সচঁ সমূহ
পুচা নাছদাৰ , এএ ইউ জে - ১ আদি ।
১) পুচা নাছদাৰ : এজোপা গছত ১৫ - ২০ টাকৈ জিকা লাগে , দীঘল হয় , সেউজীয়া ৰংৰ । গছত ৬০ দিনৰ ভিতৰত বীজ লাগিবলৈ ধৰে আৰু ৭০ - ৭৫ দিনত ফলবোৰ চিঙিব পৰা হয় ।
২) এএ ইউ জে ১ : এজোপা গছত ১৫ -২০ টাকৈ জিকা লাগে , জিকাবোৰ দীঘল আৰু সেউজীয়া ৬০-৬৮ দিনৰ ভিতৰত জিকা চিঙিব পৰা হয় । গঢ় হিচাবে হেক্টৰে প্রতি ১১০ কুইন্টল মান উত্পাদন হয় ।
পানী বন্ধ নোহোৱা ওখ , পলসুৱা আৰু আধা জৈৱিক পদার্থ থকা মাটিত জিকা খেতি ভাল হয়।
বীজৰ পৰিমাণ
৩.৫ - ৪.৫ কি: গ্রাম / হেক্টৰত বীজ সিঁচাৰ সময় : জানুৱাৰী - মে মাহ পর্য্যন্ত জিকা খেতি কৰিব পাৰি ।
বীজ ব্যৱধান
১.৫ - ২.৫ মিটাৰ শাৰীৰ পৰা শাৰীলৈ * ৬০ - ১.২ মিটাৰ গছৰ পৰা গছলৈ ।
পচন সাৰ ১০ টন / হেক্টৰত , ১০ কি: গ্রাম নাইট্রজেন , ৩০ কি: গ্রাম ফছফৰাচ হেক্টৰে প্রতি শেষৰ বাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰিব আকৈ ১০ কি: গ্রাম নাইট্রজেন সাৰ গছৰ ওপৰ ভাগত প্রয়োগ কৰিব ।
জলসিঞ্চন
নোহোৱা শুকান দিনবোৰত প্রায় ৮- ১০ দিনৰ ব্যৱধানত গছবোৰত পানীৰ যোগানৰ ব্যৱস্থা কৰিব লাগে।
৯০ - ১৩০ কুইন্টল / হেক্টৰত।
তিতা স্বাদৰ পৰা মুক্ত কৰা:
৮০ পি পি এম চাকচিনিক এচিডৰ (Succinic acid) দ্বাৰা বীজবোৰ শোধন কৰি গছবোৰ ৫ টা মান পাত ওলোৱাৰ পিচত আৰু শেষৰবাৰ ফল ধৰা অৱস্থাত স্প্রে কৰিলে জিকাৰ তিতা স্বাদটো নোহোৱা হয়।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020