নাৰিকল গছৰ শ্রীবৃদ্ধি আৰু উৎপাদন ক্ষমতা মূলত: নির্ভৰ কৰে মাটিত থকা মুল পোষক দ্রব্যৰ উপলভ্যতা কিম্বা প্রয়োগ কৰা সাৰৰ পৰিমাণৰ ওপৰত। উপযুক্ত আপডাল পালে এজোপা নাৰিকল গছ ৪-৭ বছৰৰ পৰাই লাগিব ধৰে আৰু কমেও ৬০ বছৰ পর্য্যন্ত উত্পাদনক্ষম হৈ থাকে। এই কালছোৱাৰ ভিতৰত নাৰিকল গছবোৰে মাটিৰ পৰা যথেষ্ট পৰিমানে পোষক দ্রব্য শোষণ কৰে। যদিহে নিয়মিতভাৱে সাৰ প্রযোগ কৰা নহয় তেতিয়া মাটিৰ উর্বৰা শক্তি ক্রমান্বয়ে হ্রাস পায় আৰু গছবোৰৰ উত্পাদন ক্ষমতা কমি আহে। গতিকে উপযুক্ত উত্পাদন পাবৰ বাবে নাৰিকল খেতিত এক বুজন পৰিমাণৰ সাৰৰ আৱশ্যক হয়। সেয়েহে তলত উল্লেখ কৰা ধৰণে সাৰ অনুমোদন কৰা হৈছে।
সাৰৰ পৰিমাণ
ৰাসায়নিক সাৰ (গ্রাম্য হিচাবে) |
পুলিৰ বয়স
|
||||
১ম বছৰ (পুলি ৰোৱাৰ ৬ মাহ পিছত ) | ২য় বছৰ | ৩য় বছৰ | ৪র্থ বছৰ | ৫ম বছৰৰ পৰা বা লাগন গছত | |
ইউৰীয়া | ৩০০ | ৬০০ | ৯০০ | ১২০০ | ১৫০০ |
একক চুপাৰ ফছফেট | ৫০০ | ১০০০ | ১৫০০ | ২০০০ | ২৫০০ |
মিউৰেট অৱ পটাছ | ৩৫০ | ৭০০ | ১০৫০ | ১৪০০ | ১৭৫০ |
বৰাক্স | ৫০ | ৫০ | ৫০ | ৫০ | ৫০ |
সাৰ প্রয়োগৰ সময়
উক্ত সাৰখিনি সমানে দুভাগত ভগাই এটা মার্চ - এপ্রিল ( বহাগ - জেঠ ) আৰু আনটো ভাগ চেপ্তেম্বৰ - অক্টোবৰ (আহিন - কাতি) মাহত প্রয়োগ কৰিব লাগে।
প্রয়োগ পদ্ধতি
ৰাসায়নিক সাৰখিনি নাৰিকল গছজোপাৰ গুৰিৰ পৰা নির্দ্দিষ্ট দূৰত্ব চাৰিওফালে বৃত্তাকাৰ নলাত সমভাৱে ছটিয়াই দি নলাটো মাটিৰে ঢাকি দিব লাগে। এই নলাটো ২৫-৩০ ছে:মি: দ' আৰু ১০-১৫ ছে:মি: বহল হোৱা উচিত। নলাটো খান্দোতে মন কৰিব লাগে যাতে গছৰ শিপা বেছিকৈ কটা নেযায়। পুলি অৱস্থাত সাৰ প্রয়োগৰ বাবে এই নলাটো গছৰ গুৰিৰ পৰা ৩০-৫০ ছে: মি: আঁতৰত হব লাগে আৰু বয়স বঢ়াৰ লগে লগে এই দূৰত্ব বঢ়াই যাব লাগে। এজোপা ফলৱতী গছৰ ক্ষেত্রত নলাটো ১.৭৫ মিটাৰৰ পৰা ২.০০ মিটাৰ দূৰত্বত খান্দিব লাগে। নাৰিকলত ৰাসায়নিক সাৰৰ লগতে জৈৱিক সাৰ প্রয়োগ কৰাটো নিতান্তই প্রয়োজন। মাটিত জৈৱ পদার্থৰ পৰিমাণ বৃদ্ধি কৰিবলৈ পচন সাৰ আৰু সেউজ সাৰ ব্যৱহাৰ কৰিব পাৰি। প্রতিজোপা নাৰিকল গছত ২৫-৩০ কি: গ্রাম হাৰে পচন সাৰ প্রয়োগ কৰিব লাগে। পচন সাৰখিনি মার্চ-এপ্র্রিল মাহত ৰাসায়নিক সাৰ প্রয়োগ কৰা সময়তে প্রয়োগ কৰিব লাগে। সেউজ সাৰ হিচাপে কোমল আৰু ৰসাল গা-গছ যুক্ত আৰু সোনকালে বাঢ়ি অহা চেঁই জাতীয় আৰু মাহজাতীয় শস্য যেনে - ধনছাৰ বীজ নাৰিকল বাগানত এপ্রিল মাহত সিঁচি ৩০-৪৫ দিন মান পিছত হাল বাই মাটিৰ লগত মিহলাই দিব লাগে । উল্লেখযোগ্য যে ধনছাত ৩.৫ % নাইট্র'জেন , ৩.৫% নাইট্র'জেন , ০.৬% ফছফৰাছ আৰু ১.২ % পটাছ থাকে ।
অসমৰ প্রায় প্রতিঘৰ মানুহৰ ঘৰুৱা বাৰীত থকা তামোল এবিধ অর্থকাৰী শস্য। অসমত তামোলৰ উত্পাদন ক্রমাগতভাৱে হ্রাস পোৱাৰ উপৰিও বেমাৰ - আজাৰ আদিৰ প্রার্দুভাৱৰ মূল কাৰণ হ'ল উপযুক্ত যতনৰ প্রতি অনীচা তথা পোষক দ্রব্যৰ অভাৱ। সেয়েহে অনুমোদিত হাৰত সাৰ প্রয়োগ কৰি তামোলৰ উত্পাদন বৃদ্ধিৰ লগতে গছবোৰৰ উত্পাদিকা শক্তি অটুত ৰাখিব পৰা যায়।
প্রতিজোপা তামোলৰ বাবে আৱশ্যকীয় সাৰৰ পৰিমাণ
পুলিৰ বয়স | পচন সাৰ কি:গ্রাম | ৰাসায়নিক সাৰ (গ্রাম) | ||
ইউৰীয়া | একক চুপাৰ ফছফেট | মিউৰেট অৱ পটাছ | ||
এবছৰীয়া পুলি (পুলি ৰোৱাৰ ছমাহ পিছত) | ১০ | ৭৫ | ৮০ | ৭৫ |
দুবছৰীয়া পুলি | ১৫ | ১৫০ | ১৬০ | ১৫০ |
তিনি বছৰীয়া পুলি বা লাগন গছত | ২০ | ২২৫ | ২৫০ | ২২৫ |
সাৰ প্রয়োগৰ সময়
তামোলত সাৰ প্রয়োগৰ সময় নাৰিকলৰ লগত একেই।
সাৰ প্রয়োগৰ পদ্ধতি
এবছৰীয়া আৰু দুবছৰীয়া তামোল পুলিৰ ক্ষেত্রত গা-গছৰ পৰা ৩০ ছে:মি: আতঁৰত ১৫ ছে: মি: দ' আৰু বহল বৃত্তাকাৰ নলা কৰি সাৰবোৰ তাত সমভাৱে ছটিয়াই দি নলাটো মাটিৰে পুতি দিব লাগে। তিনিবছৰীয়া পুলিবোৰত গা - গছৰ পৰা ৪৫ ছে:মি: দূৰত্বত সাৰ প্রয়োগ কৰিব লাগে। গছবোৰৰ বয়স বঢ়াৰ লগে লগে বৃত্তাকাৰ নলাটো গা-গছৰ পৰা ক্রমান্বযে আঁতৰাই নি ফলৱতী অর্থাৎ লাগন গছৰ ক্ষেত্রত গা-গছৰ পৰা ৭৫ ছে:মি: বা ১ মি: দূৰত্বত বৃত্তাকাৰ নলা খান্দি তাত সাৰখিনি প্রয়োগ কৰিব লাগে। তাৰ পিছত সাৰখিনি মাটিৰ লগত মিহলাই নলাটো মাটিৰে পুতি দিব লাগে।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 3/17/2020
নাৰিকল খেতি
লোক-বিশ্বাসত তামোল-পাণ
লোক-বিশ্বাসত তামোল-পাণ
তামোল