অসমৰ হাবিত দেখিবলৈ পোৱা ডাঙৰ ডাঙৰ গছবোৰৰ ভিতৰত চাম কঁঠাল বা চাম গছ অন্যতম। আকাৰত ডাঙৰ চাম গছ দূৰৰ পৰাই চকুত পৰে। ইয়াৰ গছ সাধাৰণতে চিৰসেউজ যদিও বেছি খৰাং পৰিৱেশত সৰহভাগ পাত পকি সৰি যায়। অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্য, হিমালয়ৰ উপকন্ঠ অঞ্চল, নেপাল, বাংলাদেশ, ম্যানমাৰ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আদিত ইয়াৰ গছ পোৱা যায়। ইয়াৰ ইংৰাজী নাম চাম, চাপালিশ, চাপলিশ আদি। বৈজ্ঞানিক নাম আৰ্ট’কাৰপাছ চাপলাশা আৰু গোত্ৰ ম’ৰেচি। চাম গছ প্ৰায় চল্লিশ মিটাৰলৈকে ওখ আৰু গা-গছ প্ৰায় পাঁচ মিটাৰ ঘেৰলৈকে শকত হয়। গা-গছৰ ওপৰৰ অংশৰ পৰা ডাল ওলাই বহল মুকুট গঠন কৰে। পাতবোৰ ডাঙৰ-চৈধ্যৰ পৰা তেইশ চেন্টিমিটাৰ দীঘল, নৰ পৰা চৈধ্য চেন্টিমিটাৰ বহল, ডাঠ, মধ্যসিৰা স্পষ্ট আৰু সেউজীয়া। গছৰ ৰস বগা। ইয়াৰ ফুল একলিংগী আৰু সংযুক্ত। কঁঠালৰ দৰে গা-গছত ইয়াৰ ফল নালাগে। ডালৰ আগ অংশত কঁঠালৰ দৰে মুচি ধৰি সৰু-সাতৰ পৰা দহ চেন্টিমিটাৰ ব্যাসৰ গোলাকাৰ কঁঠাল লাগে। ফুট বা কোঁহবোৰ সৰু সৰু। পকিলে ফুটবোৰ ৰসাল আৰু কমলা বৰণীয়া হয়। ৰসাল ফুটবোৰ খাবলৈ অলপ টেঙেচীয়া-মিঠা। ইয়াৰ গুটিবোৰ ভাজি খালে চীনা বাদাম বা পেস্তাৰ দৰে সোৱাদ। সিজাইয়ো গুটিবোৰ খোৱা হয়। বান্দৰ, কেৰ্কেটুৱা, চৰাই আদিয়ে খায়। পাতবোৰ হাতীয়ে খায়। গছৰ পৰা উৎকৃষ্ট মানৰ কাঠ পোৱা যায়।
লিখক: ৰাজীৱ প্ৰসাদ শইকীয়া।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018