অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুখুৰীত আগতীয়াকৈ ভাঙোন মাছ পালন

পুখুৰীত আগতীয়াকৈ ভাঙোন মাছ পালন

অসমত অতি বিস্তৃতভাৱে পালন কৰিব পৰা মাইনৰ কাৰ্পসমূহৰ ভিতৰত অন্যতম হ’ল ভাঙোন মাছ। ভাঙোন মাছৰ কেইবাটাও প্ৰজাতি আছে যদিও লাবেও বাটা প্ৰজাতিটো অসমৰ জলবায়ৱীয় পৰিৱেশত পালনৰ অতি উপযোগী হিচাপে চিহ্নিত হৈছে। এইবিধ মাছৰ পোনাৰ পুচ্ছবৃন্তত এটা উজ্জ্বল, অৰ্ধ ঘূৰণীয়া ফোঁট থাকে। পাৰ্শ্বৰেখাৰ ওপৰৰ পঞ্চম আৰু ষষ্ঠ শাৰী বাকলিত ক’লা দাগ আছে। ওঁঠ কোচ খোৱা নহয় আৰু দাঢ়িয়ো স্পষ্ট নহয়। পুচ্ছ পাখিৰ দুটা অংশ সামান্য হলধীয়া ৰঙৰ।

ভাঙোন মাছ পালনৰ সুবিধাসমূহ হ’ল:

  • কম গভীৰতাৰ পানীতো অধিক ঘনত্বত পোনা মেলিব পাৰি।
  • বছৰেকত তিনি-চাৰিবাৰ এই মাছপালন কৰিব পাৰি।
  • এই মাছে প্ৰাকৃতিক আৰু পৰিপূৰক খাদ্য অতি সহজে গ্ৰহণ কৰে।
  • প্ৰাকৃতিক প্ৰতিচাপ যেনে- নিম্ন উষ্ণতা, প্ৰতিকূল বতৰকো নেওচি অনায়াসে প্ৰতি হেক্টৰ পানীকালিত ৪,০০০-৫,০০০ কি:গ্ৰা: মাছ উৎপাদন কৰিব পাৰি।

সাধাৰণতে এইটো পৰিলক্ষিত হৈছে যে ৰাজ্যখনত এপ্ৰিল, মে’, জুন এই তিনিমাহত স্থানীয়ভাৱে উৎপাদিত মাছৰ বজাৰৰ চাহিদা সৰ্বাধিক। এই সময়ছোৱাত পুখুৰী আৰু  জলাশয়সমূহত পানী থাকে বাবে আন মাছ পালন কৰি মে’-জুন মাহত বিক্ৰীৰ বাবে উপযুক্ত কৰি তুলিব পাৰি। সাধাৰণতে ৩-৫ শতাংশ দৈহিক হাৰত ভাঙোন মাছক দৈনিক পৰিপূৰক খাদ্য যোগান ধৰিলে তিনি মাহ পালন কালত বজাৰৰ উপযোগী মাছ উৎপাদন কৰিব পাৰি।

আন আন মাছ পালনৰ দৰে ভাঙোন মাছ পালনৰ বাবেও পুখুৰীটো সুন্দৰভাৱে প্ৰস্তুত কৰি ল’ব লাগে যাতে তাত কোনো ধৰণৰ চিকাৰী মাছ যেনে: শাল, শ’ল, চিতল, বৰালি, আঁৰি আদি মাছ নাথাকে। পানীৰ পৰিমাণ অনুকূল পৰিসৰত ৰাখি নিয়মিত পৰিপূৰক খাদ্য যোগান ধৰিলে প্ৰতিবিঘা পানীকালিত আগতীয়া ভাঙোন মাছ পালন কৰি তিনি মাহতে ৪০-৫০ হেজাৰ টকা আয় কৰিব পাৰি।

লিখকৰ নাম: ড সঞ্জয় শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate