জাতসমূহ : আৰ-১৪১১, আৰ-১৪৪৯, আৰ-১৪৫২, আৰ-৬৭-৩৪ (কানাই)
মাটি নিৰ্বাচন
অম্লতা ৫.৫-৬.০ ভিতৰত থকা পলসুৱা বা বালিঅঁহীয়া মাটি ৰিহা খেতিৰ বাবে উপযোগী৷
জলবায়ুৰ প্ৰয়োজনীয়তা
গৰম আৰু সেমেকা জলবায়ুত এই খেতি ভাল হয়৷
উষ্ণতা : ২৫-৩১ ডিগ্রী ছেলছিয়াছ৷
উচ্চতা : সাগৰপৃষ্ঠৰ পৰা ৩০০ মিটাৰ ওপৰত ৷
বংশ বিস্তাৰ : ৰিহাগছ সাধাৰণতে মূলকাণ্ড, বীজ আৰু ডালৰ পৰা বংশ বিস্তাৰ কৰিব পাৰি ৷
ৰোৱাৰ সময় : মে-চেপ্তেম্বৰ মাহৰ ভিতৰত ৷
ব্যৱধান
শাৰীবদ্ধ হিচাবে = ৬০ ছে:মি:
গছৰ পৰা গছৰ দূৰত্ব = ৩০ ছে:মি:
ৰোৱাৰ বাবে গাঁতৰ ব্যৱস্থা: ৰোৱাৰ বাবে গাঁতবোৰ ৫-৬ ছে:মি: মানৰ দ' গাত হব লাগে ৷
স্তেগিঙৰ সময় : ৰোৱাৰ দ্বিতীয় বছৰত এপ্ৰিলমাহৰ তৃতীয় সপ্তাহত স্তেগিঙ কৰিব লাগে ৷
সাৰপ্ৰয়োগ: ৩০:১৫:১৫ কি:গ্ৰাম/গছৰ অনুপাতত নাইট্ৰোজেন : ফছফৰাছ : পটাছ সাৰ প্ৰয়োগ কৰিব ৷
প্ৰতি হেক্টৰত বিভিন্ন সাৰ, মূলকাণ্ড আদিৰ প্ৰয়োজনীয়তা :
১) |
মূলকাণ্ড |
৩৭৫-৪০০ কি:গ্ৰাম |
২) |
চূণ |
৩.৫-৪ টন (যদি মাটিৰ গুণ অম্লতাযুক্ত হয়) |
৩) |
ইউৰীয়া |
৬৫ কি:গ্ৰাম/গছত |
৪) |
একক চুপাৰ ফছফেট |
৯৪ কি:গ্ৰাম/গছত |
৫) |
মিউৰেট অৱ পটাছ |
২৬ কি:গ্ৰাম/গছত |
৬) |
পচন সাৰ |
২০ টন/বছৰত |
৭) |
গোবৰ |
১০-২০ টন/বছৰত |
শস্য চপোৱা
বছৰত ৪ বাৰ শস্য চপাব লাগে৷ প্ৰথমবাৰ গছ ৰোৱাৰ ৫০ দিনৰ পিছত, দ্বিতীয়বাৰ : প্ৰথমবাৰ শস্য চপোৱাৰ ৪৫ দিনৰ পিছত, তৃতীয়বাৰ: দ্বিতীয়বাৰ শস্য চপোৱাৰ ৪৫ দিনৰ পিছত, চতুৰ্থবাৰ : তৃতীয়বাৰ শস্য চপোৱাৰ ৫০ দিনৰ পিছত৷
উৎপাদন
আঁহৰ উৎপাদন: ১৬-২২ কুইন্টল/বছৰত/হেক্টৰত৷
শিপাৰ পৰা হোৱা উৎপাদন
১০-১২ কুইন্টল/বছৰত/হেক্টৰত(৫ বছৰৰ পিচত)৷
মূলকাণ্ড : ৫ বছৰৰ পিছত ১০-১২ মেট্ৰিক টন/হেক্টৰত৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018