অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গুৱাহাটীত ষ্ট্ৰবেৰীৰ খেতি

গুৱাহাটীত ষ্ট্ৰবেৰীৰ খেতি

যিবোৰ ফল-মূলে সম্ভান্ত্ৰ খাদ্য তালিকাত আগস্থান পায়, তাৰ ভিতৰত অন্যতম হৈছে ষ্ট্ৰবেৰী। আকৰ্ষণীয় ৰঙা ৰং, মোহনীয় আকৃতি আৰু অপূৰ্ব সোৱাদৰ বাবে ষ্ট্ৰবেৰীৰ চাহিদা সমগ্ৰ বিশ্বতে বিদ্যমান। বিশ্বৰ উন্নত দেশসমূহত ষ্ট্ৰবেৰী, কিৱি, পেছন ফ্ৰুট আদি ফল-মূলৰ খেতি ব্যাপকভাৱে কৰা হয় যদিও আমাৰ দেশত এই ধৰণৰ উচ্চ মূল্যৰ শস্যৰ খেতি আৰম্ভ কৰা বেছি দিন হোৱা নাই। অসমত এনেবোৰ খেতিৰ ইতিহাস নিচেই চমু। ২০১২-১৩ চনৰ সময়ছোৱাত ‘উদ্যানশস্য অভিযানৰ’ৰ অধীনত অসমৰ উদ্যানশস্য সঞ্চালকালয়ে প্ৰথমবাৰৰ বাবে ৫০ হেক্টৰ মাটিত ষ্ট্ৰবেৰীৰ খেতি আৰম্ভ কৰিছিল। সেই সময়ত বাক্সা জিলাৰ ৫ হেক্টৰ মাটিত শনিৰাম বসুমতাৰী আৰু গছৰ কুমাৰ বসুমতাৰীৰ নেতৃত্বত এটা সাতজনীয়া কৃষক গোটে সফলতাৰে কৰা ষ্ট্ৰবেৰী খেতি আৰু প্ৰতাপ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত ছজনীয়া এটা কৃষক গোটে ১৫ হেক্টৰ মাটিত কৰা ষ্ট্ৰবেৰী খেতিৰ সফলতাই কৃষি বিষয়াসকলৰ আত্মবিশ্বাস বঢ়াই তোলে। পিছে গুৱাহাটীৰ আঁতৰত থকা এই খেতিপথাৰসমূহে জনসাধাৰণৰ দৃষ্টি বৰকৈ আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাছিল। এই পটভূমিতে কামৰূপ জিলাৰ জিলা কৃষি বিষয়া নৱাব ইমদাদ আলীৰ বিশেষ উদ্যোগত সম্প্ৰতি গুৱাহাটিৰ বৰাগাঁৱত ‘নমো ফাৰ্ম’ ৰ যোগেৰে দুবিঘা মাটিত ষ্ট্ৰবেৰীৰ খেতি আৰম্ভ কৰা হৈছে। এই ‘নমো ফাৰ্ম’ত জড়িত হৈ আছে দুজন শিক্ষিত যুৱক-নাম ললিত আগৰৱালা আৰু বিনয় বিষয়া হিচাপে আমি যেতিয়া এই খেতিপথাৰ পৰিদৰ্শন কৰিবলৈ গৈছিলো, তেতিয়া বিনয় আগৰৱালাক দেওবাৰৰ দিনটোতো খেতিপথাৰত ব্যস্ত হৈ থকা দেখিছিলো। খেতিডৰাত ব্যস্ত হৈ থকা দেখিছিলো। খেতিডৰাত ব্যস্ত হৈ থকা দেখিছিলো। খেতিডৰাত মূলত: ‘ছুইট চাৰ্লি’ আৰু ‘উইনটাৰ ড’ন’ নামৰ জাত দুটাৰ লহপহীয়া খেতিডৰাই আমাক বাৰুকৈ আকৰ্ষণ কৰিছিল। প্লাষ্টিক মালচিঙেৰে আৱৰা সেউজীয়া পাতৰ মাজে মাজে ষ্ট্ৰবেৰীৰ ৰঙা ফলবোৰে সকলোকে মোহিত কৰিছিল। উল্লেখযোগ্য যে কৃষি বিভাগৰ ফালৰ পৰা ৩০০০ ষ্ট্ৰবেৰীৰ পুলি আৰু প্ৰয়োজনীয় আটাইখিনি মালচিঙৰ সামগ্ৰী যোগান ধৰা হৈছে। অৱশ্যে খেতিডৰাত আগৰৱালাই নিজাববীয়াকৈ অতিৰিক্ত ৯০০০ পুলি ৰোপণ কৰিছে। ‘ড্ৰীপ ইৰিগ্ৰেচন’ সংলগ্ন এই খেতিডৰা যোৱা বছৰৰ অক্টোৱৰৰ শেষৰ সপ্তাহত আৰম্ভ কৰা হৈছিল। ইতিমধ্যে প্ৰায় ৮ লাখ টকা বিনিয়োগ কৰা খেতিডৰাৰ পৰা উৎপাদন আৰম্ভ হৈছে। আগৰৱালাই জনোৱা মতে, বৰ্তমানে তেওঁ দিনে ৩০ কিলোগ্ৰামকৈ ষ্ট্ৰবেৰী চপাবলৈ সক্ষম হৈছে আৰু এই সমুদায় ষ্ট্ৰবেৰী গুৱাহাটীৰ ফাঁচীবজাৰত ২০০-২৫০ টকা কিলোগ্ৰাম দৰত বিক্ৰী হৈ আছে। কিছুদিনৰ পিছতে আৰু অধিক হাৰত ষ্ট্ৰবেৰী উৎপাদন হ’ব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ কংক্ৰিটৰ পৰিৱেশৰ মাজতো বৰাগাঁৱৰ এই খেতিডৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই খেতিৰ সফলতাত উৎসাহিত হৈ মনো ফাৰ্মে প্ৰায় ১২ বিঘা মাটিত এই খেতি সম্প্ৰসাৰণ কৰিবলৈ লৈছে। আনহাতে, উন্নত বজাৰ ব্যৱস্থাৰ বাবে ‘ব্ৰেণ্ড নেম’ দিয়া আৰু উন্নত পেকেজিং কৰাৰ ক্ষেত্ৰতো তেওঁলোক অগ্ৰসৰ হৈছে। আশা কৰো এই শিক্ষিত যুৱক দুজনৰ প্ৰচেষ্টাই আন শিক্ষিত যুৱক-যুৱতীকো আকৰ্ষিত কৰি এনে কৃষিকৰ্মত আত্মনিয়োগ কৰিবলৈ প্ৰেৰণা যোগাব।

লেখিকা: মামনি হাজৰিকা।

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate