স্থানীয় জাত আৰু পি এফ ৩৫
পানী আবদ্ধ নোহোৱা পলসুৱা মাটিত এই খেতি কৰিব পাৰি ৷ মাটিৰ অম্লতা ৬.০-৭.০ ৰ ভিতৰত থাকিব লাগে৷
মাটিখিনি ভালদৰে হাল বাই গোবৰ, পচনসাৰ প্ৰয়োগ কৰি লব লাগে ৷
হেক্টৰে প্ৰতি ১০-১২ কুইন্টল৷
অক্টোবৰ আৰু নবেম্বৰ মাহৰ ভিতৰত বীজ সিঁচিব লাগে৷
প্ৰতি কি:গ্ৰাম বীজত ২ গ্ৰাম কেপ্টাফেৰে বীজবোৰ সিচাঁৰ আগেয়ে শোধন কৰি লব লাগে৷
বীজবোৰ ৩০ ছে:মিটাৰ ব্যৱধানৰ শাৰীত চতিয়াব লাগে আৰু বীজ সিঁচাৰ ৩০ - ৪০ দিনৰ পিছত ১০ চে:মিটাৰ গছৰ পৰা গছলৈ দূৰত্ব ৰাখি পাতল কৰি দিব লাগে৷
পচন সাৰ ২০ টন, নাইট্ৰোজেন ৫০ কি: গ্ৰাম, ফছফৰাছ ২৫ কি:গ্ৰাম৷ নাইট্র'জেনৰ আধা অংশ, পচন সাৰ আৰু ফছফৰাছৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়ত আৰু বাকী থকা নাইট্ৰোজেনৰ অংশ বীজ সিঁচাৰ ৪০ দিনৰ পিচত গছত প্ৰয়োগ কৰিব লাগে৷ বতৰ আৰু মাটিৰ ওপৰত নিৰ্ভৰ কৰি মুঠতে ৫-৬ বাৰ জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে৷
বীজ সিঁচাৰ ৩০-৪০ দিনৰ পিছত প্ৰথমবাৰ আৰু ৬০ দিনত দ্বিতীয়বাৰ খেতিডৰাৰ পৰা বনবাতবোৰ নিৰাই দিব লাগে৷
বীজ সিঁচাৰ ৪-৫ মাহৰ ভিতৰত শস্য চপাব পাৰি ৷
হেক্টৰে প্ৰতি ১০ কুইন্টল বীজ উৎপাদন হয় ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 11/30/2018