জৈৱিক পদ্ধতিৰে উন্নত জাতৰ পানীলাউৰ খেতি কৰি অনাদৃত কৃষিভূমি কেনেদৰে উপাৰ্জনমুখী কৰিব পাৰি তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱৰ এগৰাকী আদৰ্শ কৃষক তাজুদ্দিনে। প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণ নোহোৱা তাজুদ্দিনে প্ৰথমে মৰাপাটৰ ব্যৱসায় আৰম্ভ কৰে যদিও বৰপেটাৰোডৰ এগৰাকী সাৰৰ দোকানীয়ে তেওঁক ৰাসায়নিক সাৰৰ দোকান দিবলৈ উদ্গনি যোগোৱাত সাৰৰ দোকান আৰম্ভ কৰে। তাৰ পিছত লাহে লাহে দুই-এক বিঘাকৈ নিজৰ অনাদৃত মাটিত বেঙেনা, কবি, আলু, বিলাহীৰ খেতি কৰিবলৈ লয়। এই খেতিৰে লাভৱান হৈ তেওঁ গাওঁখনৰ ভিতৰত এগৰাকী আদৰ্শ খেতিয়ক হিচাপে পৰিচিত হয়। ইয়াৰ পিছতে যোৱা বৰ্ষৰ পৰা নতুনকৈ পানীলাউৰ খেতি আৰম্ভ কৰি বিগত বছৰতকৈ আৰু দুগুণ লাভৱান হ’বলৈ সক্ষম হয়। এইবেলিও তেওঁ ৪ বিঘা মাটিত উন্নত জাতৰ পানী লাউৰ খেতি কৰিছে। প্ৰতিটো লাউ ৩৫-৪০ টকা দৰত খেতিৰ পৰাই পাইকাৰী দোকানীৰ ওচৰত বিক্ৰী কৰি বৰ্তমান পৰ্যন্ত তেওঁ চাৰি লাখ টকাৰো অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। পানীলাউ বিক্ৰী কৰিয়েই তেওঁ বছৰটোত মুঠতে ৮-১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। কৃষক তাজুদ্দিনক অনুকৰণ কৰি গাঁওখনৰে প্ৰায় সকলো খেতিয়কে জলকীয়া, বেঙেনা আৰু পানীলাউৰ খেতি কৰি সীমিত মাটিতেই পৰিয়াল পোহপাল দিয়াৰ লগতে ধন সঞ্চয় কৰিবলৈয়ো সক্ষম হৈছে।
লিখক: আব্দুৰ ৰহমান, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020