বজাৰত জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বিলাহী, ফুলকবি, বন্ধাকবি এক-দুই টকাকৈ (প্ৰতিকিলোগ্ৰাম) বিক্ৰী হোৱাত কৃষকসকল লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। এনে অপচয়ৰ সন্মুখীন নহ’বলৈকে তেওঁ কিছু আগতীয়াকৈ পাচলি ৰোপণ কৰে। চলিত বৰ্ষত তেওঁ ছেপ্টেম্বৰ মাহৰ পৰাই বিলাহীৰ উৎপাদন পাবলৈ সক্ষম হৈছে।

লিখক: প্ৰীতিষা গোস্বামী।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate