জাত : স্হানীয় (হালধীয়া বীজৰ জাত) ৷
কৃষিকাল : ১০০-১২০ দিন ৷
মাটি : পলসুৱা মাটিৰ পৰা বালিচঁহীয়া মাটি ৷
মাটি প্ৰস্ততি : মাটিডৰা ৪-৬ বাৰমান হালবাই, মৈ দি ভালদৰে মিহি কৰি লব লাগে ৷
বীজ সিঁচাৰ সময় : জানুৱাৰীৰ মাজ ভাগৰ পৰা ফেব্ৰুৱাৰীৰ মাজ ভাগলৈকে (জানুৱাৰী মাহৰ শেষ ভাগেই উত্তম সময়)৷
বীজৰ পৰিমাণ : শাৰী পদ্ধতিত সিঁচিলে হেক্টৰত ৮-১০ কি.গ্রা. ৷ শাৰী নকৰাকৈ সিঁচিলে হেক্টৰে প্ৰতি ১৫ কি.গ্রা.লৈকে বঢ়াব পাৰি৷
ব্যৱধান : শাৰীৰ মাজত ২৫ চে: মি:৷
বীজ সিঁচা পদ্ধতি : ২৫ চে: মি: ব্যৱধানত ৫ চে: মি: দকৈ খাল খান্দি ৩-৫ চে:মি: দত বীজ সিঁচিব লাগে ৷ বীজবোৰ ৫ চে: মি:তকৈ অধিক দ'ত সিঁচিব নালাগে৷ বীজ সিঁচাৰ পিচত মৈ দি বীজবোৰ ৩-৫ চে: মি: মাটিৰে ঢাকি দিব লাগে ৷ মৈ দিয়াৰ ফলত সমান হোৱাৰ ফলত গজালি সোনকালে ওলায় ৷
সাৰ প্ৰয়োগ :
পুষ্টিৰ উপাদান |
সাৰ |
নাইট্ৰোজেন ২০ কি.গ্রা./হেক্টৰত | ইউৰিয়া ৪৪ কি.গ্রা./হেক্টৰত ( ৬কি.গ্রা./বিঘাত) |
ফছফৰাছ ১০ কি.গ্রা./হেক্টৰত | একক চুপাৰ ফছফেট ৬৩ কি.গ্রা./হে: (৯ কি.গ্রা./বিঘাত) |
পটাছ ১০ কি.গ্রা./হেক্টৰত | মিউৰেট অব পটাছ ১৭ কি.গ্রা./হে: (২ কি.গ্রা./বিঘাত) |
বীজ সিঁচাৰ ১ দিনৰ আগেয়ে সমুদায় সাৰ মাটিত প্ৰয়োগ কৰিব লাগে ৷ সাৰ খিনি মাটিৰ লগতে ভালদৰে মিহলাই লব লাগে৷
বনবাত নিয়ন্ত্ৰণ : বনবাতবোৰ ৪-৫ পতীয়া নৌহওঁতেই হাতেৰে উভালি পেলাব লাগে ৷ শাৰীবদ্ধ ভাৱে কৰা খেতিত শুকান মাটিৰ নিৰণিযন্ত্ৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায় ৷
শস্যৰক্ষা : গান্ধীপোক : শস্যডৰা গান্ধীপোকে আক্ৰমণ কৰা দেখিলে
১) মালাথিয়ন ৫% গুড়ি প্ৰতি হেক্টৰত ২০ কি.গ্রা. কৈ প্রয়োগ কৰিব৷
খেতি চপোৱা : শস্যডৰা হালধীয়া পৰা দেখিলে খেতিডৰা চপায় পেলাব ৷
মৰণা মৰা : খেতি চপোৱাৰ পিছতেই গৰুৰে অথবা ভৰিৰে গচকি মৰণা মাৰিব লাগে ৷
ব্যৱহাৰ : মৰণা মৰাৰ পিচত বীজবোৰৰপৰা ঢেকীৰ সহায়ত বাকলি আঁতৰায় ইয়াক ভাতৰ দৰেই ৰান্ধিব পাৰি৷
ইয়াৰ পৰা ময়দা আৰু লাড়ুও কৰিব পৰা যায় ৷ খেৰবোৰ গৰু ম’হক খুৱাব পাৰি ৷
উৎপাদন : গড়ে হেক্টৰত ১২ কুইন্টল ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020