জাত
এইচ চি ৫৮৩ আৰু এ-এম-চি ১০৮ ৷
মাটি নিৰ্বাচন
পানী ওলাই যোৱাৰ সুব্যৱস্হা থকা পলসুৱা আৰু বালিঅঁহীয়া মাটি এই খেতিৰ বাবে উপযুক্ত৷
পথাৰ প্ৰস্তুতি
মাটি ডৰা দীঘে পথালিয়ে কেইবাবাৰো হাল বাই ৫-৬ বাৰ মৈয়াই মিহি কৰি ল'ব ৷
বীজ সিঁচাৰ সময় : এপ্ৰিল মাহৰ পৰা মে’ মাহৰ মাজভাগলৈ ৷
সাৰ প্ৰয়োগ : পথাৰ প্ৰস্তুত কৰোতে হেক্টৰে প্ৰতি ৭-৮ টন পাম জাত সাৰ বা পচন সাৰ প্ৰয়োগ কৰিব ৷ প্ৰতি টন পচন সাৰত ৫ কিলোগ্ৰামকৈ নাইট্ৰোজেন সাৰ থাকে ৷ পচন সাৰ প্ৰয়োগ কৰিলে সেই অনুপাতত নাইট্ৰোজেন সাৰ মুঠ প্ৰয়োগ কৰিবলগীয়া ৰাসায়নিক সাৰৰ পৰা বাদ দিব লাগে ৷
পুষ্টি |
পৰিমান (কি:গ্ৰাম/হেক্টৰত) |
সাৰ |
সাৰৰ পৰিমান (কি:গ্ৰাম) |
|
হেক্টৰত |
বিঘাত |
|||
নাইট্ৰোজেন |
৪০ |
ইউৰীয়া |
৯০ |
১২ |
ফছফৰাছ |
২০ |
একক চুপাৰ ফছফেট |
১২৫ |
১৬ |
পটাছ |
২০ |
মিউৰেট অৱ পটাছ |
৩২ |
৫.২ |
সাৰ প্ৰয়োগ পদ্ধতি
শেষবাৰ মাটি চাহ কৰাৰ সময়ত সমুদায় ফছফেট আৰু পটাছ সাৰ প্ৰয়োগ কৰিব লাগে ৷ নাইট্ৰোজেন সাৰখিনি সমানে দুভাগ কৰি পুলি গজাৰ ৪-৫ আৰু ৭-৮ সপ্তাহৰ পিছত টপদ্ৰেছ হিচাবে প্ৰয়োগ কৰিব লাগে ৷
বীজৰ পৰিমান :
পদ্ধতি |
বীজৰ পৰিমান (কি:গ্ৰাম) |
|
হেক্টৰত |
বিঘাত |
|
শাৰীবদ্ধ পদ্ধতি |
১৩-১৫ |
১.৮-২.০ |
সিঁচা পদ্ধতি |
১৮-২০ |
২.৫-৩.০ |
ব্যৱধান
শাৰীৰ মাজত : ৩০ ছে:মিটাৰ
গছৰ মাজত : ১৫ ছে:মিটাৰ৷
অপতৃণ নিয়ন্ত্ৰণ
পুলি ওলোৱাৰ ২০-৩০ দিনৰ পিচত এবাৰ হাতেৰে বনবাত বোৰ উভালি দিব আৰু প্ৰয়োজন অনুযায়ী গছৰ সংখ্যা ঠিকে ৰাখি গছবোৰ পাতলাই দিব ৷ শাৰীবদ্ধভাৱে কৰা খেতিত পুলি ওলোৱাৰ ২য় আৰু ৫ম সপ্তাহৰ পিচত মাজত দুবাৰ চক্ৰকোৰ ব্যৱহাৰ কৰিব লাগে৷
শস্যৰক্ষা
(ক) পোক পৰুৱা :
চগা নিয়ন্ত্ৰণ কৰিবলৈ গছৰ ফল ধৰা অৱস্হাত ১৫ দিনৰ ব্যৱধানত দুবাৰ এন্দোচালফান (০.০৭ শতাংশ) নাইবা ফচফামিদন (০.০৫ শতাংশ) নাইবা ডাইমেথোয়েট (০.০৬ শতাংশ) গছ বঢ়াৰ সময়ত স্প্ৰে কৰিব ৷
গেৰোৱা আৰু আঁহ উলিওৱা
গেৰোৱা আৰু আঁহ উলিওৱা পদ্ধতি মৰাপাটৰ দৰেই ৷
উৎপাদন
প্ৰতি হেক্টৰত ২২-২৫ কুইন্টল আঁহ পাব পাৰি৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018