কুকুৰা পালনৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ কৰি অতি কম খৰছত মাছ উৎপাদনৰ লগতে কুকুৰাৰ কণী উৎপাদন কৰাই এই পদ্ধতিৰ মূল উদ্দেশ্য ৷ কুকুৰাৰ মলত ১.৬০ শতাংশ নাইট্ৰ’জেন আৰু ০.৭০ ফচফৰাচ আৰু ০.৭ শতাংশ পটাছ থাকে ৷ সঠিক হাৰত কুকুৰাৰ মল প্ৰয়োগ কৰিলে পুখুৰীত সাৰ আৰু মাছৰ খাদ্য প্ৰয়োগৰ প্ৰয়োজন নেথাকে ৷ এই আৱৰ্জনাই মাছৰ প্ৰাকৃতিক খাদ্য সম্ভাৰ বৃদ্ধি কৰাৰ উপৰিও কুকুৰাক যোগান ধৰা খাদ্যৰ অৱশিষ্ট আৰু কুকুৰাৰ মল মাছে খাদ্য হিচাবেও গ্ৰহন কৰে ৷
যি কোনো উন্নত জাতৰ কণী পৰা কুকুৰা এই পদ্ধতিত পালনৰ উপযোগী ৷
কুকুৰাৰ সংখ্যা:
প্ৰতি হেক্টৰ পানী কালিৰ বাবে ৫০০-৬০০ টা কুকুৰাৰ প্ৰয়োজন ৷
পুখুৰী নিৰ্মাণ
১) নিম্নতম: ২ কঠা
২) উচ্চতম: ২ বিঘা
কুকুৰাৰ গঁৰাল
১)পুখুৰীৰ যি কোনো এটা চুকত গঁৰালটো নিৰ্মাণ কৰিব লাগে ৷
২)খেৰ, বাঁহেৰে অস্থায়ী ভাবে অথবা পকী খুটা, কাঠ, লো, এচবেষ্টচ আদিৰে স্থায়ী ভাবে গঁৰালটো নিৰ্মাণ কৰিব পাৰি ৷
৩)স্হায়ী আৰু অস্থায়ী উভয় ক্ষেত্ৰতেই মজিয়াখন ছিদ্ৰযুক্ত হোৱা উচিত ৷ অস্থায়ী গঁৰালৰ ক্ষেত্ৰত মজিয়া খন বাঁহৰ চিলিঙি আৰু স্থায়ী গঁৰালৰ ক্ষেত্ৰত লোৰ তাঁৰৰ চিলিঙি বা ছিদ্ৰযুক্ত লোহাৰ পাটেৰে সাজিব পাৰি ৷ মজিয়াৰ ছিদ্ৰসমূহ ৪.০০ – ৬.০০ বৰ্গ ছে: মি: আকাৰৰ হ’ব লাগে ৷
৪) প্ৰত্যেক কুকুৰাৰ বাবে ০.৩ – ০.৫ বৰ্গ মিটাৰ হিচাবত মজিয়াখন আহল-বহল হব লাগে ৷
৫) মজিয়া খন পানীৰ পৰা ১.০ মিটাৰ উচ্ছতাত থাকিব লাগে ৷ গঁৰালৰ উচ্ছতা মজিয়াৰ পৰা মুধচলৈ ৩.৬ মিটাৰ আৰু চটিলৈকে ২.৭২ মিটাৰ হব লাগে ৷
৬) গঁৰালটোত উপযুক্ত দুৱাৰৰ ব্যৱস্থা থাকিব লাগে ৷
৭) বেৰসমূহৰ তলফালে একতৃতীয়াংশ বতাহ সোমাব নোৱাৰা আৰু ওপৰৰ দুইতৃতীয়াংশ বতাহ চলাচল কৰিব পৰাকৈ চিলিঙি যুক্ত হ’ব লাগে ৷
৮) গঁৰাললৈ বিজুলী সংযোগ থকাটো বাঞ্চনীয় ৷
পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ
১) উষ‶তা: ২৬০ – ৩২০ চেলচিয়াচ
২) পিএইচ (pH): ৭.৫ – ৮.৫
৩) মুঠ ক্ষাৰকতা: ৭৫ – ১৫০ পি.পি.এম
৪) দ্ৰৱীভূত অম্লজান: ৫-১০ পি.পি.এম
৫) নাইট্ৰেট: ০০০
৬) ফচফেট: ০০০
৭) মুক্ত এমাৰ: ০.১ – ১.০ পি.পি.এম
৮) আৱিলতা: ২০ পি.পি.এমতকৈ কম
৯) কঠিনতা: ২০ পি.পি.এমতকৈ বেছি
পুখুৰীৰ প্ৰস্তুতি
১)জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই লব লাগে ৷
২)তলিখন শুকাই ফাটিলে তলিৰ বোকা খান্দি এতৰপ উঠাই দিব লাগে ৷
৩)তাৰ পিচত প্ৰতি হেক্টৰত ৫২৫ কি: গ্ৰা: হাৰত কৃষিত ব্যৱহৃত চূণ পুখুৰীৰ তলিত চতিয়াই দিব লাগে ৷
৪) পুখুৰীত পানী জমা হোৱাৰ পিচত প্ৰতি হেক্টৰত ২০০০ কি: গ্ৰা: হাৰত কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷
৫)গোৱৰ প্ৰয়োগৰ অতি কমেও ৭ দিন পিচত হেক্টৰত ২৫ কি: গ্ৰা: হাৰত ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷
৬)ইউৰীয়া প্ৰয়োগৰ দিনাই প্ৰতি হেক্টৰত ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSP) প্ৰয়োগ কৰিব লাগে ৷
৭)ৰাসায়নিক সাৰ প্ৰয়োগৰ ১৫ দিন পিচত পুখুৰীটো পোণা মোলাৰ বাবে প্ৰস্তুত হৈ উঠে৷
১)আগৰ বছৰৰ পোণাহে মূল পুখুৰীত মেলা উচিত ৷
২)চিলভাৰ কাৰ্পৰ ক্ষেত্ৰত নতুন পোণাও মূল পুখুৰীত মেলাৰ উপযোগী ৷
৩)পুখুৰীত মেলাৰ সময়ত পোণাৰ ওজন অতি কমেও ৫০ গ্ৰা: হোৱাটো বাঞ্চনীয় ৷
মাছ পোণাৰ সংমিশ্ৰণ
এই পদ্ধতিত হেক্টৰে প্ৰতি সৰ্বমুঠ ৫০০০-৫৫০০ পোণা মেলিব লাগে ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ সম্পূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে তলত দিয়া ধৰণে পোণাৰ সংমিশ্ৰণ কৰিব পাৰি৷
১) তিনি প্ৰজাতিৰ সংমিশ্ৰণ
প্ৰজাতি |
শতকৰা হাৰ |
ৰৌ | ৪০ |
বাহু | ৩০ |
মিৰিকা | ৩০ |
মুঠ | ১০০ |
২) চাৰি প্ৰজাতিৰ সংমিশ্ৰণ
প্ৰজাতি | শতকৰা হাৰ |
ৰৌ | ৩৫ |
বাহু | ২৫ |
মিৰিকা | ২০ |
কমন কাৰ্প | ২০ |
মুঠ | ১০০ |
৩) ছয় প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি | শতকৰা হাৰ |
চিলভাৰ কাৰ্প | ২০ |
বাহু | ১৫ |
ৰৌ | ১৫ |
গ্ৰাছ কাৰ্প | ১০ |
মিৰিকা | ২০ |
কমন কাৰ্প | ২০ |
মুঠ | ১০০ |
৪) সাত প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি | শতকৰা হাৰ |
চিলভাৰ কাপ | ১৮ |
বাহু | ১৪ |
ৰৌ | ১৪ |
গ্ৰাছ কাৰ্প | ৯ |
জাভা পুঠি | ৯ |
মিৰিকা | ১৮ |
কমন কাৰ্প | ১৮ |
মুঠ | ১০০ |
পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম
১)অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয়৷
২)মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয়৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত৷
৩)অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ‶তা আৰু পুখুৰীৰ পানীৰ উষ‶তা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে৷
গঁৰাললৈ কুকুৰাৰ পোৱালী অনাৰ এমাহৰ পিচত পুখুৰীত মাছৰ পোণা মেলিব লাগে৷
কুকুৰাৰ প্ৰতিপালন
এই পদ্ধতিত ৬ – ৮ সপ্তাহ বয়সৰ কুকুৰা পোৱালী গঁৰাললৈ আনিব লাগে৷ পুখুৰীত মাছৰ পোণা মেলাৰ ৩০ দিন আগতে গঁৰাললৈ কুকুৰাৰ পোৱালী আনিব লাগে৷
কুকুৰাৰ পোৱালীৰ বয়স অনুযায়ী বেলেগ বেলেগ পুষ্টিমূল্যৰ খাদ্য যোগান ধৰা উচিত ৷
পোৱালীৰ খাদ্য
আঠ (৮) সপ্তাহ বয়সলৈকে ২১-২২% প্ৰ’টিন যুক্ত ‘শ্বিক মেছ’ খুৱাব লাগে৷ প্ৰতিটো পোৱালীক দৈনিক ৪০-৪৫ গ্ৰাম খাদ্য ৩-৪ বাৰত ভগাই দিব লাগে ৷
বাঢ়নৰ খাদ্য
ওঠৰ (১৮) সপ্তাহ বয়সলৈকে ১৫-১৬% প্ৰ’টিন যুক্ত ‘গ্ৰোৱাৰ্চ মেশ্ব’ খোৱাব লাগে৷ প্ৰতিটো কুকুৰাক দৈনিক ৫০-৭০ গ্ৰাম খাদ্য ৫-৬ বাৰত ভগাই দিব লাগে৷
কণী পৰা কুকুৰাৰ খাদ্য: ওঠৰ সপ্তাহ বয়সৰ পিচত ১৮-১৯% প্ৰ’টিন যুক্ত ‘লেয়াৰ্চ মেশ্ব’ নামৰ খাদ্য খুৱাব লাগে ৷ প্ৰতিটো কুকুৰাক দৈনিক ১২০-১২৫ গ্ৰাম খাদ্য ৩-৪ বাৰত ভগাই খুৱাব লাগে ৷
কুকুৰাৰ খাদ্য শ্বিক ফিডাৰ নামৰ আহিঁলাত যোগান ধৰিব লাগে ৷ খাদ্য যোগানৰ সময়তে ড্ৰিংকাৰ নামৰ আঁহিলাত বিশুদ্ধ খোৱা পানী যোগান ধৰিব লাগে ৷
কুকুৰাৰ কণী পৰাৰ ক্ষমতা পোহৰৰ ওপৰত নিৰ্ভৰশীল ৷ বয়স ২০ সপ্তাহত প্ৰৱেশ কৰাৰ লগে লগে গঁৰালত পোহৰৰ ব্যৱস্হা কৰিব লাগে৷ বিজুলী বাতি বা হাৰিকেন লেম্পৰ সহায়ত কুকুৰাৰ গঁৰালত পোহৰৰ ব্যৱস্থা কৰিব পাৰি ৷ বয়স অনুযায়ী পোহৰৰ প্ৰয়োজনীয়তা তলৰ তালিকাত দিয়া হৈছে ৷
কণী পৰা কুকুৰাৰ গঁৰালত বয়স অনুযায়ী প্ৰয়োজনীয় পোহৰৰ মাত্ৰা৷
বয়স (সপ্তাহ) |
পোহৰ (ঘন্টা) |
আন্ধাৰ (ঘন্টা) |
মন্তব্য |
২০ |
১৪.০০ |
১০.০০ |
১৯ সপ্তাহ বয়সলৈকে দিনৰ পোহৰেই যথেষ্ট ৷ |
২২ |
১৪.৩০ |
০৯.৩০ |
|
২৪ |
১৫.০০ |
০৯.০০ |
|
২৬ |
১৫.৩০ |
০৮.৩০ |
|
২৮ |
১৬.০০ |
০৮.০০ |
৩৪ সপ্তাহ বয়সৰ পৰা পোহৰৰ মাত্ৰা একে ৰাখিব লাগে ৷ |
৩০ |
১৬.৩০ |
০৭.৩০ |
|
৩২ |
১৭.০০ |
০৭.০০ |
|
৩৪ |
১৭.৩০ |
০৬.৩০ |
গঁৰালটো পৰিষ্কাৰ পৰিছন্নকৈ ৰখাটো কুকুৰাক ৰোগ প্ৰতিৰোধক প্ৰাথমিক ব্যৱস্থা৷ গঁৰালত সোমাওতে পটাছ পানী নাইবা ফেনাইল পানীৰে হাত-ভৰি ধুই লব লাগে৷ গঁৰালৰ মজিয়া সময়ে সময়ে লোৰ বুৰুজেৰে পৰিষ্কাৰ কৰিব লাগে৷ খাদ্য আৰু পানী যোগান পাত্ৰ প্ৰতি দিনে ধুব লাগে৷
ভাইৰাচ, বেক্টেৰিয়া, ভেঁকুৰ, আদ্য প্ৰাণী আৰু কৃমিয়ে কুকুৰাৰ নানান ৰোগ সৃষ্টি কৰে৷ ৰাণীখেট, ফউল প’ক্স, লেৰিংগোট্ৰেক্টাইটিচ, মাৰেক্স আদি কুকুৰাৰ প্ৰধান ভাইৰাচজনিত ৰোগ৷ এই ৰোগৰ প্ৰতিষেধক হিচাবে সময়মতে ছিটা দিব লাগে৷ এচ্পাৰগিল’চিচ আৰু এফ্লাট’ক্সিক’চিচ ভেঁকুৰে সৃষ্টি কৰা প্ৰধান ৰোগ৷ ভেকুৰজনিত ৰোগৰ হাত সাৰিবলৈ গঁৰালটো ফিউমিগেট (Fumigate) কৰিব লাগে৷ ককচিডিঅ’চিচ নামৰ আদ্যপ্ৰাণীজনিত ৰোগৰ হাত সাৰিবলৈ গঁৰালটো পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷ কৃমিৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ মাহেকত এবাৰ কৃমিনাশক দৰৱ খুৱাব লাগে৷ কুকুৰাৰ ৰোগ প্ৰতিৰোধৰ বাবে নিয়মিত ভাবে পশুচিকিৎসকৰ পৰামৰ্শ লব লাগে৷
১০ আৰু ১৮ সপ্তাহ বয়সত কুকুৰাৰ ঠোঁট কটাব লাগে ৷ এই কামত পশু চিকিৎসকৰ সহায় লোৱা উচিত ৷
কুকুৰাৰ কণী সংগ্ৰহৰ ব্যৱস্থা
কুকুৰাই ১৮-২০ সপ্তাহ বয়সত কণী পাৰিবলৈ আৰম্ভ কৰে ৷ ২২ সপ্তাহৰ পৰা কণীৰ উৎপাদন নিয়মীয়া হয় ৷ প্ৰতি ৫-৬ জনী কুকুৰাৰ বাবে ৩০.৫০ x ৩০.৫০ x৩০.০০ ছে: মি: আকাৰৰ একোটা কণী পৰা বাকচ গঁৰালত ৰাখিব লাগে ৷ কুকুৰাই সাধাৰণতে দিনত কণী পাৰে ৷ দিনটোত দুবাৰকৈ কণী সংগ্ৰহ কৰিব লাগে ৷
গঁৰালৰ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ:
১)প্ৰতি দিনে ৰাতিপুৱা গঁৰালৰ মজিয়াখন সাৰি সকলো আৱৰ্জনা পুখুৰীত পৰিব দিব লাগে ৷
২)মাজে সময়ে পুখুৰীত জমা হোৱা আৱৰ্জনাৰ দ’মটো ঘোন্দালি ভাঙি দিব লাগে ৷
৩)পুখুৰীত উদ্ভিদ প্লৱকৰ অতিচাৰ বৃদ্ধি পৰিলক্ষিত হ’লে গঁৰালৰ মজিয়াৰ তলত চ’টি বা প’লিথিন স্ক্ৰীন আৰি দি গঁৰালৰ আৱৰ্জনা পুখুৰীত পৰাটো সাময়িকভাবে বন্ধ কৰিব লাগে ৷
পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ
১)এই পদ্ধতিত পানীৰ pH ৰ উত্থান-পতন অতি সঘনে হব পাৰে ৷ সেয়েহে, পানীৰ pH নিয়ন্ত্ৰণ কৰাটো নিতান্তই জৰুৰী৷
২)পানীৰ pH নিয়ন্ত্ৰণ কৰিবলৈ পুখুৰীত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰা: কৃষিত ব্যৱহৃত চূণ প্ৰয়োগ কৰিব লাগে৷
প্ৰতি হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ সঞ্চালন ব্যয়ৰ বিপৰীতে সাম্ভাব্য আয়ৰ হিচাব তলৰ তালিকাত দিয়া হ’ল৷
তালিকৰ পৰা দেখা যায় যে এই পদ্ধতিত এক হেক্টৰ পানী কালিত মীন পালন কৰিবলৈ সৰ্বমুঠ ৮২,০০০.০০ টকাৰ প্ৰয়োজন৷ এবছৰ পালনৰ পিচত ৪,০০০.০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায় ৷ প্ৰতি কি: গ্ৰা: মাছ গড়ে ৫০.০০ হাৰত বিক্ৰী কৰি ২,০০,০০০০.০০ টকা পাব পাৰি ৷
অৰ্থাৎ, ৮২,০০০.০০ টকা সঞ্চালন ব্যয়ৰ বিপৰীতে ১,১৮,০০০.০০ টকা লাভ কৰিব পাৰি ৷ এই লাভ সঞ্চালন ব্যয়ৰ ১৪৩.৯০%৷
সঞ্চালন ব্যয় |
|||
খৰছৰ শিতান |
পৰিমাণ/সংখ্যা |
হাৰ |
খৰছ (টকা) |
চূণ |
২০০০ কি: গ্ৰা: |
৫.০০/কি: গ্ৰা: |
১০০০০.০০ |
কেঁচা গোৱৰ |
২০০০ কি: গ্ৰা: |
০.৫০/কি: গ্ৰা: |
১০০০.০০ |
পোণা |
৫০০০ টা |
৫.০০/ পোণা |
২৫০০০.০০ |
খাদ্য |
২০০০ কি: গ্ৰা: |
১০.০০/ কি: গ্ৰা: |
২০০০০.০০ |
বনুৱা |
১ জন |
২০০০.০০/ মাহ |
২৪০০০.০০ |
মাছ ধৰা খৰছ |
- |
- |
১০০০.০০ |
অন্যান্য খৰছ |
- |
- |
১০০০.০০ |
সৰ্বমুঠ খৰছ |
|
|
৮২০০০.০০ |
আয় |
|||
আয়ৰ শিতান |
পৰিমাণ/সংখ্যা |
বিক্ৰীৰ হাৰ |
আয় (টকা) |
মাছ |
৪০০ কি: গ্ৰা: |
৫০.০০/ কি: গ্ৰা: |
২০০০০০.০০ |
সৰ্বমুঠ আয় |
|
|
২০০০০০.০০ |
ব্যয় আৰু আয়ৰ বিশ্লেষণ
এক হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ এখন এট্ৰেপ্ৰিউনাৰশ্বিপ আঁচনিৰ ব্যয় আৰু আয়ৰ বিশ্লেষণ তলত দিয়া হ’ল ৷ এই বিশ্লেষণৰ পৰা দেখা যায় যে আচঁনি খন ৰূপায়নৰ বাবে ২,৪১,০০০.০০ টকা মূলধন আৰু সঞ্চালন ব্যয়ৰ বাবে ৮২,০০০.০০ টকা, সৰ্বমুঠ ৩,২৩,০০০.০০ টকাৰ প্ৰয়োজন ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 3/5/2020
অসমীয়া সমাজ-সংস্কৃতিত মাছ
আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিক...
কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জাৰ প্ৰস্তুত প্ৰণালী
অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা