জাত সমুহ
এন পি ৪৬ এ, পুছা জ্বালা আৰু স্হানীয় জাত যেনে সূৰ্য্যমূখী, কৃষ্ণা আৰু বালিযোৰি।
এন পি ৪৬ এ : গছবোৰ চাপৰ, ডাঠ আৰু ফেৰমেলা বিধৰ, জলকীয়াৰ আকাৰ দীঘল (১০.৭ চে:মিটাৰ), ক্ষীণ, পূৰঠ নোহোৱা পৰ্য্যন্ত সেউজীয়া ৰঙৰ আৰু পূৰঠ হলে উজ্জল ৰঙা ৰঙৰ হয়, ভিতৰত বীজ পৰিমান কম, উগ্ৰ জ্বলা, শস্যৱলী, মধ্য আগতীয়া, থ্ৰিপচৰ প্ৰতি সহনশীল, প্ৰত্যেক গ্ৰাম জলকীয়াত ০.৫ মি:গ্ৰাম কেপচিচিন পোৱা যায় ৷
পুছা জ্বালা : গছবোৰ চাপৰ, ফেৰমেলি যোৱা, ফলবোৰ দীঘল আকাৰৰ, ক্ষীণ, সাধাৰণতে ধেনুভিৰিয়া, ৰঙচুৱা বৰণৰ, কেঁচাই খাবৰ বাবে ভাল, থ্ৰিপচ, পাত ঘোৰ খোৱা আৰু মজাইক বেমাৰৰ প্ৰতি সহনশীল, প্ৰতি গ্ৰাম জলকীয়াত ০.৪৩ মি: গ্ৰাম কেপচিচিন পোৱা যায়৷
বালিঅঁহীয়া, ওখ, পানী আবদ্ধ নোৱাৰা, জৈৱিক পদাৰ্থ সমৃদ্ধ, ৬.০-৬.৫ ৰ ভিতৰত অম্লতা থকা মাটি জলকীয়া খেতিৰ বাবে ঊপযোগী
মাটি ডোখৰ ভালদৰে চহাই ধুলিময় কৰি তাত পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে ৷
বীজ সিঁচাৰ সময়
ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত ৷
পুলি ৰোৱাৰ প্ৰণালী
সিঁচা পদ্ধতি
বীজবোৰ পাতলকৈ ৪০-৪৫ চে:মিটাৰ ব্যৱধানৰ শাৰীত ছটিয়াব লাগে ৷ তাৰ পাচত আৰু পাতল কৰি দিব লাগে৷
ৰোৱা পদ্ধতি
৪-৫ সপ্তাহ মানৰ পুলি পথাৰত ৰোব লাগে ৷
ব্যৱধান
শাৰীৰ পৰা শাৰীলৈ ৪৫ চে:মিটাৰ আৰু পুলিৰ পৰা পুলিলৈ ৪৫ চে:মিটাৰ ৷
সাৰ প্ৰয়োগ
পচন সাৰ ১০ টন, নাইট্ৰোজেন ১২০, ফছফৰাছ ৬০, পটাছ ৬০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে৷ নাইট্ৰোজেন আধা অংশ আৰু বাকী সাৰ ও পচন সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে৷ বাকী থকা নাইট্ৰোজেনৰ আধা অংশ পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ ভিতৰত গছত প্ৰয়োগ কৰিব লাগে৷
আনহাতে সিঁচা পদ্ধতিৰ বাবে নাইট্ৰোজেন ১৫০, ফছফৰাছ ৭৫ আৰু পটাছ ৭৫ কি:গ্ৰাম প্ৰতি হেক্টৰত একেলগে মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে ৷
এনথ্ৰেকন’জ বেমাৰৰ বাবে কেপ্টান ৫০ ডব্লিও পি ০.২ শতাংশ (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা ডাইফলাটন ০.২ শতাংশ স্প্ৰে কৰিব লাগে ৷
শিপাত গাঠিধৰা উদ্ভিদ কৃমিৰ বাবে নিম গুটিৰ খলিহৈ, সৰিয়হৰ খলিহৈ বা পশুৰ পৰা তৈয়াৰী সাৰ প্ৰয়োগ কৰিলে এই ব্যধিৰ পৰা আতঁৰত ৰাখিব পাৰি ৷
উৎপাদন
৭০-৮০ কুইন্টল কেঁচা জলকীয়াৰ উত্পাদন প্ৰতি হেক্টৰৰ পৰা পাব পাৰি।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
জলকীয়া খেতিৰ পৰিচর্যা