মাটি প্ৰস্তুতি
মিহি আৰু পৰিষ্কাৰ বীজ তলি এখন প্ৰস্তুত হোৱাকৈ পথাৰডৰা দীঘে পথালিয়ে কেইবাবাৰো হাল বাই ল'ব৷ পিছত ৫-৬ বাৰমান মৈ দি জাবৰ জোঠৰ আদি বাচি আঁতৰ কৰি লব৷
মাটি নিৰ্বাচন
ওখ, পলসুৱা আৰু বালিঅঁহীয়া মাটি উপযুক্ত৷
সিঁচাৰ সময়
১ ৷ মধ্য অসম পৰিমণ্ডলৰ বাবে জুন মাহ৷
২ ৷ অন্যবোৰ পৰিমণ্ডলৰ বাবে জুলাই -আগষ্ট মাহ ৷
বীজৰ পৰিমান
মৰাপাট |
শাৰীবদ্ধ পদ্ধতি |
সিঁচা পদ্ধতি |
||
কি:গ্ৰাম/হেক্টৰত |
কি:গ্ৰাম/বিঘাত |
কি:গ্ৰাম/হেক্টৰত |
কি:গ্ৰাম/বিঘাত |
|
তিতামৰা |
৬ |
৮০০ |
১০ |
১.৫ |
মিঠামৰা |
৪ |
৫৫০ |
৭ |
১ |
শস্য চপোৱা
সম্পূর্ণ পূৰঠ হলেহে বীজৰ বাবে লোৱা গছবোৰ কাটি আনিব লাগে । কিন্ত্ত বীজৰ চিতাবোৰ ফাটি যোৱাৰ আগতেই কটা উচিত । বীজৰ বাবে মাটি অনা গছৰ পোলাবোৰ প্রথমতে শুকান চোতালত শুকাবলৈ দিব । ইয়াৰ পিচত মৰিয়াই বীজ বাহিৰ কৰিব । গছৰ পৰা উলিয়াই পোৱা বীজবোৰ জাৰিব,শুকাবলৈ দিব আৰু পিচত সংৰক্ষণ কৰিব পাৰি ।
বীজ উৎপাদন
তিতামৰা: ৪-৫ কুইন্টল/হেক্টৰত
মিঠামৰা:৩-৪ কুইন্টল/হেক্টৰত
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018