জাত | কৃষিকাল (দিন) | সেউজীয়া ঘাঁহ কুইন্টল/হেক্টৰ | শুকান ঘাঁহ কুইন্টল/হেক্টৰ | শস্য কিমানবাৰ কাটিব পাৰি |
কেন্ট |
১২৮
|
৪৮৩
|
৯৬.৬
|
২
|
এইচ জে-১৪৪ |
১২৮
|
৪৭৫
|
৯৫.০
|
২
|
জে এইচ ও এচ-১৯ |
১২১
|
৪৬৩
|
৯২.২
|
২
|
মাটি
পানী ওলাই যোৱাৰ সু-ব্যৱস্হা থকা বোকা-পলসুৱা আৰু বালিয়া মাটি এই খেতিৰ উপযোগী ৷ এনে মাটিত শালি ধানৰ পিচতে ইয়াৰ খেতি কৰিব পাৰি ৷
মাটি প্ৰস্তুতি
যৱধানৰ খেতিৰ বাবে ভাল মিহি কঠীয়া তলীৰ প্ৰয়োজন৷
বীজ সিঁচাৰ সময় : অক্টোবৰ মাজ ভাগৰ পৰা ডিচেম্বৰ মাহলৈকে৷
বীজৰ পৰিমাণ : ১০০ কি.গ্রা./হেক্টৰত (১৩-১৪ কি.গ্রা./বিঘাত)৷
দুৰত্ব : ২৫-৩০ চে: মি: ব্যৱধানত খাল খান্দি বীজবোৰ ৪-৫ চে: মি: দত সিঁচিব লাগে ৷
কি.গ্রা./হেক্টৰ
|
কি.গ্রা./বিঘা
|
||
পথৰুৱা সাৰ |
৪ টন
|
পথৰুৱা সাৰ |
৬ কুইন্টল
|
নাইট্রোজেন |
৪০
|
নাইট্রোজেন |
৯
|
ফচফৰাচ |
২০
|
ফচফৰাচ |
৩
|
পটাছ |
২০
|
প্ৰতি হেক্টৰত ৫৪ কি.গ্রা. ইউৰিয়া, ১২৫ কি.গ্রা. একক চুপাৰ ফচফেট আৰু ৩৩ কি.গ্রা. মিউৰিয়েট অৱ পটাছ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব আৰু প্ৰথমবাৰ শস্য কটাৰ পিচতে (বীজ সিঁচাৰ ৬০-৭০ দিনৰ পিছত) ৩৪ কি.গ্রা. ইউৰিয়া টপ দ্ৰেছ হিচাবে প্ৰয়োগ কৰিব ৷
জলসিঞ্চন
বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি যৱধানৰ খেতি সফলতাৰে কৰিব পাৰি ৷ মাটিডৰা শুকান হলে বীজ সিঁচাৰ পিছতেই প্ৰথমবাৰ জলসিঞ্চন কৰিব লাগে ৷ দ্বিতীয়বাৰ, বীজ সিঁচাৰ ৪৫ দিনৰ পিছত পোখা মেলাৰ সময়ত আৰু প্ৰথমবাৰ শস্য কটাৰ পিছতে তৃতীয়বাৰ জলসিঞ্চন কৰিব লাগে ৷
প্ৰতিপালন ব্যৱস্হা
বীজ সিঁচাৰ ৩-৪ সপ্তাহৰ পিছত এবাৰ বনবাত নিৰাই দিব লাগে ৷
শস্য কটা
বীজ সিঁচাৰ ৬০-৭০ দিনৰ পিছত প্ৰথমবাৰ আৰু শতকৰা ৫০ ভাগ ফুল ধৰাৰ পিছত দ্বিতীয়বাৰ শস্য কাটিব লাগে ৷ মাটিৰ পৰা ৮-১০ চে: মি: ওপৰত গছবোৰ কাটিব৷
বীজ : প্ৰথমবাৰ শস্য কটাৰ পিছত সেই শস্যৰ পৰাই বীজ সংৰক্ষণ কৰিব পাৰি ৷ পাঁচ ভাগৰ এক অংশ হেক্টৰ মাটিৰ বীজেৰেই এক হেক্টৰ মাটিত সিঁচিবলৈ যথেষ্ট হয়৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020