ধান অসমৰ প্ৰধান শস্য। অসমত শালিধানকে আদি কৰি বৰো, আহু আৰু বাওধানৰ খেতি কৰা হয় যদিও শালিধানহে মুখ্য। সেয়েহে কেনেবাকৈ যদি বতৰে শলিধানৰ খেতি সময় মতে কৰিব নিদিয়ে তেতিয়া কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হয়। অসমৰ প্ৰায়খিনি কৃষিভূমিয়ে মধ্যমীয়া। সেয়েহে নেৰানেপেৰা বৰষুণে অতি সহজে কৃষি ভূমিসমূহ জলাশয়লৈ ৰূপান্তৰিত কৰা দেখ যায়। ফলত কৃষকে সময় মতে খেতি কৰিব নোৱাৰা হয়। বান অধ্যুষিত অঞ্চলত কৃষকে যাতে একো নোপোৱাতকৈ অতি কমেও কিবা এটা পোৱাৰ বাবে তলৰ হয়। বান অধ্যুষিত অঞ্চলত কৃষকে যাতে একো নোপোৱাতকৈ অতি কমেও কিবা এটা পোৱাৰ বাবে তলৰ কৰ্মসমূহত গুৰুত্ব প্ৰদান কৰিব লাগে।
বান অধ্যুষিত অঞ্চলত অধিকাংশ কৃষিভূমি পানীত বুৰ গৈ থাকে। ফলত কঠীয়া প্ৰস্তুতিৰ বাবে অকণো মাটি নাথাকে। এনে ক্ষেত্ৰত এই কৃষকসকলক সহায় কৰিবলৈ ওচৰৰ ৰাইজ আগবাঢ়ি আহিলেহে বানাক্ৰান্ত কৃষকে খেতি কৰিব পৰাটো সম্ভৱ। সেয়ে ৰাইজে ৰজহুৱাভাৱে গাঁৱৰ বা ওচৰৰ গাঁৱৰ ওখ ঠাইত কঠীয়াতলী প্ৰস্তুতিৰ ব্যৱস্থা কৰিব লাগে।
অসম কৃষি বিশ্ববিদ্যালয়ে বতৰৰ লগত খাপ খোৱাকৈ কঠীয়াৰ বয়স আৰু ৰোৱাৰ সময়ৰ ওপৰত লক্ষ্য ৰাখি কিছুমান জাত উদ্ভাৱন কৰিছে। তাৰ ভিতৰত কিছুমান জাত হ’ল-
যদি বানৰ পানী সোনকালে কমি যায় আৰু আগষ্ট মাহৰ মাজভাগত ধান ৰুব পৰা যায়, তেতিয়াহ’লে কুশল, আই ই টি-৬৬৬৬, পংকজ, বিৰাজ, এন্দ্ৰুশালি, শোলপনা, আৰু প্ৰসাদভোগ জাত উপযোগী।
যদি বানৰ পানী আগষ্ট মাহৰ শেষৰ পিনে কমি যায় তেনে ক্ষেত্ৰত মনোহৰ শালি, কে এম জে-১-১৯-১, লুইত। কপিলী, কলং, দিচাং দিখৌ, দুম শালি, বিৰাজ, এন্দ্ৰুশালি আদি জাতসমূহ উপযোগী।
কঠীয়াতলীত যথেষ্ট পৰিমাণে গোবৰ, পচন সাৰ আদি দি বহুদিন আগতে হাল মাৰি থ’ব লাগে। সমতলত কঠীয়াতলী ১.২৫ মিটাৰ (৪ ফুট) বহল কৰি দুখন কঠীয়াতলীৰ মাজত ১ ফুট ঠাই এৰিব লাগে যাতে মানুহ সহজে অহা-যোৱা কৰিব পাৰে। কঠীয়াতলীখন ভালদৰে সমান কৰাটো প্ৰয়োজন। এবিঘা মাটি ৰুবৰ বাবে প্ৰয়োজনীয় কঠীয়াতলীত ০.৫ কেজি ইউৰিয়া, ০.৫ কেজি একক ছুপাৰ ফছফেট আৰু ০.২৫ কেজি মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে। ‘মেট’ বা ‘ডেপগ’ পদ্ধতিতো কঠীয়া প্ৰস্তুত কৰিব পাৰি।
এবিঘা মাটিৰ বাবে ১০ কেজি বীজৰ প্ৰয়োজন হয়। পলমকৈ কৰা খেতিৰ বাবে বেছি বীজৰ প্ৰয়োজন হয়।
দুখন কঠীয়াতলীৰ মাজত ৰখা ১ ফুট ঠাই অকণ দকৈ কাটি দিব লাগে যাতে বৰষুণৰ সময়ত কঠীয়াতলীত জমা হোৱা অতিৰিক্ত পানীভাগ সহজে ওলাই যাব পাৰে অথবা বতৰ খৰাং হ’লে কঠীয়াতলীত পানীৰ যোগান ধৰিব পৰা যায়।
বানপানী কমি যোৱাৰ পাছত সুবিধা মতে কঠীয়া ৰূব লাগে। মন কৰিব লাগে যে সাধাৰণতে বানপানীৰ পাছত বতৰ খৰাং হোৱা দেখা যায়।
দেৰিকৈ ৰোৱা কঠীয়া সদায় ঘনাই আৰু প্ৰতিটো গোছাত ৬-৮ ডাল কঠীয়া ৰুব লাগে। কাৰণ দেৰিকৈ ৰুলে কঠীয়াৰ পোখা কম হোৱা দেখা যায়। উন্নত জাতৰ কঠীয়াৰ গোছা প্ৰতি বৰ্গমিটাৰ ঠাইত ৩৬ টা আৰু ওখ জাতৰ কঠীয়াৰ গোছা প্ৰতি বৰ্গ মিটাৰ ঠাইত ২৫ টা হ’ব লাগে।
সদায় বানপানী হোৱা অঞ্চলত যদি পলসৰ ডাঠ গেদ পৰে তেনে ক্ষেত্ৰ্ত কোনো সাৰ প্ৰয়োগ নকৰিলেও হয়। কিন্তু কেতিয়াবাহে বানপানী হোৱা অঞ্চলৰ বাবে উন্নত জাতৰ ধানৰ ক্ষেত্ৰত বিঘাই প্ৰতি ১২ কেজি ইউৰিয়া, ১৭ কেজি একক ছুপাৰ ফছফেট আৰু ৪ কেজি মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে। তেনেদৰে ওখ জাতৰ ধানৰ ক্ষেত্ৰত বিঘাই প্ৰতি ৬ কেজি ইউৰিয়া, ১৭ কেজি একক ছুপাৰ ফছফেট আৰু ৯ কেজি মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে।
যেতিয়া কঠীয়াৰ নাটনি হয় তেতিয়া দ্বি-ৰোপণ পদ্ধতিৰ জৰিয়তে কঠীয়াৰ বংশ বৃদ্ধি কৰা হয়। এনে ক্ষেত্ৰত জুলাই মাহৰ প্ৰথম ভাগত কঠীয়া ঘনাই ৰুব লাগে অৰ্থাৎ প্ৰতি বৰ্গমিটাৰ ঠাইত ৫০ টা কঠীয়াৰ গোছা ৰুব লাগে। তাৰ ২৫-৩০ দিন পাছত উক্ত কঠীয়াৰ পৰা প্ৰায় ৫-৭ গুণ কঠীয়া পাব পাৰি।
১৫০ দিনীয়া শস্যকালৰ পোহৰ কাল সংবেদনশীল উন্নত বা ওখ জাত নিৰ্বাচন কৰিব লাগে।
বীজ সিঁচাঃ
জুন মাহৰ আগ ভাগত ভালদৰে চহ কৰা মাটিত বীজ সিঁচিব লাগে।
জুলাই মাহৰ প্ৰথম ভাগত ২৫-৩০ দিনীয়া কঠীয়া ৰুব লাগে আৰু প্ৰতি বৰ্গমিটাৰ ঠাইত ৫০ টা কঠীয়াৰ গোছা ৰুব লাগে (২০ ছেঃ মিঃ × ১০ ছেঃ মিঃ)। কঠীয়া সোনকালে বাঢ়িবৰ বাবে বিঘাই প্ৰতি ৬ কেজি ইউৰিয়া, ৮ কেজি মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে।
প্ৰথমবাৰ ৰোৱাৰ ২৫-৩০ দিন পাছত কঠীয়াখিনি উঠাই পোখাসমূহ ভাগ কৰি ১-২ ডাল কঠীয়া ৰুব লাগে। কঠীয়া ৰোৱাত বেছি দেৰি হ’লে গোছাত কঠীয়া ৩-৪ ডালকৈ দি ঘনাই ৰুব লাগে। যদি দ্বিতীয়বাৰ ৰুওঁতে আগষ্ট মাহ পাৰ হৈ যায় তেতিয়া সাৰ প্ৰয়োগ কৰিব নালাগে।
বানপানী কমি বা শুকাই যোৱাৰ পাছত এইটো এটা উত্তম পদ্ধতি। সাধাৰণতে কমদিনীয়া জাত (শস্যকাল ১০০ দিন) যেনে-লুইত, কপিলী, কালচাৰ-১ । এই পদ্ধতিৰ বাবে উপযোগী। এই পদ্ধতিত এবিঘা মাটিৰ বাবে ১০ কেজি বীজৰ প্ৰয়োজন। বীজখিনি ২৪ ঘণ্টা পানীত তিয়াই ৰাখি পাছত পানীৰ পৰা উঠাই পুনৰ ২৪-৪৮ ঘণ্টা বস্তা বা ডাঠ কাপোৰেৰে গজালি ওলাবৰ বাবে গাপ দি ৰাখিব লাগে। একে সময়তে দুবাৰমান চহ কৰি কঠীয়া সিঁচিবলৈ মাটি সমান কৰি উপযুক্ত কৰিব লাগে। তাৰ পাছত গজালি ওলোৱা বীজখিনি পথাৰত সমভাবে সিঁচিব লাগে। বীজ সিঁচাৰ ২০ দিন আৰু ৪৫-৫০ দিনত ৬ কেজিকৈ ইউৰিয়া টপ ড্ৰেছিং কৰিব লাগে। সাধাৰণতে ১০ ছেপ্টেম্বৰলৈ এনেদৰে খেতি কৰা সম্ভৱ হয়।
এই পদ্ধতিত খেতি কৰিলে বিশেষ অসুবিধা হ’ল- বানপানীৰ পাছত বতৰ সাধাৰণতে খৰাং হোৱা দেখা যায়। তদুপৰি ফুল ফুলিবৰ সময়ত অতিপাত ঠাণ্ডা পৰিলে ধানৰ শীহত পতান হোৱা দেখা যায়।
লিখকঃ ঘনকান্ত শৰ্মা, অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 6/21/2020