গোৱালপাৰা জিলা এখন কৃষি প্ৰধান জিলা, ইয়াৰ ৯০ শতাংশ জনসাধাৰণে কৃষিৰ ওপৰত নিৰ্ভৰশীল| ধান খেতি গোৱালপাৰা জিলাৰ প্ৰধান খেতি,ইয়াৰ উপৰিও ঘেঁহু,মাকৈ,সৰিয়হ, ব্যৱসায়ী খেতি যেনে মৰাপাট আৰু শাক-পাচলি উৎপাদন হয়| গোৱালপাৰা জিলা ইয়াত উৎপাদিত চুপাৰী,ৰবৰ আৰু কল খেতিৰ বাবে জনাজাত|
কল খেতিৰ বাবে গোৱালপাৰা জিলাৰ দৰ্ংগিৰি নামৰ ঠাইখন বিশ্ববিখ্যাত, ইয়াত থকা কলৰ বজাৰ এছিয়াৰ ভিতৰত সৰ্ববৃহত| এই বজাৰখনে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ যেনে ভূটান,নেপাল,বাংলাদেশ আদিকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ চাহিদাপূৰণ কৰাৰ লগতে অসমৰ অৰ্থনীতিটো যথেষ্ট অৰিহণা যোগাই আহিছে|
জিলাখনৰ জলবায়ু কৃষিৰ বাবে যথেষ্ট উপযোগী| বিশেষকৈ সমউপযোগী বৰষুণৰ লগতে কৃষিৰ বিভিন্ন কৌশলে জিলাখনক কৃষি ক্ষেত্ৰ্ত যথেষ্ট আগুৱাই লৈ গৈছে| জিলাখনৰ মুঠ মাটিকালিৰ শতকৰা ৪৩.৫% শতাংশ মাটিয়ে খেতিৰ বাবে উপযোগী|খেতিৰ লগতে এই জিলাৰ বাসিন্দাসকলে দুগ্ধপালন,পশুপালন টো যথেষ্ট আগবঢ়া| পশুপালন বিশেষকৈ গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি, ব্ৰইলাৰ ইত্যাদি উল্লেখনীয়|
জিলাখনৰ জলবায়ু ৰেচম শিল্পৰ বাবেও যথেষ্ট উপযোগী| ৰেচম শিল্পৰ উৎপাদনৰ লগত জিলাখনৰ বিভিন্ন লোক জড়িত হৈ আছে,বিশেষকৈ মহিলা সকল এই শিল্পৰ দ্বাৰা কৰ্ম স্ংস্থাপন পাইছে আৰু অৰ্থনীতিক ভাৱে জিলাখন টনকিয়াল হৈছে|জিলাখনৰ ২৯০ খন গাঁও ৰেচম শিল্পৰ লগত জড়িত|
উৎস: আই.এন.ডি.জি দল
শেহতীয়া উন্নীতকৰণ: : 3/11/2020