জাত :
জাপানী পদিনা আৰু স্থানীয় জাতসমূহ৷
জৈৱিক পদাৰ্থ সমৃদ্ধ পানী আবদ্ধ নোহোৱা পলসুৱা ৬.৫–৭.০ অম্লতাযুক্ত মাটি পদিনা খেতিৰ বাবে উপযুক্ত৷
ৰোপণ সামগ্ৰী
পদিনাৰ বংশ বৃদ্ধি সাধাৰণতে গা গছৰ পৰা ওলোৱা ডাল (runner) বা শিপা থকা মাতৃ গা-গছ ৰোলেই হয়৷
এক হেক্টৰ মাটিৰ বাবে ২.৫–৩.৫ কুইন্টল মান পদিনাৰ ডালৰ প্ৰয়োজন হয় ৷ ১২–১৫ চে:মিটাৰ দুৰত্বত মাটিত দীঘলে দীঘলে গাঁত কৰি পদিনা ৰোব লাগে ৷
শিপা পচা বেমাৰৰ বাবে পদিনা ৰোৱাৰ আগতে ডায়োথেন এম ৪৫ ঔষধৰ ১ শতাংশ শক্তিৰ মিশ্ৰণত ৰোৱাৰ আগতে পদিনা বোৰ ৫–১০ মিনিট মান তিয়াব লাগে ৷
পদিনা ৰোৱাৰ আগেয়ে ৩০ টন প্ৰতি হেক্টৰত পামজাত সাৰ (FYM) মাটিডোখৰত প্ৰয়োগ কৰি লব লাগে ৷ হেক্টৰে প্ৰতি ১৫০ কি:গ্ৰাম নাইট্ৰোজেন, ৮০ কি:গ্ৰাম ফছফৰাছ আৰু ৬০ কি:গ্ৰাম পটাছ সাৰৰ প্ৰয়োজন হয় ৷ ইয়াৰে নাইট্ৰোজেন সাৰখিনি একেবাৰে প্ৰয়োগ নকৰি কেইবা ভাগত ভাগ কৰিহে সময়ে সময়ে প্ৰয়োগ কৰিব লাগে ৷
পৰিচৰ্য্যা :
১ ৷ জলসিঞ্চন : কেতিয়াবা এদিন এৰি আন দিনা এইখেতিত জলসিঞ্চনৰ প্ৰয়োজন হয় বা কৰিব লাগে৷
২ ৷ অপতৃণ নিয়ন্ত্ৰণ : প্ৰত্যেকবাৰ পাত বা পোখা মেলাৰ পিছত বনবাতবোৰ নিৰায় পেলাব লাগে৷
শস্য চপোৱা :
পদিনা চপাওতে বিশেষ ভাবে যত্ন লব লাগে অন্যথা উৎপাদনত প্ৰভাৱ পৰিব৷
উৎপাদন :
জাপানী পদিনাৰ সেউজীয়া পাতৰ উৎপাদন প্ৰতি হেক্টৰত ২৪৮ কি:গ্ৰামলৈ পাব পাৰি ৷
শস্য ৰক্ষা : (জিৰা, চঁফ, মেঠিগুটি আৰু পদিনৰ)
উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।
শেহতীয়া উন্নীতকৰণ: : 6/28/2020