লেটেকু এবিধ জহ কালত লগা বনৰীয়া ফল। অসমৰ বন জংঘলত পোৱা যায় বাবে অসমীয়া মানুহে ইয়াৰ খেতি নকৰে বা ইয়াৰ গছ নোৰোৱে। লেটেকুৰ দৰে পনিয়ল ঔটেঙা ,বগৰী, বনবগৰী, বৰঠেকেৰা, কুঁজিঠেকেৰা, ঠেকেৰা মাহী, মাথোক থোকা, কনমৌ, পনিয়ল, চামকঠাল, বগীজামু, ডাঙৰ ক’লাজামু, সৰু ক’লা জামু, টোলাঠাপকা, গেটুলিপকা, হেলচ, বনৰীয়া কল(মাথো ডিলটো পাচলি হিচাপে খায়)আদিও নোৰোৱে। বাৰীত কেনেবাকৈ গজিলেও গছবোৰ কাটি পেলায় বা ডলি বাঢ়িব নোৱাৰা কৰে আৰু পিছত মৰি যায়। বন জংঘল কমি অহাত বনৰীয়া এই ফলমূলবোৰ কমহৈ আহিছে আৰু কিছুমানে এনে ফলমূল চিনিকে নোপোৱা হৈছে। বন মহোৎসৱ আদি নানা উৎসৱ উপলক্ষে বিভিন্ন দেশী বিদেশী গছ ৰোৱা হয় যদিও আমাৰ থলুৱা ফলমূলৰ গছবোৰ ৰোৱাৰ প্ৰতি সিমান গুৰুত্ব দিয়া দেখা নাযায়। বনৰীয়া এই ফলমূলবোৰৰ গছ ৰুলেহে সংৰক্ষিত হৈ থাকিব।
অসমৰ লগতে সমগ্ৰ এছিয়াত লেটেকু পোৱা যায়। ইয়াৰ ইংৰাজী নাম বাৰ্মিজ গ্ৰে’প। বাংলা নাম লটকন বুবি। বৈজ্ঞানিক নাম বেকেউৰিয়া ৰেমিফ্ল’ৰা। ইয়াৰ গছ চিৰসেউজ, জোপোহা আৰু দহ মিটাৰতকৈও অধিক ওখ হয়। পাত সৰল একান্তৰ ওপৰফালে মিহি সেউজীয়া, তলফালে মুগা-সেউজীয়া, খহতা, নৰ পৰা পঁচিশ চেণ্টিমিটাৰ দীঘল আৰু তিনিৰ পৰা ন চেণ্টিমিটাৰ বহল। ইয়াৰ গছ একলিংগী। এজোপা গছত পুং বা স্ত্ৰী এবিধহে ফুল ধৰে। ডালৰ আগৰ পত্ৰকক্ষত চুটি মঞ্জৰী ওলাই পুং পুস্প ধৰে। স্ত্ৰী পুস্পধৰ গছৰ গা-গছ আৰু ডালৰ পৰা দীঘল মঞ্জৰী ওলায় সৰু সৰু ফুল ফুলে আৰু ওলমি ওলমি থোপা থোপে ফল লাগে। ফলবোৰক লেটেকু বুলি কোৱা হয়। ফল প্ৰায় গোলাকাৰ, মিহি আৰু দুইৰ পৰা চাৰে তিনি চেণ্টিমিটাৰ ব্যাসৰ। ফলৰ বাকলি সেউজীয়া আৰু পুৰঠ হ’লে হালধীয়া বা হালধিয়া-মুগা হয়। কিছুমান প্ৰজাতিৰ ফল গুলপীয়া, ৰঙা বা কজলা। বাকলিবোৰ ডাঠ আৰু কোমল। ফলত দুটাৰ পৰা চৰিটা গুটি থাকে। গুটিবোৰ ৰঙচুৱা-কজলা। গুটিবোৰ মঙহাল অংশই আৱৰি থাকে। কেঁচাতে টেঙা-কেঁহা যদিও পুৰঠ হ’লে মঙহাল অংশখিনি সুগন্ধি, কোমল, ৰসাল আৰু সোৱাদ হয় আৰু এই মঙহাল অংশখিনি খোৱা হয়। গুটিৰে সৈতে খালেও অপকাৰ নকৰে যদিও বেছিকৈ খালে অজীৰ্ণ ৰোগ হ’ব পাৰে।
লেটেকু ফল পুষ্টিকাৰক। যথেষ্ট পৰিমাণে আইৰণ থকাৰ উপৰি ক্ৰমিয়াম, পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম, ফছফোৰাছ আদি খনিজ পদাৰ্থৰ লগতে আছে ভিটামিন বি, চি আৰু এমিন’ এছিড। ইয়াৰ ফল, শিপা, গছৰ বাকলি আৰু কাঠ ছালৰ ৰোগ, বাতবিষ, পেটৰ ৰোগ আদিত বনৌষোধিৰুপে ব্যৱহাৰ কৰা হয়। প্ৰতি গ্ৰাম লেটেকুৰ ফলত মেগনেছিয়ামৰ পৰিমাণ মগজ(তৰমুজৰ গুটি), চকলেট, তিচি, আলমণ্ড বাদাম আৰু বেলিফুলৰ গুটিত থকাতকৈ বেছি থাকে বাবে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হৃদয়, বৃক্ক, মগজু আদিও সুস্থ কৰি ৰাখে। ফল, শিপা আৰু গছৰ বাকলি ৰঙচুৱা-মুগা বা হালধীয়া ৰ্ং তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। এনে ৰঙেৰে সূতা, কাপোৰ আদি বোলোৱা হয়। লেটেকু গছৰ কাঠ মধ্যমীয়া মানৰ, বেছিদিন টিকে আৰু ঘৰুৱা আচবাব, খেতিৰ সঁজুলি, নাও আদি তৈয়াৰ কৰাৰ বাবে উপযুক্ত ইয়াৰ পুৰঠ গুটিবোৰৰ পৰা পুলি হয়। গুটিবোৰ সহজে গজে।
লিখক: ৰাজীৱ প্ৰসাদ শইকীয়া, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020