জাত : স্থানীয়৷
কৃষিকাল : ৯০-১১০ দিন৷
মাটি আৰু মাটি প্ৰস্তুতি:
বালিচঁহীয়া মাটি নিৰ্বাচন কৰিব ৷ মাটিডৰা ভালদৰে হাল বাই সমান কৰি লব লাগে৷ ৪ –৫ চাহমান হাল বাই মৈ দি ললেই মাটি ভাল মিহি হ'ব৷ বীজ সিঁচাৰ প্ৰায় এমাহমান আগতেই প্ৰথমবাৰ হালবাই লব লাগে৷
বীজ সিঁচাৰ সময় :
ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলত অক্টোবৰ মাহত আৰু নামনি অঞ্চলত অক্টোবৰৰ পৰা নবেম্বৰ মাহৰ মাজ ভাগলৈকে বীজ সিঁচিব পাৰি ৷
বীজৰ পৰিমাণ : ২০ কিলো/হেক্টৰত (২.৭ কিলো/বিঘাত)
ব্যৱধান : শাৰীৰ মাজত ৩০ চে: মি: ৷
বীজ সিঁচাৰ পদ্ধতি :
৩০ চে: মি: ব্যৱধানত ৫ চে: মি: দকৈ খাল খান্দি লব ৷ খাল বোৰত ৩-৫ চে: মি: দত বীজ সিঁচিব ৷ বীজ ৫ চে: মি:তকৈ অধিক দ'ত সিঁচিব নালাগে ৷ বীজ সিঁচাৰ পিচত মৈ দি বীজবোৰ মাটিৰে ঢাকি দিব ৷ মৈ দিলে মাটি সমান হোৱাৰ ফলত সোনকালে গজালি ওলায় ৷
সাৰ পয়োগ :
পুষ্টিৰ উপাদান |
সাৰ |
নাইট্র’জেন ২০ কি:/হেক্টৰত |
ইউৰিয়া ৪৪ কি:/হেক্টৰত ( ৬কি:/বিঘাত) |
ফছফৰাচ ১০ কি:/হেক্টৰত |
একক চুপাৰ ফছফেট ৬৩ কি:/হে: (৯ কি:/বিঘাত) |
পটাছ ১০ কি:/হেক্টৰত |
মিউৰেট অব পটাছ ১৭ কি:/হে: (২ কি:/বিঘাত) |
বীজ সিঁচাৰ এদিন আগেয়ে সমুদায় সাৰ প্ৰয়োগ কৰিব ৷ সাৰ ভালদৰে মাটিৰ লগত মিহলাই লব ৷
বনবাত নিয়ন্ত্ৰণ :
বনবাতবোৰ ৪-৫ পতীয়া হোৱাৰ আগতেই নিৰাব লাগে ৷ শুকান মাটিৰ নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায় ৷
মোৱা পোক : মোৱাপোকে প্ৰৱল ভাৱে আক্ৰমণ কৰিলে নিয়ন্ত্ৰণৰ বাবে তলত দিয়া যেকোনো এবিধ ঔষধ প্ৰয়োগ কৰিব ৷ ফুল ধৰাৰ আগতে এনে ব্যৱস্হা ললে সুফল পোৱা যায় ৷
হাতৰে চালিত স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে উক্ত পৰিমাণৰ ঔষধ প্ৰতি হেক্টৰ মাটিৰ বাবে ৫০০-৭০০ লিটাৰ পানীত (প্ৰতি বিঘাৰ বাবে ৬৫-৯০ লিটাৰ পানীত) মিহলাই স্প্ৰে কৰিব ৷ শক্তি চালিত স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে প্ৰতি হেক্টৰৰ বাবে ২০০-২৫০ লিটাৰ পানীত (প্ৰতি বিঘাৰ বাবে ২৫-৩০ লিটাৰ পানীত) এই পৰিমাণৰ ঔষধ মিহলাই স্প্ৰে কৰিব৷
খেতি চপোৱা :
গছবোৰ ক’লা হবলৈ ধৰোতেই আৰু চেইবোৰ শুকাই আহিবলৈ ধৰোতে খেতি চপাব ৷
মৰণা মৰা
খেতি চপোৱাৰ পিছত গছবোৰ পথাৰত ২-৩ দিন ৰ'দত শুকেৱাই লব ৷ গৰুৰে গৰকাই নাইবা মাৰিৰে কোবাই মৰণা মাৰিব লাগে৷
গড় উৎপাদন : প্ৰতি হেক্টৰত ১২-১৫ কুইন্টল৷
ব্যৱহাৰ
মৰণা মৰাৰ পিছত ঢেঁকীত বানি বাকলি এৰুৱাব লাগে ৷ ইয়াৰ চাউলবোৰ অতি বগা আৰু ইয়াৰে ময়দা বনাব পাৰি ৷ এই ময়দাৰে চাপাতি বনোৱা হয় ৷ ঘেঁহু আৰু বার্লিৰ লগত মিহলি কৰিও খাব পাৰি ৷ কোমল গছবোৰ গৰু ছাগলীৰ ঘাঁহ হিচাবে ব্যৱহাৰ কৰিব পাৰি ৷ শুকান গছবোৰ খৰি হয় ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/25/2020