অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলা জিৰা খেতি

কলা জিৰা খেতি

জাত

স্থানীয় বীজৰ জাত।

মাটি নিৰ্বাচন

পানী আবদ্ধ নোহোৱা ওখ পলসুৱা, অম্লতা ৬.০-৭.০ ভিতৰত থাকা মাটি নিৰ্বাচন কৰিব লাগে ৷

বীজৰ পৰিমান

প্ৰতি হেক্টৰত ৭.৫-৮.০ কি:গ্ৰাম ৷

বীজ সিঁচাৰ সময়

অক্টোবৰৰ মাজভাগৰ পৰা নবেম্বৰ মাহলৈকে বীজ সিঁচিব পাৰি ৷

বীজ শোধন

বীজবোৰ সিঁচাৰ আগেয়ে ২৪ ৰ পৰা ৩৬ ঘন্টা মান পানীত তিয়াই ৰাখিব লাগে আৰু তাৰ পাচত পানীৰ পৰা উঠাই ভালদৰে ছাঁত শুকুৱাব লাগে ৷ কেপ্টান ৫০ ডব্লিও পি ২ গ্ৰাম প্ৰতি কি: গ্ৰাম বীজত প্ৰয়োগ কৰি শুকানকৈয়ে বীজ শোধন কৰিব পাৰি৷

বীজ সিঁচাৰ ব্যৱধান :

বীজবোৰ ৩০ ছে:মিটাৰ ব্যৱধানৰ শাৰীত চতিয়াব লাগে আৰু বীজ সিঁচাৰ ৩০ - ৪০ দিনৰ পিছত ১০ চে:মিটাৰ দূৰত্ব গছৰ পৰা গছলৈ ৰাখি পাতল কৰি দিব লাগে ৷

সাৰ প্ৰয়োগ :

পচন সাৰ ২০ টন, নাইট্ৰোজেন ৩০ কি: গ্ৰাম, ফছফৰাছ ৪০ কি:গ্ৰাম আৰু পটাছ ৪০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব ৷ ইয়াৰে নাইট্ৰোজেন সাৰৰ আধা অংশ আৰু অন্যবোৰ সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তত কৰাৰ সময়তেই প্ৰয়োগ কৰিব আৰু বাকী থকা নাইট্ৰোজেন সাৰ আকৌ দুভাগ কৰি এভাগ বীজ সিঁচাৰ ৬-৮ সপ্তাহৰ ভিতৰত আৰু আনভাগ ফুল ফুলাৰ আগেয়ে প্ৰয়োগ কৰিব লাগে ৷

পৰিচর্য্যা :

জলসিঞ্চন : বীজ সিঁচাৰ ৩৫-৪০ দিনৰ ভিতৰত প্ৰথমবাৰ, ৬০ দিনত দ্বিতীয় বাৰ আৰু ৮০ -৮৫ দিনত তৃতীয়বাৰ জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷

অপতৃণ নিয়ন্ত্ৰণ : বীজ সিচাঁৰ ৩০-৪০ দিনৰ পিছত প্ৰথমবাৰ আৰু ৬০ দিনত দ্বিতীয়বাৰ খেতিডৰাৰ পৰা বনবাতবোৰ নিৰাই দিব লাগে ৷

শস্য ৰক্ষা :

কাট ৱৰ্ম আৰু ফলৰ মজাখোৱা পোক নিয়ন্ত্ৰণৰ বাবে মেটাচিষ্টক্স বা ৰ'গৰ ০.১ শতাংশ (১ মি:লিটাৰ ঔষধ এক লিটাৰ পানীত) নাইবা ডাইমেক্ৰণ ০.০৫ শতাংশ স্প্ৰে কৰিব ৷

গা–গছ পচি যোৱা বেমাৰৰ বাবে কপাৰ অক্সিক্লোৰাইড ৫০ ডব্লিও পি নাইবা মেনক’জেব্ ৭৫ ডব্লি্ও পি (২ গ্ৰাম প্ৰতিলিটাৰ পানীত) ১৫-২০ দিনৰ ব্যৱধানত স্প্ৰে কৰিব ৷

শস্য চপোৱা :

গছ আৰু গুটিবোৰ যেতিয়া হালধীয়া ৰঙৰ হয় তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ গছবোৰ ওভালি ৭ দিন মানলৈ জাপি থব লাগে তাৰ পাচতহে মৰণা মাৰি বীজবোৰ ছেইৰ পৰা আতৰাঁব লাগে ৷

উৎপাদন :

প্ৰতি হেক্টৰত ৮-১৫ কুইন্টল বীজ বা কলাজিৰা উত্পাদন পাব

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate