আদা আৰু হালধি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা মচলাবোৰৰ ভিতৰত অন্যতম আৰু উৎকৃষ্ট। এই দুইবিধক নিত্য প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ মচলা বুলি গণ্য কৰা হয়। এই দুইবিধ সামগ্ৰী মচলা হিচাপে ব্যৱহাৰৰ বাহিৰেও ইহঁতক ঔষধিযুক্ত আৰু সুগন্ধিযুক্ত সামগ্ৰী হিচাপেও গণ্য কৰা হয়। দুইবিধ শষ্যৰে মাটিৰ তলৰ মঙহাল অংশ ব্যৱহাৰ কৰা হয়। য’ত গাঁঠি আৰু কলি বা চকু থাকে আৰু এটা পাতল বাকলিৰে আৱৰি থাকে যাক ৰাইজম বা মঙহাল মূঢ়া বোলা হয়। দুইবিধ শস্যই ৰন্ধা-বঢ়াত ব্যৱহৃত হয় যদিও দুইবিধৰ গুৰুত্ব বেলেগ বেলেগ। হালধি মূলতঃ ইয়াৰ হালধীয়া বা কমলা-হালধীয়া ৰঙৰ বাবে আঞ্জাত বহুলভাৱে ব্যৱহাৰ হয় আৰু আদাৰ জ্বলা গুণটো আৰু গোন্ধটোৰ বাবে পাচলি, আঞ্জা বা চাটনি আদিত ব্যৱহাৰ হয়।
আদা আৰু হালধি ৰন্ধা-বঢ়াত ব্যৱহাৰৰ বাহিৰেও ইহঁতৰ বহুতো অন্য অৱস্থাত ব্যৱহাৰ হয়। যেনে হালধিৰ হালধীয়া ৰঙৰ বাবে তাত নিহিত হৈ থকা ‘কুৰকুমিন’ নামৰ পদাৰ্থটোৰ বাবে আৰু এইবাবেই কাপোৰৰ শিল্প উদ্যোগত ৰঙৰ বাবে বহুলভাৱে ব্যৱহাৰ হয় আৰু ব্যৱহাৰ হয় বিস্কুট, প্ৰসাধন আৰু ঔষধ উদ্যোগত, কেঁচা হালধি থেতালি লৈ ব্যৱহাৰ কৰিলে হাত-ভৰিৰ থেতেলা খোৱা বা দুখ পোৱা অংশত লগালে বিষ উপশম হয় আৰু ফুলাটো কমি যায়। পেটৰ বিষ বা আলচাৰৰ ঔষধ হিচাপে আৰু বিশেষকৈ কেনছাৰ ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা দেখা গৈছে। হালধি টনিক হিচাপে তেজ শোধন, বীজাণুনাশক, এনটিছেপ্টিক আৰু ছালৰ বেমাৰ নিৰাময় কৰাত ব্যৱহাৰ হয়।
ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ উপৰি আদাৰ আন বহুত গুণ আছে। আচাৰ তৈয়াৰ কৰাত, সুগন্ধি পানীয়, চিৰাপ, প্ৰসাদ আৰু মুখ শুদ্ধি হিচাপে আদাৰ বহুল প্ৰচলন হোৱাৰ উপৰি জিনজাৰ ৱাইন, কেন্দী, বিয়েৰ আৰু অন্য পানীয় তৈয়াৰ কৰাত আদা ব্যৱহাৰ কৰা হয়। আদা ঔষধ তৈয়াৰ কৰাতো ব্যৱহাৰ কৰা হয়, যেনে এলকহলিক গেছট্ৰাইটিছ, ডিছপেপচিয়া আদি।
আদা, হালধিৰ মাটিৰ তলৰ অংশ বা মঙহাল ৰাইজমটোৱেই খোৱাত ব্যৱহাৰ হয় আৰু ইয়াকেই ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণতে ৩০-৫০ গ্ৰাম ওজনৰ টুকুৰা হালধিৰ ৰাইজম আৰু আদাৰ ১৫-২০ গ্ৰাম ওজনৰ ৰাইজমৰ টুকুৰা ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে বিঘাই প্ৰতি তিনি কুইণ্টল হালধিৰ টুকুৰা আৰু আদাৰ বাবে ডেৰ-দুই কুইণ্টল ৰায়জমৰ প্ৰয়োজন হয়। এই ৰায়জম বা ৰোপণ সামগ্ৰীবোৰ ৰোৱাৰ সময় চ’ত, ব’হাগ মাহ। আদা আৰু হালধিৰ ক্ষেত্ৰত ৰোৱাৰ বাবে ২০-২৫ ছে. মি. ওখ আৰু তিনি ফুট বহলৰ ভেটি বা সৰু সৰু নলাৰ সৃষ্টি কৰি ৰোৱা হয়। ৰোৱাৰ আগত আৰু পাছত ভেটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ বা পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে।
হালধি শস্যত বিঘাই প্ৰতি ১০ কুইণ্টল গোবৰ বা পচনসাৰ, ৮ কিঃ গ্ৰাম ইউৰিয়া (৪কিঃ গ্ৰাঃ + ৪ কিঃ গ্ৰাঃ), ৪০ কিঃ গ্ৰাঃ একক চুপাৰ ফছফেট আৰু ১৩ কিল’গ্ৰাম মিউৰেট অৱ পটাচ সাৰ প্ৰয়োগ কৰিব লাগে। আদা শস্যৰ বাবে ১০ কুইণ্টল গোবৰ, ৬ কিঃ গ্ৰাম (৩ কিঃ গ্ৰাঃ + ৩ কিঃ গ্ৰাঃ) ইউৰিয়া, ৩৫ কিঃ গ্ৰাঃ একক চুপাৰ ফছফেট আৰু ১১ কিঃ গ্ৰাঃ মিউৰেট অৱ পটাচ সাৰ প্ৰয়োগ কৰিব লাগে। দুয়োটা শস্যৰ ক্ষেত্ৰত সাৰ প্ৰয়োগ কৰোঁতে সম্পূৰ্ণ ভাগ গোবৰ, চুপাৰ ফছফেট আৰু আধা পৰিমাণৰ পটাচ সাৰ শেষৰ বাৰ মাটি তৈয়াৰ কৰিবৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে। পাছত বাকী থকা পটাচ সাৰ ভাগ আৰু প্ৰথম ভাগ ইউৰিয়া সাৰ ৰোৱাৰ ৯০ দিনৰ পাছত প্ৰয়োগ কৰিব লাগে। এই দুইবাৰ সাৰ প্ৰয়োগ কৰোঁতে পচন সাৰ প্ৰয়োগ কৰিব লাগে।
আদা, হালধিৰ ৰাইজমবোৰ ৰোপণ কৰাৰ ৪০-৪৫ দিনৰ পাছত দুটা শাৰীৰ মাজত বন-বাতবোৰ চিকুণাই দিব লাগে আৰু পাছত গছৰ গুৰিত এবাৰ মাটি চপাই দিয়া উচিত। মাটিত সমভাৱে জীপ ৰাখিবৰ বাবে খৰাং বতৰত এবাৰ বা দুবাৰ পানী যোগান ধৰিব পাৰিলে ভাল। আদা, হালধি গজি উঠাৰ পাছত বা প্ৰথমবাৰ মাটি চপাই দিয়াৰ পাছত মাটিৰ ওপৰত এটা ৫-৬ ছে. মিটাৰ ডাঠকৈ মাটিৰ আৱৰণী বা মালচিং দিব পাৰিলে ভাল। এই মালচিং সাধাৰণতে গছৰ শুকান পাত, ধান-খেৰ, নৰা, তুঁহ, মেটেকা আদিৰে দিব লাগে। মাটিৰ জৈৱিক আৱৰণীয়ে জৈৱিক সাৰৰ পৰিমাণ বৃদ্ধি কৰে। মাটিৰ জীপ ৰাখে, মাটিৰ উষ্ণতাৰ সমতা ৰক্ষা কৰে, বৰষুণৰ দিনত হ’ব পৰা মাটিৰ ওপৰ ভাগৰ খহনীয়া ৰোধ কৰে আৰু শস্যডৰাত ঘাঁহ-বন গজাত বাধা দিয়ে। আদা-হালধিৰ শস্য কাল সাতৰ পৰা আঠমাহ গতিকে প্ৰয়োজন সাপেক্ষে দ্বিতীয়বাৰৰ বাবেও জৈৱিক আৱৰণী দিব লাগে। তেনে অৱস্থাত গছৰ গুৰিত দ্বিতীয়বাৰ সাৰ প্ৰয়োগ কৰাৰ পাছত মাটি চপাই দিব লাগে।
আদা-হালধিৰ মাৰাত্মক বেমাৰ হৈছে ৰাইজম ৰট বা আদা বা হালধি পচা বেমাৰ। ই এবিধ ভেঁকুৰজনিত ৰোগ। এই বেমাৰত প্ৰথমে ৰাইজম বা মঙহাল অংশ গেলে আৰু লাহে লাহে পাতবোৰ হালধীয়া পৰে আৰু শুকাই যায়। বেমাৰে লাহে লাহে কাষৰ গছলৈ বিয়পি যায়, গছ মৰি আহিবলৈ ধৰে। এই বেমাৰৰ নিৰাময়ৰ বাবে মাটিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নলাৰ ব্যৱস্থা কৰিব লাগে। ৰোপণ সামগ্ৰী ৰাইজমবোৰ ৰোৱাৰ আগতে ইন্দোফিল এম - ৪৫ দৰৱৰ দশমিক তিনি শতাংশ শক্তিৰ (তিনি গ্ৰাম দৰৱ এক লিটাৰ পানী) মিশ্ৰণত আধা ঘণ্টা সময় ডুবাই শোধন কৰি ৰোগমুক্ত কৰি ল’ব লাগে। বেমাৰে আক্ৰান্ত কৰা গছত দশমিক দুই শতাংশ শক্তিৰ ইন্দোফিল এম ৪৫ দৰৱৰ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে। এক শতাংশ বৰডো মিশ্ৰণ শস্য়ডৰাত মাজে সময়ে ছটিয়াই থাকিলেও এই বেমাৰৰ পৰা হাত সাৰিব পাৰি। আদা, হালধিৰ শস্য ডৰা পৰিষ্কাৰকৈ ৰাখিলে এই বেমাৰে সহজে আক্ৰমণ নকৰে। বেমাৰে আক্ৰান্ত কৰা ঠাইত দ্বিতীয়বাৰ আদা বা হালধিৰ খেতি কৰিব নালাগে।
শস্যত মজা খোৱা পোক, পাত পকোৱা পোক আৰু মাইট পোকৰ আক্ৰমণ হ’লে ৰগৰ নামৰ ঔষধ ৩০ টোপাল এক লিটাৰ পানী হিচাপে মিহলাই গছৰ পাতত ছটিয়াব লাগে। গছৰ পৰা পকাপাতবোৰ বা পোকে বেছিকৈ আক্ৰমণ কৰা পাতবোৰ কাটি দূৰৈত মাটিত পুতি থ’ব বা পুৰি পেলাব লাগে।
আদা, হালধি ৰোৱাৰ ৮-৯ মাহৰ পাছত খান্দিব বা চপাব লাগে। হালধিৰ পাতবোৰ ৭ মাহৰ পাছত মেৰুৱাই পাতে পাতে তললৈ হাওলাই বান্ধি দিব লাগে। পাত কেতিয়াও কাটি দিব নালাগে। প্ৰতি বিঘা হালধি শস্যত ৪০-৫০ কুইণ্টল আৰু আদা শস্যত ২০-২৫ কুইণ্টল উৎপাদন পোৱা যায়।
লিখক: ড০ ৰাজেন্দ্ৰ প্ৰসাদ দাস।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
অমৰ আপুৰুগীয়া কৃষি-জৈৱ বৈচিত্র্যতা সজাগতা আৰু সংৰক...
অসমীয়াৰ কৃষি কাৰ্য্যৰ সঁজুলি
অমিতাৰ উন্নত কৃষি পদ্ধতি
আলুখেতিৰ অধিক উৎপাদনৰ বাবে উন্নত কৃষি পদ্ধতি