ধান খেতিত প্ৰয়োজনীয় ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰিবলৈ ১৫:১৫:১৫ অনুপাতত দানাযুক্ত মিশ্ৰিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰি ৷ প্ৰতি হেক্টৰত প্ৰয়োগ কৰা ১৩৩কি.গ্রা. (প্ৰতিবিঘাত ১৯ কি.গ্রা. ) ১৫ :১৫ :১৫ অনুপাতত মিশ্ৰিত সাৰপ্ৰতি হেক্টৰত প্ৰয়োগ কৰা ২০:২০:২০ অনুপাতৰ এন পি কে (বিঘাই প্ৰতি ৩:৩:৩ কি.গ্রা. এন পি কে)ৰ সমান ৷ পৰিপূৰক হিচাপে ৪৫ কি.গ্রা. ইউৰিয়া সাৰ প্ৰতি হেক্টৰত টপদ্ৰেছ হিচাপে প্ৰয়োগ কৰিলে হেক্টৰে প্ৰতি ৪০:২০:২০ কি.গ্রা.(বিঘাই প্ৰতি ৬:৩:৩ কি.গ্রা. ) এন পি কে পোৱা যায় ৷ আধা পৰিমাণৰ ইউৰিয়া সাৰ প্ৰয়োগ কৰিলে হেক্টৰে প্ৰতি ২০:১০:১০ কি.গ্রা. (বিঘাই প্ৰতি ৩:১.৫:৫ কি.গ্রা. ) এন পি কে পোৱা যায় ৷
ৰক ফচফেটৰ অনুমোদন: (চুপাৰ ফচফেট ব্যৱহাৰ নকৰিলে)
নাইট্ৰ’জেন যুক্ত সাৰৰ পৰিপূৰক হিচাপে এজ’লাৰ প্ৰয়োগ
কঠীয়া ৰোৱাৰ পিছত পথাৰত প্ৰতি হেক্টৰত ৫০০ কি.গ্রা.কৈ এজ’লা সিঁচি দিব লাগে ৷ পানীৰ ওপৰ ভাগ ঢাক খোৱাকৈ এজ’লা বোৰ ২-৩ সপ্তাহমান বাঢ়ি আহিবলৈ দিব লাগে ৷ পানীখিনি ঢ়াকখোৱাৰ পিছত এজ’লাবোৰ মাটিৰ সৈতে মিহলাই দিব নাইবা তাতে পঁচি যাবলৈ দিব ৷ এজ’লা কিছুমান পোক-পৰুৱাৰ দ্বাৰা আক্ৰান্ত হয় (যিবোৰ সাধাৰণতে ধানৰ পোক নহয়) ৷ তেনে হ’লে, আক্ৰান্ত অঞ্চলত প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ ফুৰাদন ৩ কেজি ঔষধৰ দানা ছটিয়াই দিব লাগে ৷
৫০০ কি.গ্রা. সজীৱ এজ’লা পাবলৈ হলে ৪০০ বৰ্গ মিটাৰত পানী থকা অঞ্চল এটাত ১৬ কি.গ্রা. পুনি এৰি দিব আৰু ৩-৪ সপ্তাহ ডাঙৰ হবলৈ দিব ৷ এজ’লাৰ বাঢ়নৰ প্ৰতি লক্ষ্য ৰাখি নাইট’জেন সাৰৰ টপদ্ৰেছিং বন্ধ কৰিব পাৰি ৷
কঠীয়াৰ বয়স আৰু কঠীয়া ৰোৱাৰ দূৰত্ব: (ৰোৱা খেতিত)
জাত |
বয়স (দিন) |
দুৰত্ব (চে:মি:) |
১
|
২
|
৩
|
১) হ্ৰস্ব মধ্যকালিন জাত (১২০ দিনলৈকে)
|
২৫
|
২০ x৩০
|
২) মধ্যকালীন জাত (১২০-১৩০ দিনলৈকে) |
৩০-৪০
|
২০ x ২০
|
৩) দীৰ্ঘকালীন (১৩০দিনৰ অধিক) | ||
পংকজ |
৩০-৪০
|
২০ x ২০
|
সাবিত্ৰী |
৩৫-৪০
|
২০ x ২০
|
মাচুৰী |
৩৫-৪০
|
২৫ x ২০
|
মনোহৰ শালি আন থলুৱা জাত |
৩৫-৪০
|
২৫ x ২৫
|
সিঁচাৰ পৰা ৬০ দিন পৰ্য্যন্ত পংকজ ধানৰ কঠীয়া ৰুব পাৰি ৷(২০ আগষ্টৰ ভিতৰতে) ৷
শেহতীয়া শালিৰ কঠীয়াৰ বয়স আৰু দুৰত্ব (ৰোৱা পদ্ধতি)
জাত
|
বয়স (দিন)
|
দূৰত্ব (চে:মি:)
|
অৰ্দ্ধচাপৰ জাতৰ (কে-এম জে ১-১৯-১) |
৫০-৫৫
|
১৫ x ১৫
|
বিৰাজ |
৫০-৫৫
|
২০ x ১৫
|
ওখ জাতৰ |
৫০-৫৫
|
২০ x ১৫
|
পুন: শেহতীয়া খেতিত প্ৰতি হেক্টৰত ৪০:২০:২০ কি.গ্রা. এন পি কে এবাৰতে প্ৰাথমিক সাৰ হিচাপে প্ৰয়োগ কৰিব লাগে৷
প্ৰতি গোচত কঠীয়া:
১) নিয়মীয়া খেতিত ২-৩ ডাল কঠীয়া (জুলাই-আগষ্ট)
২) শেহতীয়া খেতিত ৪-৬ ডাল কঠীয়া (চেপ্তেম্বৰ)
গভীৰতা:
সকলো জাতৰ কঠীয়া ৪ৰ পৰা ৫ চে:মি: দকৈ ৰুব লাগে ৷
প্ৰতিপালন:
কঠীয়া ৰোৱাৰ ২০ দিন আৰু ৪০ দিনৰ পিছত নিৰণি যন্ত্ৰেৰে বা কোৰেৰে দুবাৰ বনবাত নিৰাই দিব ৷
পথাৰ পৰিচালনা:
শালিধানৰ বাবে কঠীয়া ৰোৱাৰ ৩ দিন পাছৰ পৰা ৫চে:মি: জলসিঞ্চনৰ পানী মধ্যমীয়া আৰু গধুৰ মাটিত ৰাখিব লাগে৷
পথাৰত শস্য ৰখাৰ ব্যৱস্থা
[ক] পোক পৰুৱা
[খ] বেমাৰ:
ব্লাষ্ট:
ক) এই ৰোগ সহ্য কৰিব পৰা ক্ষমতা থকা, মনোহৰ শালি, প্ৰসাদ, আই আৰ-৩৬, পংকজ, চি এইচ –৬৩, তৰাৱলী, কালচাৰ-১ জাতৰ খেতি কৰিব৷
খ) আগতে উল্লেখ কৰাৰ দৰে বীজবোৰ শোধন কৰি লব ৷
গ) ব্লাষ্ট ৰোগৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগে যাতে সময়মতে ঔষধ স্প্ৰে কৰিব পাৰি ৷ ওপৰৰ ৫ খিলা পাত লক্ষ্য কৰিব, যদি পাতৰ শতকৰা ৫ভাগো এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে লগে লগে ঔষধ প্ৰয়োগ কৰিব ৷ সাধাৰণতে ৩ বাৰ ঔষধ স্প্ৰে কৰিলেই এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ পোখা মেলা সময়ত (কঠীয়া ৰোৱাৰ ৩০ দিন পিছত ) প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰামকৈ বেভিষ্টিন অথবা ডিৰোচল নাইবা জে কে ষ্টেইন অথবা ১ লিটাৰ পানীত ১ গ্ৰাম তপছিন এম মিহলাই স্প্ৰে কৰিব ৷ তাৰ পিছত হিনোচান ঔষধ ১মি:লি: প্ৰতি লিটাৰ পানীত মিহলাই দুবাৰ স্প্ৰে কৰিব, গেৰধৰা সময়ত এবাৰ আৰু ঠিক ফুল ওলোৱাৰ সময়ত এবাৰ ৷
সিঁচা পদ্ধতিৰে শেহতীয়া শালি খেতি:
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/19/2020