অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাঁহৰ অৰ্থনীতি আৰু উত্তৰ পুৰ্বাঞ্চল :

বাঁহৰ অৰ্থনীতি আৰু উত্তৰ পুৰ্বাঞ্চল :

পৃথিৱীৰ অকল্পনীয় গছ-গছনিৰ ভিতৰত বাঁহেই হ’ল ক্ষীপ্ৰতাৰে বাঢ়ি প্ৰকৃতি সুশোভিত কৰা বৈচিত্ৰ্যৰে পৰিপুৰ্ণ উদ্ভিদ প্ৰজাতি। এচিয়া, আফ্ৰিকা আৰু আমেৰিকাৰ বহুদেশৰ সামাজিক সাংস্কৃতিক, জৈবতান্ত্ৰিক পৰিক্ৰমাত বাঁহখেতিৰ ভুমিকা অনন্য। ভাৰতবৰ্ষত পৃথিৱীৰ প্ৰায় ১০২ বিধ প্ৰজাতিৰ বাঁহগছ পোৱা যায় আৰু ইয়াৰে ৪০ টা প্ৰজাতি একক ভাৱে সমৃদ্ধ অৰ্থাৎ পৃথিৱীৰ অন্যদেশত এই ৪০ টা প্ৰজাতিৰ অস্তিত্ব নাই। অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ প্ৰাকৃতিক জৈৱ বৈচিত্ৰতাত বাঁহ এক মুল সম্পদ। একোডাল বাঁহৰ দৈৰ্ঘ্য, আকাৰ, দুটা-গাঁঠিৰ মাজৰ দুৰত্ব , স্থিতিস্থাপকতা আদিৰ ভিন্নতা অনুসৰি ইয়াৰ ব্যৱহাৰিক ভিন্নতা বিৰাজমান। বৰ্তমান শতিকাত জৈৱ বৈচিত্ৰ সংৰক্ষণৰ জৰিয়তে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি প্ৰদুষণ হ্ৰাস কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বৈচিত্ৰ্যময় বাঁহৰ সহায়ত গৃহ তৈয়াৰ কৰা সামগ্ৰীৰ লগতে ভিন্ন ডিজাইনৰ সামগ্ৰী তৈয়াৰী কৰা হয়। সকলো সামগ্ৰীয়েই জৈৱিক ভাৱে পচন হোৱা সামগ্ৰী হোৱা বাবে প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট নকৰে। শেহতীয়াভাৱে জৈৱ ডিজেল নিস্কাষণ বাঁহৰ পৰা সম্ভৱ হৈছে। তাৰোপৰি বাঁহৰ গাঁজৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী উত্তৰ পুৰ্বাঞ্চলৰ লগতে আছিয়ান দেশসমুহৰ জনপ্ৰিয় খাদ্য উপাদান। অন্যান্য গছত নথকা ৰাইজোবিয়ামযুক্ত বাঁহক শেহতীয়া ভাৱে বনবিভাগৰ তালিকাভুক্ত গছৰ প্ৰজাতিৰ পৰা বিমুক্ত কৰা হৈছে। এই পদক্ষেপে বাঁহশিল্পক অনন্যা মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি। দ্ধিধাহীনভাৱেই ক’ব পাৰি যেনেদৰে প্ৰকৃতিয়ে তৈল সম্পদৰ অফুৰন্ত ভাণ্ডাৰেৰে চহকী কৰিছে মধ্যপ্ৰাচ্যক তেনেদৰে অসম তথা উত্তৰ পুৰ্বাঞ্চলক সমৃদ্ধ কৰিছে প্ৰাকৃতিক প্ৰাচুৰ্য্যই। অনাগত দিনত উত্ত ৰ পুৰ্বাঞ্চলৰ বৈদেশিক মুদ্ৰা আহৰণ, কৰ্মসংস্থাপনৰ ক্ষেত্ৰ খনত বাঁহ ভিত্তিক উদ্যোগ খণ্ডই এক বলিষ্ঠ ভুমিকা গ্ৰহণ কৰাৰ সম্ভাৱনীয়তা আছে। তথ্য অনুসৰি আছিয়ান দেশসমুহে ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰখনত নতুন প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে স্থিতি সৱল কৰিছে। আছিয়ান দেশসমুহৰ লগত সৌহাৰ্দ্যপুৰ্ণ সৰ্ম্পকৰ বাবে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও বহুতো পদক্ষেপ লৈছে। এই আছিয়ান দেশসমুহৰ লগত পুবলৈ চোৱা নীতিৰ আধাৰত হোৱা ব্যৱসায়িক সম্পৰ্কত সহায়ক হোৱাকৈ আমাৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ উদ্যোগ খণ্ডটোক শক্তিশালী ৰুপত গঢ়ি তোলাই হ’ব সময়ৰ আহ্বান। শেহতীয়া সমীক্ষা অনুসৰি অনাগত ১০ বছৰত ভাৰতৰ পৰা প্ৰায় ২৮০ মিলিয়ন ডলাৰ মুল্যৰ সামগ্ৰী ৰপ্তানী হ’ব আছিয়ান দেশসমুহলৈ । এই সমীকৰণৰ মুল কাৰক ৰুপে ভাৰতৰ ৰাজনৈতিক বিচক্ষণতা আৰু বৈদেশিক বজাৰত ভাৰতৰ সৱল স্থিতিকেই চিহ্নিত কৰা হৈছে। বৈদেশিক মুদ্ৰা আহৰণৰ জৰিয়তে উত্তৰ পুৰ্বাঞ্চলৰ অৰ্থনৈতিক স্থিতি সৱল কৰিবৰ বাবে প্ৰাকৃতিক ভিত্তিক সম্পদৰ ব্যৱহাৰৰ উপযুক্ত বাতাবৰণ তৈয়াৰ হৈছে। প্ৰস্তাৱিত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এস্কপ্ৰেছ হাইৱে আৰু শুভাৰাম্ভ হোৱা জলপথ পৰিবহণ ব্যৱস্থাই বিপুল সম্ভাৱনীয়তা কঢ়িয়াই আনিব উত্তৰ পুৰ্বাঞ্চলৰ কৃষি আৰু উদ্যোগখণ্ডলৈ । এই পৰিবৰ্তনৰ গৱেষণাত্মক ব্যৱহাৰিক বিশ্লেষণৰ সময়ত সমাগত। বাঁহৰ দৰে অন্যান্য কুটীৰ শিল্পই এই সম্ভাৱনীয়তা অধিক গতিশীল কৰিব বুলি ধাৰণা কৰিব পৰা যায়। কেৱল প্ৰয়োজন প্ৰকৃত কলা-কুশলীলৈ সৰলীকৃত প্ৰযুক্তিৰ হস্তান্তৰ। প্ৰস্ংগক্ৰমে উল্লেখ কৰিব পাৰি যে নলবাৰী, কামৰুপ জিলাৰ সীমান্তৱৰ্তী জানিগোগ ৰাজাখাট গাওঁ। নিজৰ ভেটিটোৰ বাহিৰে প্ৰায় সংখ্যকৰে খেতিৰ মাটি নথকা প্ৰায় ১৭০ টা পৰিয়ালৰ জীৱন জীৱিকাৰ মুল সম্বল বাঁহেৰে তৈয়াৰী সামগ্ৰী উৎপাদন। গাওঁখনৰ ৰাইজে জনোৱা অনুসৰি আহোম ৰজাৰ দিনৰেপৰাই বাঁহবেতৰ শিল্পৰ লগত জড়িত হোৱাৰ সমৃদ্ধ ইতিহাস থকা লোকসকলে বাঁহৰ খৰাহি, মুঢ়া, চকী আদি বহুতো সামগ্ৰী নিৰ্মাণ কৰে। গাওঁখনৰ সকলো লোকেই পৰম্পৰাগত বাঁহৰ কাৰু-কাৰ্যত কৌশলী। কিছুসংখ্যক লোকে কেন আৰু বেম্বু চেণ্টাৰত প্ৰশিক্ষণো গ্ৰহণ কৰিছে। অসমৰ বাহিৰত বিশেষকৈ কলকাতাত দুৰ্গা পুজা মণ্ডপ তৈয়াৰী গাওঁখনৰ লোক জড়িত হৈছে। তেওঁলোকৰ মুল সমস্যা বাঁহৰ সংসাধনৰ বাবে যান্ত্ৰিক ব্যৱস্থাৰ অভাৱ । বাঁহৰ সামগ্ৰীৰ আয়ুসকাল বৃদ্ধি বাবে সংশোধন কৰা বাঁহৰ আৱশ্যক সংশোধিত বাঁহেৰে তৈয়াৰী সামগ্ৰী ঘুনে সহজে নষ্ট নকৰে আৰু চাহিদা অধিক। উত্তৰ পুৰ্বাঞ্চলৰ এনে নিপুণ শিল্পীসকলে অধিক সুযোগ সুবিধা পালে বৈদেশিক ৰপ্তানীৰ বাবে উপযোগী সামগ্ৰী নিশ্চিত ভাৱে উৎপাদন কৰিব পাৰিব। আই.আই.টিকে ধৰি বিশ্ববিদ্যালয়ৰ সমুহৰ পৰা ডিজাইনাৰ বিকাশৰ লগতে প্ৰয়োজনীয় সঁজুলি উদ্ভাৱনে এই প্ৰচেষ্টা সহজ কৰি তুলিব বুলি ক’ব পৰা যায়। ছয়গাঁওত প্ৰতিষ্ঠিত বেম্বু পাৰ্কে অসমলৈ আশা কঢ়িয়াই আনিছে। উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ সুলভ কৰি বাঁহ শিল্পৰ লগতে পৰম্পৰাগত কুটীৰ শিল্পৰ উন্নয়ন সাধিত হ’লে উত্তৰ পুৰ্বাঞ্চলে আছিয়ান দেশৰ লগতে চীন দেশৰ বজাৰো নিশ্চিত ভাৱে দখলৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব পৰিব। অত্যাধুনিক ডেজিটেল ব্যৱসায় সম্প্ৰসাৰণ ব্যৱস্থা এই পদক্ষেপৰ অধিক সহায়ক হ’ব।

লেখক: শ্ৰীদীপ গোস্বামী (সেউজ সোপান )

শেহতীয়া উন্নীতকৰণ: : 7/18/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate