জেটুলিপকা বা জুটুলিপকা এবিধ বনৰীয়া ফল। অসমৰ হাবি জংঘলত, কুঁহিয়াৰ, মাটি কঁঠাল আদিৰ খেতি কৰা বাম মাটিত বা খেৰণি, ফুটুকানি আদিত সততে ইয়াৰ গছ দেখিবলৈ পোৱা যায়। ইয়াৰ ফল ৰসাল আৰু টেঙা-মিঠা স্বাদৰ। ইয়াৰ ইংৰাজী নাম ৱাইলড ৰেজবেৰী, ম’লাকা ৰেজবেৰী, ম’লাকা ব্ৰেম্বল আদি। বৈজ্ঞানিক নাম ৰাবাছ ম’লাকানাছ। ই ৰ’জেচি গোত্ৰৰ উদ্ভিদ। ইয়াৰ গছ জোপোহা বা লতাজাতীয়। কাণ্ডবোৰ খীণ আৰু পাঁচ মিটাৰলৈকে দীঘল হয়। বেছি ওখ হ’লে লতাৰ দৰে বগাই যায়। কাণ্ড সৰু সৰু কোমল নোমেৰে আৱৰা আৰু চুটি আঁকোৰা কাঁইটযুক্ত। পাত সৰল, একান্তৰ, ডিম্বাকাৰ, কাষবোৰ কেইবাটাও সৰু লতিযুক্ত, খহটা, ওপৰৰ পিঠি সেউজীয়া আৰু তলৰ পিঠি পাতল সেউজীয়া-মুগা। পাতবোৰ দুইৰ পৰা বাৰ চেন্টিমিটাৰমানলৈকে দীঘল আৰু তিনিৰ পৰা সাত চেন্টিমিটাৰমানলৈকে বহল হয়। পাতৰ তল পিঠিৰ মধ্যসিৰাও কেতিয়াবা কাঁইটযুক্ত হয়। কাণ্ড বা ডালৰ আগভাগৰ পত্ৰকক্ষত সৰু থোপা পাতি ফুল ফুলে আৰু ফল লাগে। ফুলৰ বেটুপাতবোৰ ডাঙৰ, বগা-মুগা আৰু মখমল কাপোৰৰ দৰে কোমল। ফুল বগা, গুলপীয়া বা ৰঙচুৱা আৰু পাঁচটা পাহিযুক্ত। ফল উন্মুক্ত আৰু ডেৰ বা দুই ছেন্টিমিটাৰ ব্যাসৰ। ফলবোৰ সেউজীয়া আৰু পকিলে ৰঙা হয়। ফলত থোপা পাতি থকা গুটিবোৰ কোমল, মঙহাল অংশই আৱৰি ৰাখে। গুটিৰ ওপৰত এডাল কোমল শুং বা নোম থাকে। পকিলে ফলবোৰ সোৱাদ হয় আৰু কাঁইটে নিবিন্ধাকৈ সাৱধানে গছৰ পৰা এৰুৱাই আনি খোৱা হয়। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ফুল ফুলে আৰু ফল ধৰে। ফুলাৰ পোন্ধৰ দিন মানৰ পিছতে ফল খাব পৰা হয়। চৰাই, কেৰ্কটুৱা আদিয়ে ফলবোৰ খায় আৰু বিস্তাৰ কৰে।
লিখক: ৰাজীৱ প্ৰসাদ শইকীয়া।
শেহতীয়া উন্নীতকৰণ: : 3/12/2020