এই পদ্ধতিত মাটিডৰাৰ চাৰিওফালে আৱেষ্টনী স্থাপন কৰি বাওঁ ধানৰ সমন্বয়ত মীন পালন কৰা হয় ৷
১) এই পাম পদ্ধতিৰ বাবে অতি কমেও ০.১ হেক্টৰ (৪ কঠা) ধাননি পথাৰৰ মাটিৰ প্ৰয়োজন৷
২) মাটিডৰা দ আৰু লোমী বা বোকা লোমী বয়ন সম্পন্ন হ’ব লাগে ৷ ধান খেতিৰ সময়ত মাটি ডৰাত কমেও ১.২ মিটাৰ পানী থকা উচিত৷ বান আক্ৰান্ত অঞ্চলতো এই পদ্ধতিত অৱলম্বন কৰিব পাৰি যদিও ৪ – ৫ মিটাৰ পানী হোৱা মাটি উপযুক্ত নহয়৷
৩) মাটিডৰাৰ চাৰিওফালে বাহৰ বানৰ আৱেষ্টনী স্থাপন কৰিব লাগে ৷ তলৰ চিত্ৰত বাহৰ বান আৰু আৱেষ্টনী স্থাপন কৰাৰ পিচত পথাৰডৰাৰ সাম্ভাব্য ছৱি দেখুওৱা হৈছে ৷
বাও
১) ফেব্ৰুৱাৰী-মাৰ্চ মাহত মাটিডৰা ৩-৪ বাৰ হাল বাই মৈ দি প্ৰস্তুত কৰি লব লাগে ৷
২) নিৰ্বাচিত ধানৰ শোধিত বীজ প্ৰতি হেক্টৰত ৭৫ কি: গ্ৰা: হাৰত ২০ ছে: মি: ব্যৱধানত সিঁচিব লাগে ৷
৩) বীজ সিঁচাৰ ৫-৭ দিন পিচত প্ৰতি হেক্টৰত ৩০ কি: গ্ৰা: হাৰত (প্ৰতি বিঘাত ৪ কি: গ্ৰা: )কাৰ্বফুৰাণ দৰৱ প্ৰয়োগ কৰিব লাগে ৷
৪) ধানে পোখা মেলাৰ সময়ত ৪% ইউৰীয়া টপ ড্ৰেছিং কৰিব লাগে ৷
৫) সময় মতে নিৰণি কৰা উচিত ৷
৬) জুন-জুলাই মাহত আহু ধান চপাব পাৰি ৷
পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ
১) |
উষ্ণতা: | ২৬০ – ৩২০ চেলচিয়াচ |
২) | পিএইচ (pH): | ৭.৫ – ৮.৫ |
৩) | মুঠ ক্ষাৰকতা: | ৭৫ – ১৫০ পিপিএম |
৪) | দ্ৰৱীভূত অম্লজান: | ৫-১০ পিপিএম |
৫) | নাইট্ৰেট: | ০০০ |
৬) | ফচফেট: | ০০০ |
৭) | মুক্ত এঙাৰ: | ০.১ – ১.০ পিপিএম |
৮) | আৱিলতা: | ২০ পিপিএমতকৈ কম |
৯) | কঠিনতা: | ২০ পিপিএমতকৈ বেছি |
ধাননি পথাৰৰ পানীত সংমিশ্ৰিত পদ্ধতিৰে মীন পালন কৰা হয় ৷ পথাৰডৰাৰ মুঠ মাটি কালি বিবেচনা কৰি হেক্টৰে প্ৰতি সৰ্বমুঠ ৬০০০-৮০০০ পোণা মেলিব লাগে ৷ পোণা সংমিশ্ৰণৰ হাৰ তলৰ তালিকাত দিয়া হৈছে ৷
বৰ্ষ কালীন ধান-মাছ পাম পদ্ধতিত মাছ পোণা সংমিশ্ৰণৰ হাৰ
প্ৰজাতি |
শতকৰা হাৰ |
প্ৰতি হেক্টৰত |
প্ৰতি বিঘাত |
ৰৌ |
২৫ |
২০০০ |
২৮০ |
বাহু |
১০ |
৮০০ |
১১২ |
মিৰিকা |
২০ |
১৬০০ |
২২৪ |
চিলভাৰ কাৰ্প |
২০ |
১৬০০ |
২২৪ |
কমন কাৰ্প |
২৫ |
২০০০ |
২৮০ |
মুঠ |
১০০ |
৮০০০ |
১১২০ |
পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম:
১) অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয়৷
২) মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয়৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত৷
৩) অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে ৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে
পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম
খাদ্য যোগান : পোণা মেলাৰ তৃতীয় দিনাৰ পৰা মাছক বাবে খাদ্য যোগান ধৰিব লাগে ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰ, যোৰহাটতত প্ৰস্তুত কৰা মাছৰ সুষম খাদ্য ‘সুষমা’ যোগানৰ নিৰিখ তলৰ তালিকাত দিয়া হৈছে ৷ খাদ্য বস্তাত ভৰাই ধাননিৰ মাজত খুটি পুতি ওলোমাই দিব লাগে৷
মাছক সুষম খাদ্য যোগানৰ নিৰিখ
মাহ |
খাদ্যৰ পৰিমাণ (কি: গ্ৰা: /দিন) |
|
বিঘা হিচাপত |
হেক্টৰ হিচাপত |
|
মাৰ্চ -এপ্ৰিল (১ম মাহ) |
০.২৮ |
২.০০ |
এপ্ৰিল – মে (২য় মাহ) |
০.৩৫ |
২.৫০ |
মে – জুন (৩য় মাহ) |
০.৪০ |
৩.০০ |
জুন – জুলাই (৪ৰ্থ মাহ) |
০.৫৬ |
৮.০০ |
জুলাই - আগষ্ট (৫ম মাহ) |
০.৯০ |
৫.০০ |
আগষ্ট- চেপ্তেম্বৰ (৬ষ্ঠ মাহ) |
০.৭২ |
৬.০০ |
চেপ্তেম্বৰ-অক্টোবৰ (৭ম মাহ) |
০.৯৮ |
৭.০০ |
অক্টোবৰ-নভেম্বৰ (৮ম মাহ) |
১.১২ |
৮.০০ |
নভেম্বৰ- ডিচেম্বৰ (৯ম মাহ) |
১.১২ |
৮.০০ |
ডিচেম্বৰ-জানুৱাৰী (১০ মাহ) |
১.১২ |
৮.০০ |
জানুৱাৰী-ফেব্ৰুৱাৰী (১১শ মাহ) |
১.১২ |
৮.০০ |
পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ :
১)চূণ প্ৰয়োগ কাৰ্যকৰী নহয় ৷
২)পানীৰ ৰং গাঢ় সেউজীয়া অথবা পানীৰ ওপৰত চামনিৰ আবিৰ্ভাৱ হলে সাৰ আৰু খাদ্য প্ৰয়োগ সাময়িক ভাবে বন্ধ ৰাখিব লাগে৷
মাছ প্ৰগ্ৰহন
১)নবেম্বৰ-ডিচেম্বৰ মাহত ধান কটাৰ পিচত সকলো মাছ ধৰি পেলাব লাগে ৷
সঞ্চালন ব্যয় আৰু আয়
আৱেষ্টনী পদ্ধতিত সমন্বিত ধান-মাছ পালন কৰি প্ৰতি হেক্টৰত বছৰি ৩৫০০ কি: গ্ৰা: ধান, ২৫০০ কি: গ্ৰা: খেৰ আৰু ৮০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায়৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 3/23/2020
অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ
আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিক...
অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা
কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জাৰ প্ৰস্তুত প্ৰণালী