কোটকৰা বুলিলেই মহাসতী জয়মতী কুঁৱৰীৰ কথা মনলৈ আহে। ৰজাৰ চাউদাঙে জয়মতী কুঁৱৰীক জেৰেঙা পথাৰৰ এজোপা কোটকৰা গছত বান্ধি, গাত চোৰাত পাত লগাই, চেঁচা পানী ঢালি, গৰম লোহা লগাই তিলতিলকৈ শাস্তি দিছিল। নিজৰ ৰাজ্যক অত্যাচাৰী ৰজাৰ শাসনৰ পৰা মুক্ত কৰিবলৈ সকলো অত্যাচাৰ সহি গছত বান্ধি থোৱা অৱস্থাতে তেওঁ মৃত্যুবৰণ কৰিছিল। এই কোটকৰাৰ গছ অসমৰ প্ৰায় সকলো বন-জংঘলতে পোৱা যায়। ইয়াৰ গছ মধ্যমীয়া আকাৰৰ, কাইটীয়া আৰু ছ্য় মিটাৰ মানলৈকে ওখ হয়। ডালবোৰ সৰু আৰু তললৈ হালি যায়। গা-গছ আৰু ডালবোৰ মটীয়া-মুগা। পাত বিপৰীতমুখীভাৱে ঘুৰণীয়াকৈ ওলায়। পাত পাঁচৰ পৰা আঠ চেন্টিমিটাৰলৈকে দীঘল, ডিম্বাকাৰ, সেউজীয়া আৰু মধ্যসিৰাত ভাঁজখোৱা। ডালবোৰৰ পত্ৰকক্ষত দীঘল, থিয় জোঙা কাঁইট থাকে। গ্ৰীস্ম কালত পত্ৰকক্ষত সৰু থোপাত বা অকলশৰীয়াকৈ ফুল ফুলে। ফুল বগা সেউজীয়া। ফুলাৰ পিছত গোলকাৰ, প্ৰায় পাঁচ চেন্টিমিটাৰ ব্যাসৰ ফল ধৰে। ফলত কেইবাটও গুটি থাকে। ফলবোৰ সেউজীয়া আৰু পুৰঠ হ’লে হালধীয়া হয়। ফলৰ তলফালে বৃত্তাকাৰে এটা সাঁচ থাকে। ফলবোৰ কেহা-তিতা-টেঙা স্বাদৰ, আঠাযুক্ত আৰু পুৰঠ হ’লেও ৰসাল অৱস্থাত খোৱাৰ উপযোগী নহয়। পুৰঠ ফলবোৰ ৰ’দত শুকালে কেঁহা-তিতা গুণ আতৰি মিঠা হয়। ভিতৰৰ কোমল মঙহহালভাগ লেকেটিয়া, মিঠা হয় আৰু খোৱাৰ উপযোগী হৈ পৰে। সাধাৰণতে পুৰঠ ফলবোৰ বাঁহৰ শলাত চিলাই ৰ’দ পৰা কিন্তু বৰষুণ নপৰাকৈ ভঁৰাল ঘৰৰ বেৰত খুচি থৈ শুকাবলৈ দিয়া হয়। কোটকৰাৰ ফল, কাণ্ড, পাত আদিত যথেষ্ট ঔষধি গুণ আছে। কোটকৰৰ বৈজ্ঞানিক নাম মিয়েনা স্পিনোছা আৰু ই ৰাবিয়েচি গোত্ৰৰ উদ্ভিদ।
ৰাজীৱ প্ৰসাদ শইকীয়া, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020