অনুমোদিত জাত |
গছৰ উচ্চতা (ছে:মি:) |
প্ৰতিজোপা গছত গড় হিচাবে ডালৰ সংখ্যা |
প্ৰতিজোপা গছত গড় হিচাবে ৰলৰ সংখ্যা |
প্ৰতি হেক্টৰত বীজৰ উৎপাদন (কুইন্টলত) |
আঁহৰ শতকৰা হিচাবে |
(ক) দীঘল আঁহযুক্ত জাত |
|||||
এম-চি-ইউ ৪ |
৯৪ |
৭.৭ |
১৯.০ |
১০.৫০ |
৩৪ |
এম-চি-ইউ ১ |
১০৫ |
৫.৭ |
৩১.৩ |
১২.২৬ |
৩৩ |
লক্ষ্মী |
১২০ |
৭.৭ |
১৯.৩ |
৮.১২ |
৩১ |
বুৰী |
১০২ |
৭.৪ |
২৯.৯ |
১২.২৩ |
৩১ |
জে-৩৪ |
১৩০ |
২১.৬ |
৪৪.৩ |
১২.২১ |
৩২ |
এম চি ইউ |
- |
- |
- |
১৯.৯১ |
- |
(খ)চুটী আঁহযুক্ত জাত |
|||||
গাৰো |
১৭১ |
৩.০ |
৪১.৬ |
৬.২৯ |
২৮ |
মিজোখাকি |
১৮৩ |
৩.০ |
৩৮.৬ |
৬.৫৩ |
২৩ |
ফেলপি |
১৫৫ |
৩.৭ |
২৫.৭ |
৩.৭১ |
২৪ |
দামবুম |
১৪৭ |
৩.০ |
৩৯.৬ |
৫.৬৮ |
৩৫ |
মাটি নিৰ্বাচন
বিভিন্ন ধৰণৰ মাটিত কপাহৰ খেতি কৰিব পাৰি, কিন্তু মাটিডৰাৰ পৰা পানী ওলাই যোৱাৰ সুবিধা থকা হ’ব লাগে ৷ কাৰণ পানী জমা হোৱা ঠাইত কপাহৰ গছ গা কৰি উঠিব নোৱাৰে ৷
পথাৰ প্ৰস্তুতি
আন খেতিৰ দৰে অতিশয় মিহি হোৱা মাটি কপাহৰ খেতিৰ বাবে আৱশ্যক নহয় ৷ দ'কৈ চাহ কৰা মাটিৰ বীজতলীৰ আৱশ্যক ৷ ইয়াৰ বাবে ৩-৪ বাৰ হালবাই মৈ দি সমান কৰি লব লাগে ৷
সিঁচাৰ সময় : জুলাই মাহ ৷
বীজ শোধন
জেকা মাটি আৰু গোবৰৰে খৰছি তৈয়াৰ কৰি লোৱা আঠােলতীয়া মিশ্ৰণৰ লগত সিঁচাৰ আগেয়ে বীজবোৰ ভালদৰে মোহাৰি কিছুসময় ছাঁত শুকাবলৈ দিব লাগে ৷ তেতিয়া বীজবোৰ এটা এটা হৈ যোৱাত সুবিধা হয় ৷
সিঁচাৰ সময়
শাৰীবদ্ধ ভাৱে প্ৰতিটো গাততে ৪-৫ টাকৈ বীজ দিব ৷
বীজৰ পৰিমান
হেক্টৰে প্ৰতি ২০-২৫ কি:গ্ৰাম ৷
ব্যৱধান
শাৰীৰ মাজত ৪৫ ছে:মিটাৰ আৰু পুলিৰ মাজত ৩০ ছে:মিটাৰ ব্যৱধান ৰাখিব ৷
বীজ পোতন : ১.৫ ৰ পৰা ২.০ ছে:মিটাৰ দ'ত বীজবোৰ পুতিব লাগে ৷
সাৰ প্ৰয়োগ :
পুষ্টি |
পৰিমান |
সাৰ |
সাৰৰ পৰিমান (কি:গ্ৰাম) |
|
হেক্টৰত |
বিঘাত |
|||
পামজাত সাৰ / পচনসাৰ |
- |
- |
১০-১২ টন |
- |
নাইট্ৰোজেন |
৬০ |
ইউৰীয়া |
১৩০ |
১৮ |
ফছফৰাছ |
৩০ |
একক চুপাৰ ফছফেট |
১৮৭ |
২৭ |
পটাছ |
৩০ |
মিউৰেট অৱ পটাছ |
৫০ |
৭ |
প্ৰথমবাৰ মাটি চাহ কৰোতেই পচনসাৰ/পামজাত সাৰ মাটিৰ লগত মিহলাই দিব লাগে ৷ ফছফেট আৰু পটাছ সাৰখিনি সমূদায় শেষৰবাৰ মাটি চাহ কৰোতে প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰা উচিত ৷ নাইট্ৰোজেন সাৰখিনি সমানে দুভাগ কৰি প্ৰথমভাগ প্ৰাথমিক সাৰ হিচাবে আৰু বাকী আধা ভাগ বীজ সিঁচাৰ পৰা ৪৫ দিনৰ পিছত অৰ্থাৎ শস্যৰ ফুল ধৰিবলৈ লোৱাৰ সময়ত প্ৰয়োগ কৰিব ৷
পৰিচৰ্য্যা
বীজ সিঁচাৰ পৰা ১৫ দিনৰ পিচত ৩ বাৰ হাতেৰে শস্যডৰাৰ বনবাত উভালি দিব ৷
শস্যৰক্ষা
বীজ সিঁচাৰ ৩০ দিন পিছত এন্দোছালফান (থায়োদান) ৩৫ ইচি ঔষধৰ ২ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই লৈ প্ৰয়োগ কৰিব৷ প্ৰতি ২০ দিনৰ ব্যৱধানত এনেকৈ মুঠতে ৪ বাৰ ঔষধ প্ৰয়োগ কৰা উচিত ৷ প্ৰতিবাৰ প্ৰয়োগত হেক্টৰে প্ৰতি ৬০০-৮০০ লিটাৰ ঔষধ মিশ্ৰণৰ প্ৰয়োজন হয়৷
শস্য চপোৱা (কপাহ তোলা)
নবেম্বৰ মাহৰ শেষত প্ৰথমবাৰ আৰু সাধাৰণতে ৩-৪ বাৰ কপাহ গছৰপৰা আহৰণ কৰিব পাৰি ৷ ৰাতিপুৱা সময়ত কপাহ তুলি আনিব পাৰিলে শুকান পাত আৰু চোকোৰা আদিৰ পৰা হাত সাৰিব পাৰি ৷ সঁচৰ বাবে লোৱা কপাহৰ বীজবোৰ উলিয়াই অনাৰ পিচত কেইঘন্টামান ৰ’দত শুকুৱাই মজুত কৰি ৰাখিব লাগে ৷
উৎপাদন
দীঘল আঁহৰ কপাহৰ বীজৰ উৎপাদন প্ৰতি হেক্টৰত ৮-১২ কুইন্টল হয় আৰু চুটি আঁহৰ বীজৰ উৎপাদনৰ পৰিমান ৪-৬ কুইন্টল হয় ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 7/12/2020