জাতসমুহ
আৰ এচ ১, এচ-৪০৪, এমি চ ৪৩, এন পি (জে)-১, এন পি (জে)-১৪০, এন পি (জে)-১২৬
মাটি নিৰ্বাচন
ওখ পলসুৱা পানী আবদ্ধ নোহোৱা, অম্লতা ৬.০-৭.০ ভিতৰত থকা মাটি নিৰ্বাচন কৰিব লাগে ৷
মাটি প্ৰস্তুতি
মাটি ডৰা ভালদৰে হাল বাই সমান কৰি লব লাগে ৷
বীজৰ পৰিমান
প্ৰতি হেক্টৰত ৭.৫-৮.০ কি:গ্ৰাম ৷
সিঁচাৰ সময়
ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈ ৷
বীজবোৰ শাৰীত সিঁচিব লাগে আৰু শাৰীৰ পৰা শাৰীৰ ব্যৱধান ৫০ চে:মিটাৰ হ’ব লাগে ৷ বীজ সিচাঁৰ পিছত গছবোৰ ১০ চে:মিটাৰ ব্যৱধান ৰাখি পাতল কৰি দিব লাগে ৷
পচন সাৰ ২০ টন, নাইট্ৰোজেন ৩০ কি: গ্ৰাম, ফছফৰাছ ৪০ কি:গ্ৰাম আৰু পটাছ ৪০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব ৷ ইয়াৰে নাইট্ৰোজেন সাৰৰ আধা অংশ আৰু অন্যবোৰ সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব আৰু বাকী থকা নাইট্ৰোজেন সাৰ আকৌ দুভাগ কৰি এভাগ বীজ সিঁচাৰ ৬-৮ সপ্তাহৰ ভিতৰত আৰু আনভাগ ফুল ফুলাৰ আগেয়ে প্ৰয়োগ কৰিব ৷
গছ আৰু গুটিবোৰ যেতিয়া হালধীয়া ৰঙৰ হয় তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ গছবোৰ ওভালি ৭ দিন মানলৈ জাপি থব লাগে তাৰ পাচতহে মৰণা মাৰি বীজবোৰ ছেইৰ পৰা আঁতৰাব লাগে ৷
উৎপাদন
হেক্টৰে প্ৰতি ৮ ৰ পৰা ১০ কুইন্টল।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020