সিৰাচা, টি-এল-১৬, টি-এল ২
মাটি নিৰ্বাচন
পানী জমা হব নোৱাৰা বালিঅঁহীয়া মাটিহে নিৰ্বাচন কৰিব লাগে ৷
মোল্ডবোৰ্ড নাঙলেৰে মাটিডোখৰ ভালদৰে এবাৰ হালবাই ৪-৫ বাৰ মান তক্তাৰে মৈয়াই সমান কৰিলেই যথেষ্ট হয় ৷ মাটিত থকা গছৰ মুঢ়া বা বনবাতবোৰ আতৰায় পেলাব লাগে৷ মাটিডোখৰৰ পৰা সোনকালে পানী ওলাই যাব পৰাকৈ লোৰ খান্দি দিব লাগে৷
সিঁচাৰ সময় : এপ্ৰিল – জুন ৷
বীজৰ পৰিমান : হেক্টৰত ৪০ কি:গ্ৰাম ৷
ব্যৱধান
শাৰীৰ দূৰত্ব = ৪০ ছে:মিটাৰ ৷
গছৰ দূৰত্ব = ১৫ ছে:মিটাৰ ৷
হেক্টৰে প্ৰতি ৩-৪ টন নাইবা বিঘাই প্ৰতি ৫-৬ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব ৷
পুষ্টি |
ফৰিমান কি:গ্ৰা:/হেক্টৰত |
সাৰ |
সাৰৰ পৰিমান (কি:গ্ৰাম) |
|
হেক্টৰত |
বিঘাত |
|||
নাইট্ৰোজেন |
৮০ |
ইউৰীয়া |
|
|
ফছফৰাছ |
একক চুপাৰ ফছফেট |
|
|
|
পটাছ |
মিউৰেট অৱ পটাছ |
|
|
মাটিডৰা শেষ বাৰ চহাওতে হেক্টৰে প্ৰতি ৪০ কি:গ্ৰাম নাইট্ৰোজেন আৰু সমুদায় ফছফৰাছ আৰু পটাছ সাৰ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব লাগে৷ বাকী থকা ৪০ কি:গ্ৰাম নাইট্ৰোজেন টপদ্ৰেছ হিচাবে বীজ সিঁচাৰ ৪০ দিনৰ পিছত প্ৰয়োগ কৰিব ৷
পৰিচৰ্য্যা
বীজ সিঁচাৰ ২৫-৩০ দিনৰ পিছত এবাৰ বনবাতবোৰ নিৰায় দিব৷
সাধাৰণতে বৰষুণৰ বতৰত জলসিঞ্চনৰ প্ৰয়োজন নহয়৷ কিন্তু বৰষুণৰ অভাৱৰ বাবে মাটি শুকাই গলে অনতি পলমে খেতিত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে৷ বীজ সিঁচাৰ আগেয়ে জলসিঞ্চন কৰিব লাগে যাতে বীজ সিঁচাৰ পিছত বীজ অঙ্কুৰণত সহায়ক হয়৷ কিন্তু পৰ্য্যায় ক্ৰমে পিছত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিহে জলসিঞ্চন দিব লাগে৷
শস্য কটাৰ সময় : বীজ সিঁচাৰ ৭০-৮০ দিনৰ পিছত প্ৰথমবাৰ শস্য/ঘাঁহবোৰ কাটিব লাগে ৷
সেউজীয়া ঘাঁহৰ উৎপাদন : হেক্টৰত ৩০ টন৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018