জাত : জে-পি ১২, পুছা ৩ আৰু পুছা ১৯ ৷
মাটি প্ৰস্তুতি
পানী ওলাই যাব পৰা সু-ব্যৱস্হা থকা মাটিয়েই সাধাৰণতে নিৰ্বাচন কৰিব লাগে ৷ মোল্ডবোৰ্ড নাঙলেৰে এবাৰ হাল বাই ৩-৪ বাৰ মৈ দি এবাৰ তক্তা চলাই দিব লাগে ৷ প্ৰথম অৱস্হাত ৩৫-৪০ দিন মানলৈকে পুলিবোৰ বৰ লাহে লাহে বাঢ়ে ৷ গতিকে এই সময়চোৱাত পথাৰখন বনবাতৰ পৰা মুক্ত কৰি ৰাখিব লাগে ৷
বীজ সিঁচাৰ সময়
এপ্ৰিলৰ পৰা জুনলৈ ৷
বীজৰ পৰিমান
প্ৰতি হেক্টৰত ৮ কি.গ্রা. ৷
ব্যৱধান
শাৰীৰ মাজত ৩০ ছে:মিটাৰ ৷
গছৰ মাজত ১০ ছে:মিটাৰ ৷
সাৰ প্ৰয়োগ
হেক্টৰে প্ৰতি ৪-৫ টন নাইবা বিঘাই প্ৰতি ৬-৮ কুইন্টলকৈ পচনসাৰ প্ৰয়োগ কৰিব ৷
ফুষ্টি |
পৰিমান কি:গ্ৰাম/হেক্টৰ |
সাৰ |
সাৰৰ পৰিমান |
|
কি:গ্ৰাম/হেক্টৰত |
কি:গ্ৰাম/বিঘাত |
|||
নাইট্ৰোজেন |
৬০ |
ইউৰীয়া |
১৩২ |
১৮ |
ফছফৰাছ |
৩০ |
একক চুপাৰ ফছফেট |
১৮৬ |
২৫ |
পটাছ |
- |
- |
- |
- |
মাটিডৰা শেষবাৰ চহাওঁতে ৩০ কি:গ্ৰাম নাইট্ৰোজেন আৰু সমুদায় ফছফৰাছ সাৰখিনি প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা ৩০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ প্ৰথমবাৰ ঘাঁহ কটাৰ পিছত টপদ্ৰেছ হিচাবে প্ৰয়োগ কৰিব লাগে ৷
ঘাঁহ কটা
ঘাঁহ দুবাৰ কাটিব লাগে ৷ বীজ সিঁচাৰ ৬০ দিনৰ পিছত প্ৰথমবাৰ আৰু প্ৰথমবাৰ ঘাঁহ কটাৰ ৪৫ দিনৰ পিছত দ্বিতীয়বাৰ ঘাঁহ কাটিব লাগে ৷ শেহতীয়াকৈ কৰা খেতিত পাতবোৰ ডাঙৰ হ’লে এবাৰেই কাটিব লাগে ৷
সেউজীয়া ঘাঁহৰ উৎপাদন : দুবাৰ কাটিলে প্ৰতি হেক্টৰত ৫০-৬০ টনকৈ ঘাঁহ পোৱা যায়৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 5/3/2020