চয়াবিন এটি উল্লেখযোগ্য মাহজাতীয় আৰু তৈল বীজ শস্য ৷ মধ্যমীয়া দ' অঞ্চলত শালিধান আৰু আহুধানৰ খেতিৰ মধ্যবৰ্তী কালছোৱাত অৰ্থাৎ জানুৱাৰী মাহৰ পৰা এপ্ৰিল নাইবা মে’ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত কম সময়তে হোৱা চয়াবিনৰ জাত (৯০-১০০ দিনত হোৱা) যেনে: জে এছ-২, মোতি, পুছা চয়াবিন-১ আদিৰ খেতি কৰিব পাৰি৷
জাত
জাত |
কৃষিকাল |
গছৰ আকাৰ |
উৎপাদন |
শতকৰা হিচাপ |
||
|
|
|
জলসিঞ্চিতৰ ওপৰত নিৰ্ভৰলশীল |
বৰষুণৰ ওপৰত নিৰ্ভৰলশীল |
তেল |
প্ৰটিন |
১)জে এছ-২, |
৮৫-৯০ |
পোন |
২০-২২ |
- |
২০ |
৪২ |
২) মোতি |
৮৫-১০০ |
পোন |
২০-২২ |
১১-১২ |
২০ |
৪২ |
৩) পুছা চয়াবিন-১ |
৯০-১০০ |
পোন |
২০-২২ |
|
২১ |
৪৩ |
মাটি
চয়াবিনৰ খেতি বিভিন্ন ধৰনৰ মাটিত কৰিব পাৰি যদিও সাৰুৱা, পানী ওলাই যোৱাৰ সু-ব্যৱস্হা থকা পলসুৱা মাটিত ইয়াৰ খেতি ভাল হয় ৷ পানী আৱদ্ধ হৈ থাকিলে শস্যৰ অনিষ্ট হয় ৷ অম্লীয় মাটিত অম্লতাৰ পৰিমাণ ৬.০ তকৈ কম হলে বীজ সিচাৰ ২১ দিন আগেয়ে হেক্টৰে প্ৰতি ২ টনকৈ চূণ প্ৰয়োগ কৰিব লাগে ৷ ৩ বছৰৰ মুৰত ১ বাৰকৈ চূণ প্ৰয়োগ কৰা প্ৰয়োজন৷
বীজ সিঁচাৰ সময়
জলসিঞ্চনৰ ব্যৱস্থা থকা অঞ্চলত জানুৱাৰী মাহত বীজ সিঁচিব লাগে ৷ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা খেতিত, জানুৱাৰী মাহৰ মাজ ভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজ ভাগলৈকে বীজ সিঁচাৰ উত্তম সময় ৷
মাটি নিৰ্বাচন
বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা খেতিৰ বাবে জানুৱাৰী-ফেব্ৰুৱাৰী মাহতো মাটিত যথেষ্ট পৰিমাণে জীপ থকা মধ্যমীয়া 'দ মাটি নিৰ্বাচন কৰিব লাগে৷
মাটি প্ৰস্তত
চয়াবিনৰ বাবে ভালদৰে প্ৰস্তুত কৰা কঠীয়াতলীৰ প্ৰয়োজন৷
সাৰ প্ৰয়োগ :
উপাদান |
পৰিমাণ (কি.গ্রা./হেক্টৰত) |
ৰাসায়নিক সাৰ |
কি.গ্রা./হেক্টৰত |
কি.গ্রা./বিঘাত |
নাইট্ৰ'জেন |
২০(১০) |
ইউৰিয়া |
৪৫(২২) |
৬.৫(৩) |
ফছফৰাচ |
৬০ |
একক চুপাৰ ফছফেট |
৩৭৫ |
৫৩.৫ |
পটাছ |
৪০ |
মিউৰেট অব পটাছ |
৭০ |
১০.৫ |
বন্ধনীৰ ( ) ভিতৰত থকা পৰিমান ৰাইজোবিয়াম কালচাৰেৰে বীজৰ অনুক্ৰমণ কৰা খেতিৰ বাবে ৷ সমুদায় ৰাসায়নিক সাৰ বীজ সিচাৰ আগেয়ে প্ৰয়োগ কৰি লব লাগে৷
এইদৰে সাৰ প্ৰয়োগ কৰাৰ সুবিধা নহলে সাৰবোৰ সমানে ছটিয়াই মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে৷
পাতত মিউৰিয়েট অৱ পটাছ প্ৰয়োগ
চিৰাবোৰত ভালদৰে গুটি হবলৈ বীজ সিঁচাৰ পিচত ৩০-৩৫ দিনৰ ভিতৰত অৰ্থাৎ ফুলৰ কলি ধৰা অৱস্হাত পাতত মিউৰিয়েট অৱ পটাছ সাৰ স্প্ৰেয়াৰেৰে স্প্ৰে কৰিব পাৰি৷
হাতেৰে চালিত স্প্ৰেয়াৰেৰে স্প্ৰে কৰিবলৈ তলত দিয়া ধৰণে মিউৰিয়েট অৱ পটাছ মিশ্ৰণ প্ৰস্তুত কৰি লব লাগে ৷
মিউৰিয়েট অৱ পটাছ (কি.গ্রা./হে:) |
পানী (লিটাৰ/হে: ) |
মিশ্ৰণৰ শক্তি % |
স্প্ৰেয়াৰৰ সংখ্যা |
স্প্ৰেয়াৰ |
১২.০০ |
৪০০ |
৩ |
১ |
হাত স্প্ৰেয়াৰ |
চূণ প্ৰয়োগ
দ’লমাইট (কেলচিয়াম কাৰ্বনেট) বিঘাই প্ৰতি ৬৫.৫ কি.গ্রা. হিচাপত গুটি সিঁচাৰ ১৫ দিন আগতে মাটিত প্ৰয়োগ কৰিব৷ বহুতৰপীয়া খেতি কৰা মাটিত চূণ খিনি ভালদৰে মাটিত মহিলি কৰাটো অতি আৱশ্যকীয়৷
বীজ শোধন
শীতকালত বীজ ভালদৰে অঙ্কুৰিত হবৰ বাবে বীজবোৰ “চাইটোজাইম চিড্ প্লাছেৰে” শোধন কৰি লব লাগে ৷ এই উৰ্দ্দেশ্যে ১ মি: লি: ঔষধ ১০০ মিলি লিটাৰ পানীত মিহলাই প্ৰতি ১০ কি.গ্রা. বীজত বীজ সিঁচাৰ ১ দিন আগেয়ে হাত স্প্ৰেয়াৰেৰে স্প্ৰে কৰিব লাগে৷ ইয়াৰ ফলত বীজ ভালদৰে অঙ্কুৰিত হয় ৷
জীৱাণু সাৰৰ প্ৰয়োগ
বীজবোৰ পৰিস্কাৰ পানীত তিয়াই সেমেকাই লব ৷ বেছিকৈ তিয়াই অধিক মাত্ৰাত সেমেকিবলৈ নিদিব ৷ প্ৰতি কি.গ্রা. বীজ ১৫ গ্ৰাম ৰাইজোবিয়াম কালচাৰেৰে এনেদৰে মিহলি কৰি লওক যাতে বীজৰ ওপৰত কালচাৰৰ এটি পাতল চামনি পৰে৷ পিচত বীজবোৰ ছাঁত শুকুৱাই লব৷ বীজবোৰত ৰ’দ পৰিবলৈ নিদিব ৷ ১ বিঘা মাটিৰ বীজ অনুক্ৰমণৰ বাবে ১ পেকেট (অনুমানিক ১৫০ গ্ৰাম) কালচাৰৰ প্ৰয়োজন৷
বীজৰ পৰিমাণ
প্ৰতিহেক্টৰত (৫ লাখ পুলিৰ বাবে) ৭৫ কি.গ্রা. বীজ নাইবা প্ৰতি বিঘাত (৭০,০০০ পুলিৰ বাবে) ১০.৫ কি.গ্রা. বীজৰ প্ৰয়োজন ৷
বীজ সিঁচা পদ্ধতি
শাৰীবোৰৰ মাজত ২৫ চে: মি: ব্যৱধান ৰাখি ৫ চে: মি: আঁতৰে আঁতৰে ২-৫ চে: মি: দ'ত বীজ সিচিব ৷ মাটিডৰা শুকান হলে বীজ ভালদৰে অঙ্কুৰিত হবলৈ বীজ সিঁচাৰ ২ দিনমানৰ আগেয়ে ২-৫ চে: মি: গভীৰকৈ এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব৷ মাটিৰ জীপ ৰক্ষা কৰিবৰ বাবে ধানখেৰেৰে পাতলীয়াকৈ শাৰীবোৰ ঢাকি দিব ৷
প্ৰতিপালন ব্যৱস্থা
১) বনবাত নিয়ন্ত্ৰণ: বীজ সিঁচাৰ ১৫ দিনৰ পিচত এবাৰ আৰু ৩৫ দিনৰ পিছত দ্বিতীয়বাৰ হতেৰে বনবাত নিৰাই দিব লাগে ৷ গছবোৰ পোন হৈ থাকিবৰ বাবে দ্বিতীয়বাৰ বনবাত নিৰাওতে পাতলীয়াকৈ মাটি চপাই দিব লাগে ৷
২) ঔষধ প্ৰয়োগেৰে বনবাত নিয়ন্ত্ৰণ : প্ৰতি হেক্টৰত ২-৩ কি.গ্রা. বাচালিন ঔষধ (১.০-১.৫ কি.গ্রা. ফ্লুক্লোৰাইন/হেক্টৰত) বীজ সিঁচাৰ পিচতে প্ৰয়োগ কৰি বনবাত নিয়ন্ত্ৰণ কৰিব পাৰি ৷ ইয়াৰ ফলত দুবাৰ হাতেৰে বনবাত নিৰোৱাৰ সমান উৎপাদন পোৱা যায়৷
৩) জলসিঞ্চন : গছজোপা ভালদৰে বাঢ়ি আহিবলৈ আৰু ছেইবোৰ পূৰ্ণ হবলৈ ফুল ধৰাৰ সময়ত এবাৰ আৰু ছেই ধৰাৰ সময়ত দ্বিতীয়বাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব ৷
আৰ্দ্ৰতা সংৰক্ষণ
বৰষুণৰ ওপৰত নিৰ্ভৰ কৰা খেতিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবৰ বাবে বীজ সিঁচাৰ পিচত শাৰীবোৰ খেৰেৰে ঢাকি দিব লাগে ৷ এনে কৰিলে বীজ সিঁচাৰ ৩০-৩৫ দিনৰ পিচত এবাৰ বনবাত নিৰালেই হয় ৷
শস্য ৰক্ষা
চয়াবিনৰ প্ৰতি কি.গ্রা. বীজ ৩ গ্ৰাম থিৰাম ঔষধেৰে শোধন কৰি লব লাগে ৷ বীজবোৰ আগতেই থিৰামেৰে শোধন কৰি থোৱা আছে যদি পুনৰ বীজ শোধন কৰিব নালাগে ৷ হালধীয়া পৰা মোজাইক বেমাৰ বা বিছাপোকৰ আক্ৰমণ ৰোধ কৰিবলৈ প্ৰতি হেক্টৰ মাটিত ১-১.৫ লিটাৰ ডাইমেথোট বা ডাইক্লোৰোভছ ঔষধ ৮০০-১০০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ৷
মৰণামৰা
বীজ সংৰক্ষণৰ বাবে ধানৰ মৰণামৰা যন্ত্ৰ ব্যৱহাৰ কৰাই উত্তম ৷ খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ হলে পাৱাৰ টিলাৰ’ৰ সহায়ত মৰণা মাৰিব পাৰি ৷
বীজ মজুতকৰণ
বীজবোৰ ৫-৬ দিন প্রখৰ ৰ’দত শুকুৱাই কাপোৰৰ মোনাত ভৰাই ২৫০ গজ ডাঠ পলিথিনৰ বেগত বতাহ সোমাব নোৱাৰাকৈ ভৰাই থব লাগে ৷ এনেদৰে মজুত কৰা বীজত শতকৰা ১০ ভাগ আৰ্দ্ৰতা থাকে ৷
দ্ৰেঞ্চিং
চয়াবিন ব্যৱহাৰ কৰাৰ আগেয়ে বিনত লাগি থকা আঠাবোৰ গুচাই লব লাগে ৷ ০.৫ ভাগ শক্তিযুক্ত চদিয়াম বাই কার্ব’নেট পানীত মিহলাই প্ৰতি কি.গ্রা. বীজ ২ লিটাৰ ঔষধ মিহলি পানীত ২০ মিনিটমান উতলাই লব ৷ পিছত পৰিস্কাৰ পানীৰে ২-৩ বাৰমান ধুই বিনত লাগি থকা আঠাবোৰ গুচাই লব পাৰি ৷
ব্যৱহাৰ
চয়াবিনৰ পৰা নানাবিধ খাদ্য প্ৰস্তুত কৰাৰ উপৰিও ইয়াৰ গুড়িবোৰ গৰু-ম’হ, হাঁহ-কুকুৰা, মাছ আদিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় ৷
চয়াবিনৰ গাখীৰ
বীজৰ ওজনৰ ৩ গুণ পানী মিহলাই উতলিবলৈ দিয়ক ৷ হেতাৰে লৰাই থাকিব ৷ অধিক উতলিবলৈ নিদিব ৷ প্ৰয়োজনতকৈ অধিক উতলিলে পুষ্টিৰ মূল্য হ্ৰাস পায় ৷ গোন্ধ গুচাবলৈ অলপ আদাৰ ৰস, তেজপাত আদি মিহলাব পাৰে ৷ পেটৰ অসুখত এই গাখীৰ উপকাৰী ৷ ই গৰমকালি ডায়েৰীয়া অসুখ ৰোধ কৰে ৷ ই সোনকালে হজম হয় ৷ বুঢ়া আৰু দুৰ্বল লোকৰ খাদ্য স্বল্পপ ৷ চাপাটি, কচুৰী, মালপোৱা, ভুজিয়া, লাড়ু, চাটনি, বৰা, কেক্ আদি বনাওঁতে চয়াবিন ব্যৱহাৰ কৰিব পাৰি ৷
চয়াবিনৰ দৈ
দৈ বনাবলৈ চয়াবিনৰ গাখীৰ অলপ গৰম কৰি পাত্ৰত থব লাগে ৷
কেঁচা চয়াবিন
কেঁচা, সেউজীয়া চয়াবিন মটৰ মাহৰ দৰেই ব্যৱহাৰ কৰা হয়৷ বিনবোৰ ডাঙৰ হলে কোমল আৰু সেউজীয়া হৈ থাকোতেই চপাব লাগে ৷ এই বিন সাধাৰণতে সিজাই খাব পাৰি ৷ চালাদ হিচাবেও খাব পাৰি৷ গছৰ পৰা চিঙি লগে লগে ৰান্ধিলে ভাল সোৱাদ হয়৷ এই অৱস্হাত বিনবোৰ ছেইত লাগি থাকে ফলত বাকলি গুচাবলৈ সুবিধা হয়৷ গতিকে উতলা পানীত অলপ সময় তিয়াই থলে বাকলি গুচাবলৈ সহজ হয়৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/23/2020