শোণিতপুৰ জিলাৰ বেলশিৰি নৈৰ পাৰৰ এক বৃহৎ অঞ্চলত এতিয়া মাঁথো তৰমুজৰ খেতি। ধিৰাইমুখ, ধিৰাইমাজুলী, চিংৰি গুপ্তচৰ, বৰচলা আদি নৈপৰীয়া গাঁওসমূহৰ কৃষকে গাতে লাগি বৈ যোৱা বেলশিৰি নৈৰ পাৰৰ এহেজাৰ বিঘাতকৈও অধিক বালিচহীয়া পলসুৱা মাটিত বিগত তিনিবছৰে কৰি আহিছে তৰমুজৰ খেতি। জিলাখনত এই ৰসাল ফলবিধৰ খেতি তুলনামূলকভাৱে নতুন। এই বেলশিৰি নৈৰ পলসৰ সুবাদতেই অঞ্চলটোৰ কৃষকে তৰমুজৰ খেতিৰ জৰিয়তে উন্নীত কৰিবলৈ সক্ষম হৈছে জীৱন ধাৰণৰ মান।
অঞ্চলটোত তৰমুজৰ খেতি কৰি অহা হৈছে আজিৰ পৰা ৬-৭ বছৰ আগৰে পৰা। কিন্তু মূলত: কোচবিহাৰৰ পৰা আহৰণ কৰা বীজ আৰু কৃষি কৌশলেৰে তিনি বছৰমান আগৰ পৰা অঞ্চলটোৰ কৃষকসকলে আৰম্ভ কৰিছে বাণিজ্যিক ভিত্তিত তৰমুজৰ খেতি। ধিৰাইমুখৰ হাছেন আলি, বেঞ্চিমাৰীৰ মতিউৰ ৰহমান, মফিজউদ্দিন, বাবুল হুছেইন, নুৰ আহমেদৰ দৰে নিবনুৱা যুৱকসকল বিশেষভাৱে জড়িত হৈ পৰিছে এই তৰমুজ খেতিত। সৰস্বতী, আয়েচা, ৰেড ষ্টাৰ আৰু আগাষ্টা নামৰ জাতকেইবিধৰ খেতি কৰি প্ৰতিবিঘাত প্ৰায় ৬ হাজাৰ টকা উৎপাদন ব্যয়ৰ বিপৰীতে তেওঁলোকে আয় কৰে প্ৰায় ৩৫ হাজাৰকৈ টকা। জিলাখনৰ ভাঙা মন্দিৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ম: জাকিৰ হুছেইনে জনোৱা মতে বিজ্ঞানসন্মত পদ্ধতিৰে যদিহে এই খেতি কৰা হয় তেনেহ’লে প্ৰতিবিঘাত উৎপাদন ব্যয় হয় প্ৰায় ১১ হাজাৰ টকা। কিন্তু ইয়াৰ বিপৰীতে চলিত বজাৰ মূল্যত কৃষকসকলে আহৰণ কৰিব পাৰে-৬০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্য্যন্ত ধন। বৰ্তমান কৃষকসকলে পাইকাৰী ব্যৱসায়ীসকলক তৰমুজ বিক্ৰী কৰি আহিছে কিলোৱে প্ৰতি ৭ ৰ পৰা ১০ টকালৈকে। জাত লৈ তৰমুজৰ দাম বেলেগ বেলেগ। সৰস্বতী নামৰ জাতটোৰ মূল্য অধিক- এই জাতটোৰ ফল যথেষ্ট মিঠা আৰু ৰসাল। চাৰিমহীয়া শস্যকালৰ এই তৰমুজৰ খেতিত কৃষকসকলে ৮ ফুট ব্যৱধানত প্ৰতিটো গাঁতত বীজ সিঁচে ৪ টাকৈ। আগতীয়া খেতিৰ বাবে বীজ সিঁচে ডিচেম্বৰ মাহত। নিয়মীয়া খেতি হিচাপে জানুৱাৰীত। বেলশিৰি পাৰৰ এই তৰমুজ যায় ডিমাপুৰ, তিনিচুকীয়া, অৰুণাচল প্ৰদেশ আদিলৈ। এই লেখা যুগুতোৱাৰ পৰত নিতৌ ১৫-২০ ট্ৰাককৈ তৰমুজ নাগালেণ্ড, অৰুণাচল প্ৰদেশ আদিলৈ গৈ আছে। ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠেলামাৰাৰ পৰা কেহেৰুখন্দালৈ বিভিন্ন স্থানত তৰমুজ বিক্ৰী কৰি শতাধিক নিবনুৱাই স্ব-নিয়োজনৰ পথ মুকলি কৰিছে।
অঞ্চলটোত তৰমুজ খেতিৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা বা আত্মাৰ তৰফৰ পৰা ২০১৩-১৪ বৰ্ষৰ কৰ্ম আঁচনিৰ অধীনত প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ জৰিয়তে জিলাখনৰ নৈ পৰীয়া অঞ্চলসমূহত তৰমুজ খেতিৰ ব্যাপক সম্প্ৰসাৰণৰ চিন্তা কৰা হৈছে। ইয়াৰ জৰিয়তে জিলাখনৰ এনে অঞ্চলসমূহৰ গ্ৰাম্য নিৱনুৱা যুৱকসকলক কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰা তোলাটোও আন এক গুৰুত্বপূৰ্ণ লক্ষ্য।
লেখকৰ নাম: পংকজ শইকীয়া
শেহতীয়া উন্নীতকৰণ: : 6/21/2020